আমাৰ পৃথিৱীত ভগৱান নামৰ এক ঐশ্বৰিক শক্তি আছে বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। এই ভগৱানেই আমাৰ সৃষ্টিকৰ্তা – বিধাতা। কিন্তু ভগৱানৰ নামতেই যুগ যুগ ধৰি বিভিন্ন প্ৰথা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। এই প্ৰথাবোৰৰ মাজত কিছুমান এনেকুৱা প্ৰথাও প্ৰচলন হৈ আছে যিবোৰ প্ৰথা কেৱল মাত্ৰ অন্ধবিশ্বাসৰ বাবে প্ৰচলিত হৈ থকা বুলি ক’লেও ভুল কোৱা নহ’ব। অন্ধবিশ্বাসৰ কৱলত পৰি প্ৰচলিত হৈ থকা এটি উল্লেখনীয় প্ৰথা হ’ল বলি দিয়া প্ৰথা। বিশেষকৈ পূজা জাতীয় উৎসৱবোৰত বলি দিয়াৰ প্ৰথাটো কৰা হয়। পূজা বুলি ক’লেই মনত এক পবিত্ৰ অনুভৱ জাগ্ৰত হয় । তেনে স্থলত এটা নিৰ্দোষী নিৰীহ জীৱন এটাক হত্যা কৰি পেলোৱাতো বাৰু পাপ নহয়নে। এসময়ত নৰবলি দি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু সময়ৰ সোঁতত আৰু আইনৰ জৰিয়তে সেই নৰবলি প্ৰথাৰ অন্ত পেলোৱা হ’ল। তথাপি আধুনিকতাৰ সাজ পিন্ধি ঘুৰি ফুৰা আমাৰ শিক্ষিত সমাজখনত এই বলি দিয়া প্ৰথাৰ শেষ নহ’ল । দৰাচলতে গম্ভীৰ ভাৱে ভাবি চলে এনেকুৱা লাগে যেন এইটো এটা প্ৰথা নহয়, এচাম মানুহৰ মানসিকতাহে । কাৰণ অমাতা জীৱ এটাৰ জীৱন কাঢ়ি লৈ কেনেকৈ মানুহে এজনে মনত শান্তি পাব পাৰে ? যদি ভগৱানৰ পৰা আশীৰ্বাদ লোৱাৰ বাবে ভগৱানক কিবা আগবঢ়াবই লাগে তেন্তে আন বস্তুও পাৰি আগবঢ়াব কেৱলসেই বলি দিয়া তেজখিনিয়েই কিয় ? সৃষ্টিকৰ্তাইতো কেতিয়াও কৈ যোৱা নাই যে দেৱালয়ৰ প্ৰাংগণ সেই নিষ্পাপ জন্তুবোৰৰ তেজেৰে ৰাঙলী হ’ব লাগিব বুলি।
ইয়াৰ বিৰুদ্ধে বহুতো মানুহে প্ৰতিবাদ কৰি আহিছে। মোৰ বিশ্বাস এদিন হ’লেও এই প্ৰথা বন্ধ হৈ পৰিব আৰু জীৱ শ্ৰেষ্ঠ মানুহেই এই অন্ধবিশ্বাৰ সোঁতত মথাউৰি সাজিব।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]