আঘোণক শুভ্ৰ সাজেৰে সাৱটি ৰখা কুঁৱলীৰ মাজে মাজে গছ – গছনিত ওলমি থকা নিয়ৰৰ সৰু সৰু টোপালাবোৰ পুৱাৰ ৰ’দৰ চমকণিত মুকুতাৰ দৰে চিকমিকাই উঠে। আঘোণ হ’ল খেতিয়কৰ সপোন দিঠকত পৰিণত কৰা এটি মাহ । আঘোণে প্ৰতিজন কৃষকৰ মুখলৈ হাঁহি আৰু মনলৈ আনে নতুন আশা, উৎসাহ-উদ্দিপনা। কাতি মাহত সেউজী পথাৰত চাকি – বন্তি জ্বলোৱাৰ পিছত আঘোণ মাহত আমি সোণগুটিৰে ভৰা সোণোৱালী পথাৰ দেখিবলৈ পাওঁ। কাতিৰ কঙালীৰ অন্তত খেতিয়কৰ মুখত হাঁহি বিৰিঙাই আঘোণে লৈ আহে সোণগুটিৰে শোভিত পথাৰ। আঘোণে কঢ়িয়াই আনে প্ৰতিজন খেতিয়কৰ কষ্টৰ বিনিময়ৰ উপহাৰৰ লগতে জীৱন-ধাৰণ কৰাৰ একমাত্ৰ লাখুটিডাল। আঘোণ মাহৰ এই সোণগুটিক উদ্দেশ্য কৰিয়েই এক বিশেষ কৃষিভিত্তিক উৎসৱৰ আয়োজন কৰা হয় আৰু সেই উৎসৱটোৰেই নাম হ’ল ন – খোৱা । পথাৰৰ ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সকলোৱে মিলি এসাঁজ ভোজ-ভাত খোৱা কাৰ্যটোকেই ন-খোৱা বুলি কোৱা হয়। ন-খোৱা উৎসৱটো ক’ত কেতিয়া আৰু কেনেকৈ সৃষ্টি হ’ল সেই বিষয়ে সঠিককৈ কোৱা টান। কাৰণ পৰম্পৰাগত ভাৱে বছৰ বছৰ ধৰি এই নিয়ম চলি আহি আছে। কৃষিভিত্তিক সমাজ জীৱনত যিহেতু সকলো মানুহেই পৰস্পৰ নিৰ্ভৰশীল গতিকে কৃষি কাৰ্যত শস্য ৰক্ষা কৰাৰ বাবে ইজনে-সিজনক সহায়-সহযোগিতা কৰাটো অপৰিহাৰ্য । আঘোণ মাহত পথাৰত কষ্ট কৰি আজৰি হোৱাৰ পাছত নতুন চাউলেৰে সকলোৱে মিলি ন – খোৱা পৰম্পৰাগত উৎসৱটোৱে কৃষিকাৰ্যত জড়িত সকলোৰেই একতাৰ কথাকেই বুজায়।
ন-খোৱা সাধাৰণতে এক আনন্দদায়ক উৎসৱ। বিশেষকৈ উজনি অসমৰ ফালে ন- খোৱা উৎসৱটো বেছ আয়োজনৰ সৈতে উপভোগ কৰা দেখা যায়। ন-খোৱা উৎসৱৰ কাৰণে এটা শুভ দিন চাই প্ৰথমে নামঘৰতে সমূহিয়াকৈ ন-খোৱাৰ আয়োজন কৰা হয়। নামঘৰত ন-খোৱাৰ দিনা গাঁৱৰ সকলো মানুহ নামঘৰলৈ যায় আৰু কীৰ্তন পাঠ কৰি ভগৱানক সেৱা জনায়। নামঘৰত ন খাওঁতে নতুন চাউলৰ পায়স আৰু প্ৰসাদ দিয়া হয়। ঠিক তেনেদৰে নামনি অসমৰ ফালেও প্ৰতিঘৰ মানুহৰ পথাৰৰ ধান কটাৰ দিনা সকলো পুৰুষ মানুহে লগ হৈ ধান কাটে আৰু ধান দাই শেষ হ’লে ৰাতিলৈ গৃহস্থৰ ঘৰত সকলোৱে ৰ্ং-ধেমালি কৰি ভোজ ভাত খায়। সেই কটা ধানৰ চাউল উলিওৱাৰ পাছত মন্দিৰত চাকি জ্বলাই শৰাইৰ আগবঢ়াই গুৰুসেৱা কৰি সকলোৱে মিলি মাছে – মঙহে তৃপ্তিৰে এসাঁজ খায়। তাৰোপৰি কিছুমান প্ৰচলিত নিয়ম অনসৰি ন-খোৱাৰ দিনা গৃহস্থৰ ভাগিন-ভাগিনী উপস্থিত থকাটো একপ্ৰকাৰ বাধ্যতামূলক। ভাগিন-ভাগিনীক ভালকৈ ন খুৱালে আই লখিমী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদূলিমুখত কলপুলিও পোতা দেখা পোৱা যায়। যোৰহাট নগৰৰ কাষৰীয়া শ্ৰীশ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ বৰভেটিত আঘোণ মাহৰ কোনো এটা দিনত ন-খোৱা উৎসৱ উদ্যাপন কৰা হয়। অগণনলোকে এই উৎসৱত ভাগ লৈ একেলগে ন-চাউলৰ জুতি লয়। ন-খোৱা উৎসৱৰ লগত জড়িত আন এক পৰম্পৰা হ’ল- আঘোণ মাহৰ চুঙা পিঠা। অসমীয়া লোক-সামাজত প্ৰচলিত বিশ্বাসৰ ভিতৰত এটা হ’ল আঘোণ মাহত প্ৰতি জন অসমীয়াই নতুন চাউলেৰে বনোৱা চুঙা পিঠা খাব লাগে।
এনেদৰেই বিভিন্ন ধৰণৰ ৰীতি নীতিৰে আঘোণে লৈ আহে মাঘ বিহুৰ ভোগালীৰ আগজাননী । কিন্তু বৰ্তমান সময়ৰ পৰিবৰ্তিত গতিত সোণোৱালী আঘোণৰ এই পৰম্পৰাবোৰ মানুহৰ মনত আগতকৈ কিছু পৰিমাণে হ’লেও পাহৰণি পথত আগবঢ়াৰ দৰে পৰিলক্ষিত হৈছে।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]