আমি সকলোবোৰ বাৰু একেনে ? বৰ্তমান আধুনিক সময়ত আধুনিকতাৰে পৰিপূৰ্ণ শিশুৰ পৰা কৈশোৰলৈ, আদবয়সীয়াৰ পৰা বয়সীয়ালৈ আমাৰ সকলোৰে বাৰু সাদৃশ্য আছেনে? মুখেৰে আছে বুলি বা নাই বুলি ক’লেও আমি ইয়াৰ উত্তৰ আমাৰ কামবোৰেৰে নিশ্চয় পাওঁ। যি সময়ত এখন গাঁৱত এটা ৰেডিঅ’ শুনিবলৈ সকলো মানুহ একগোট হৈছিল সেই মানুহবোৰে এতিয়া হাতে হাতে পৃথিৱীখন লৈ ফুৰা হ’ল। আমি বাৰু এতিয়া পাৰিমনে সেই এটা ৰেডিঅ’ সময়ত গৈ দিন কটাব ? আমি মানুহবোৰৰ দিনক দিনে চিন্তা শক্তিবোৰ দাৰ্শনিক দৃষ্টি ভংগীৰ পথত অগ্ৰসৰ হৈছে। সেয়ে আজিৰ পৰা দহ বছৰ আগতে দুবেলা দুসাজ খাই জীয়াই থাকিবলৈ ইচ্ছা কৰা ব্যক্তিজনে আজি তেওঁৰ কুৰি বছৰীয়া সন্তানৰ নামত ভৱিষ্যত প্ৰজন্মলৈ চক্ৰবৃদ্ধি সুত পোৱা ঠাইত টকা সঞ্চয় কৰিবলৈ লৈছে। এতিয়া জন্মদিন বুলি ৰাতিপুৱা শৰাইখন দিয়াৰ আগতেই ৰাতিপুৱা মোবাইলটো চাওঁতে হোৱাটচাপত ষ্টেটাচটো দিয়াৰহে সময় আহিল, ষ্টেটাচ দিয়াবোৰ অলপ বেছি মৰমীয়াল যেন লগা হ’ল । চাকিৰ পোহৰ আৰু বিচনিৰ বতাহত পঢ়ি শিক্ষিত হোৱা মানুহজনৰ সন্তানে আজি ফেনখনতে সন্তুষ্ট নাথাকি এ.চি লৈ চিন্তা কৰি থকা হ’ল। এটা চাকিৰ পোহৰত তিনিটা চাৰিটা ল’ৰা ছোৱালীয়ে এতিয়া একেলগে পঢ়া কথাবোৰ এতিয়া সাধু।
সামাজিক মাধ্যমৰ সুবিধাসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমাৰ বয়োজষ্ঠসকলৰ পৰা শিশু সকললৈ কোনো পিছ পৰি নাথাকিল। প্ৰায় ২.৯ বিলিয়ন (গুগলৰ তথ্য অনুসৰি) ফেচবুক একাউণ্টৰ ভিতৰত আমাৰ ককা আইতাহঁতো তাৰ অংশীদাৰ হ’ল। তেওঁলোকে নৱপ্ৰজন্মৰ সৈতে এই যুগত সুন্দৰকৈ খাপ খাই গ’ল। কিন্তু এই নৱপ্ৰজন্মই বাৰু পাৰিবনে তেওঁলোকৰ যুগত সময় পাৰ কৰিবলৈ, তেওঁলোকে খেলা কচুগুটিৰ দৰে খেলবোৰ খেলি সময় পাৰ কৰিবলৈ? তামোল গছৰ সৰি যোৱা পাতৰ গাড়ীখন, তামোল গছেৰে বনোৱা ঢেকিটো আৰু নাৰিকলৰ পাতৰে বনাই পিন্ধা ঘড়ীকেইটাৰ দৰে বস্তুবোৰেও যে এটা প্ৰজন্মৰ শৈশৱ সোণোৱালী কৰিব পাৰে সেয়া এতিয়া ভাবিলে আচৰিত যেন লাগে। তথাপিও সেই প্ৰজন্মৰ শিশুসকলেও এতিয়াৰ শিশুসকলৰ লগতো ঠিকেই মিলি গৈছে। এনেকুৱা ধৰণৰ কথাবোৰৰ ক্ষেত্ৰত সকলোবোৰ কামৰে একোটা যুগ, একোটা সময় আৰু একোটা পৰিস্থিতি থাকে। ‘মানুহ পৰিস্থিতিৰ দাস’ কথাষাৰ অনুসৰি সকলো মানুহেই চলিত সময়ৰ গতিৰ সৈতে খোজ মিলাই খোজ দিয়ে, আৰু সেয়ে হয়তো মানুহবোৰৰ শিপা বেলেগ বেলেগ সময়ৰ হ’লেও আমি সকলো এতিয়া একেই মাটিৰে বাসিন্দা। আচলতে আগৰ সময় বা এতিয়াৰ সময় বুলি কোনো কথা নাই, অতীতৰ স্মৃতিবোৰে আমাক আনন্দহে দিয়ে কিন্তু বৰ্তমানৰ আৰামদায়ক জীৱন অতিবাহিত কৰাৰ পৰিবৰ্তে অন্য এক পৰিৱেশৰ সৈতে আমি কেতিয়াও সহজে খাপ খাব নোৱাৰোঁ। বৈজ্ঞানিক উদ্ভাৱনবোৰৰ বাবে হোৱা আমাৰ চহকী মন আৰু জীৱনৰ মাজত আমাৰ আধুনিকতাৰ জীৱনটো এনেদৰে মিলিত হৈ গ’ল যে এতিয়া আৰু ইয়াৰ পৰা ওলোৱাটো আমাৰ পক্ষে অসম্ভৱ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
Bhut dhunia likhisa