গ্ৰন্থ: অৰুণাভ ছাৰ
লেখক: অজন্তা
প্ৰকাশক: অনন্ত হাজৰিকা
বনলতা
পানবজাৰ, গুৱাহাটী – ১
মূল্য: ১১০.০০ টকা
“অৰুণাভ ছাৰ” এখন অসমীয়া সামাজিক উপন্যাস। ‘অৰুণাভ ছাৰ’ অজন্তা বাইদেওৰ এনেকুৱা এখন উপন্যাস য’ত যিকোনো শ্ৰেণীৰ পাঠককে মোহিত কৰিব পৰা গুণ আছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু সেই প্ৰদেশৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ বিভিন্ন নগৰ আৰু অঞ্চলক উপন্যাসখনত খুব সুন্দৰকৈ স্থাপন কৰা হৈছে। এজন ভদ্ৰ প্ৰশাসনিক বিষয়া ‘অৰুণাভ’ আৰু তেওঁৰ পাৰ্চনেল এচিছটেণ্ট ‘মায়াবী’ উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। স্বামী অংশুমানৰ সৈতে বৈবাহিক বান্ধনত বান্ধ খোৱাৰ পিছতো মায়াবীয়ে বুজি পোৱা নাছিল প্ৰেম মানে কি। অংশুমানৰ মৃত্যুৰ কিছু বছৰ পিছত মায়াবীৰ জীৱনত আগমন হৈছিল অৰুণাভ ছাৰৰ, এজন ভগৱানৰ ৰূপত। যাৰ পৰা মায়াবীয়ে জীৱনৰ অৰ্থ বিছাৰি পাইছিল, যিয়ে মায়াবীক এবাৰ নতুনকৈ হাঁহিবলৈ শিকাইছিল । প্ৰেম, ভালপোৱা, মৰম আদি বিভিন্ন নামেৰে নামাকৰণ কৰা সম্পৰ্কবোৰৰ মাজত এটা ইমান মধুৰ দিশো যে থাকিব পাৰে সেই কথা এই উপন্যাসখনত খুব সুন্দৰকৈ ফুটি উঠিছে। কিন্তু ২০১০ চনতে লিখা এই উপন্যাসখনৰ মানুহৰ মাজত প্ৰচলন বা জনপ্ৰিয়তা কিয় কম হৈ আছে সেয়া চিন্তনীয় বিষয়। উপন্যাসখন পঢ়ি পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ যে ভালপোৱা সেই কথা অনুভৱ কৰিব পৰা যায়। ভালপোৱাক লৈ মানুহৰ থকা কিছুমান ধাৰণা উপন্যাসখনৰ কাহিনীয়ে স্পষ্ট কৰে। কাহিনীটোৱে প্রকাশ কৰে যে এজনে আনজনক পোৱাৰ প্ৰাপ্তি মানেই সমাপ্তি নহয়। প্ৰেম মনেই বিবাহ নহয়। প্ৰেম মানে দুটা শৰীৰৰ মিলন নহয়, মিলন হয় দুটা মনৰ। উপন্যাসৰ কাহিনীটোত ‘প্ৰেম মানেই ত্যাগ’ বুলি কোৱা বাক্যষাৰ প্ৰমাণিত হয়। য’ত আপোনজনৰ অনুভৱেই নিসংগতা দূৰ কৰাৰ বাবে যথেষ্ট। য’ত বুজা যায় যে এমুঠি স্মৃতি লৈয়ে গোটেই জীৱন আপোনজন কাষত নাথাকিলেও নিসংগতাই চুব নোৱাৰাকৈ জীয়াই থাকিব পাৰি। অৱশ্যে উপন্যাসখনত প্ৰেমৰ কথা আছে যদিও ইয়াত যৌৱন অৱস্থাত হোৱাৰ দৰে তৰল প্ৰেমৰ প্ৰকাশ নাই । ন মাহ নিজৰ গৰ্ভত ৰাখি নাৰী জীৱনৰ আটাইতকৈ যন্ত্ৰণাদায়ক সময়খিনি পাৰ কৰি সন্তান জন্ম দি লালন- পালন কৰি পিতৃ অবিহনে ডাঙৰ কৰাৰ পিছতো সন্তানে যেতিয়া মাকক বুজি নাপায় তেতিয়া কিমান কষ্ট হয় সেয়া বুজাবলৈ হয়টো ভাষাৰ প্ৰয়োজন নহয়। উপন্যাসখনে বহুবাৰ দুচকুত বাৰিষা নমাইছিল যদিও আপোনজনৰ বাবে অপেক্ষা কৰাৰ তৃপ্তিও অনুভৱ কৰাইছিল। অৱশেষত উপন্যাসখন পঢ়ি এনেকুৱা লাগিছে যেন এইখন লেখিকাৰ আত্মজীৱনীমূলক উপন্যাস।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
ভাল লাগিল 🤗