Monday, June 16

পৰীক্ষা জৰুৰী নে নম্বৰ

পৰীক্ষা হ’ল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জ্ঞান জুখি চোৱাৰ এক মাধ্যম। পৰীক্ষাৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ অৱস্থা জড়িত হৈ থাকে । পৰীক্ষা এটিয়ে শিক্ষাৰ্থী এগৰাকীৰ আত্মবিশ্বাস দৃঢ় কৰাৰ লগতে মনোবলো বৃদ্ধি কৰি তোলে ।   হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ল শিক্ষাৰ্থী এগৰাকীৰ জীৱনত সফলতাৰ দিশে খোজ দিয়া প্ৰথমটো খোজ। তেনে ক্ষেত্ৰত আৰম্ভণিতে পৰীক্ষা নিদিয়াকৈ ফলাফল পালে তেওঁলোকৰ ভবিষ্যত কোন দিশে গতি কৰিব ? একেদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পৰা শিক্ষাৰ্থী এগৰাকীয়ে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ সাহস কৰিব পাৰে । তেনে স্থলত পৰীক্ষা বিহীন নম্বৰে জানো তেওঁলোকক সাহস দিব পাৰিব ? পৰীক্ষা নোহোৱাকৈ কেৱল মূল্যায়নৰ পৰাই জানো ছাত্ৰ-ছাত্ৰীৰ বুদ্ধি – মত্তা বা জ্ঞানৰ পৰিচয় পাব পাৰি ?আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ সুনাগৰিক হ’ব, সেই কথা লক্ষ্য ৰাখি ভৱিষ্যতে যিকোনো পৰিস্থিতিতে পৰীক্ষা বাতিল কৰাৰ আগতে চৰকাৰে যাতে এবাৰ হ’লেও পৰীক্ষাৰ্থী সকলৰ মনৰ অৱস্থাটোৰ কথা ভাবি চায় আৰু এনে ভুলৰ যাতে আৰু কোনো কালেই পুনৰাবৃত্তি নহওঁক তাকেই কামনা কৰিছোঁ।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *