এয়া আধুনিকতাৰ যুগ। আমি দিনক দিনে বিজ্ঞান প্রযুক্তিৰ লগতে আন আন সকলো দিশতে আগবাঢ়ি গৈ আছোঁ। আমি যিমানে আগবাঢ়ি গৈ আছো সিমানেই যান্ত্রিকতাৰ জগতৰ গভীৰলৈ প্রৱেশ কৰি গৈ আছোঁ। প্রযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আজি আমাৰ মাজৰ প্রায় সকলোৰে লগত স্মার্টফোন আছে। স্মার্টফোনৰ যোগেদি প্রায়সংখ্যক লোকেই সামাজিক মাধ্যমৰ সৈতে জৰিত। স্মার্টফোন থকা প্রায় প্রতিগৰাকী লোকৰেই সামাজিক মাধ্যমত নিজৰ একোটা একাউন্ট আছে। আমাৰ মাজত জনপ্রিয় কেইটামান সামাজিক মাধ্যম হ’ল ফেচবুক,ইনষ্টাগ্ৰাম, হোৱাটচাপ আদি। এই মাধ্যমবোৰৰ সহায়ত আমি পৃথিৱীৰ যিকোনো মানুহৰ সৈতে চিনাকি হ’ব পাৰোঁ বা বন্ধুত্বও গঢ়িব পাৰোঁ। কিছু তথ্য অনুসৰি জানিব পৰা মতে ফেচবুকত দৈনিক ১ বিলিয়নতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী, আৰু ইয়াৰে এটা বৃহৎ অংশই (৫০ কোটিৰো অধিক) দৈনিক ষ্টেটাছ, গল্প বা মন্তব্য পোষ্ট কৰে। একেদৰে ইনষ্টাগ্ৰামত দৈনিক প্ৰায় ৫০০ তকৈ অধিক মিলিয়ন লোকে ষ্টেটাচ পোষ্ট কৰে। আমাৰ প্রত্যেকৰে সামাজিক মাধ্যমৰ একাউন্টবোৰত কিমান যে বন্ধু থাকে তাৰ হয়তো হিচাপ নাই। আৰু মাজে সময়েটো শুনিবলৈ পাওঁ যে সামাজিক মাধ্যমৰ একাউন্টবোৰত কাৰ বন্ধুৰ তালিকাখন কিমান দীঘল তাক লৈ প্রতিযোগীতাও হয়।

আমাৰ বাৰু প্রকৃততে ইমান বন্ধু আছেনে? যদি আপোনাৰ লগত ১৫০০ মানুহ সামাজিক মাধ্যমৰ সৈতে জৰিত হৈ আছে তেন্তে আপুনি বাৰু সেই ১৫০০ মানুহৰ খবৰ পায়নে? কিছুক্ষেত্রত হয়তো খবৰ পায় বুলিয়েই ক’ব লাগিব। সেইদিনা দুজন বন্ধুৱে কথাপাতি থকা শুনিছিলো, এজনে আনজনক কৈছিল-‘কি হ’ল আজিকালি চোন খবৰেই নকৰা হ’লি’? তাৰ উত্তৰত আনজনে কৈছিল- ‘কিয় ষ্টেটাচত চোন খবৰবোৰ পায়েই থাকো’। এনেকুৱা ধৰণৰ কথাবোৰৰ লগত আপোনালোকেও হয়টো কেতিয়াবা নহয় কেতিয়াবা সন্মুখীন হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি থকা প্ৰায়সংখ্যক মানুহৰ দৈনন্দিন জীৱনৰ খবৰ আমি তেঁওলোকৰ ষ্টেটাচত পাওঁ। ষ্টেটাচ এটা চাই আমি গম পাওঁ যে তেওঁলোকে ক’ত গৈছে, কি কৰিছে, কি খাইছে ইত্যাদি। আমাৰ একেবাৰে ওচৰত থকা মানুহৰ কথাও আমি ষ্টেটাচৰ যোগেদিহে জনিবলৈ পাওঁ। সামাজিক মাধ্যমে দিনক দিনে আমাক আন এখন জগতলৈ লৈ গৈ আছে, য’ত প্ৰকৃতাৰ্থত আমি নিসংগ হ’লেও আনৰ চকুত অৰ্থাৎ সামাজিক মাধ্যমৰ চকুত আমি নিসংগ নহয়। মানুহবোৰৰ নিসংগতাৰ পৰা উদ্ভুত সামাজিক মাধ্যমৰ ধাৰণাটো যেতিয়া আমাৰ সমাজলৈ আহিল, মানুহ সামাজিক হোৱাৰ চেষ্টাৰে আগবাঢ়ি যাওঁতে লাহে লাহে নিসংগতাৰ মাজলৈ সোমাই গৈ থাকিল। আজিকালি জন্মদিন বুলি ষ্টেটাচত ফটো এখন লগাই Happy Birthday বুলি পোষ্ট নকৰালৈকে জন্মদিন সম্পূৰ্ণ নহয়, লাগিলে নিজ মুখেৰে বা ফোন কৰি শুভেচ্ছায়ে নিদিয়ক কিয়। এনেবোৰ কথাই আমাক দিনক দিনে কৃত্ৰিম কৰি তুলিছে আৰু বাস্তৱ জগতৰ পৰা আমি আঁতৰি আহিব লৈছোঁ।
ষ্টেটাচৰ জৰিয়তে সংযোগৰ ভাৱ হ’লেও প্ৰকৃত সম্পৰ্ক কমি আহিছে।
100%
Your writing is very true and beautifully expressed.
Your writing is very true and beautifully expressed ma;am.
লিখনি বৰ সঁচা আৰু ধুনীয়াকৈ প্ৰকাশ কৰা।
সুন্দৰ লিখনি