Monday, April 28

এটি কবিতা তোমালৈ

তুমি সদায় কোৱা নহয়

তোমাৰ বাবে কবিতা লিখিবলৈ,

মোৰো মন যায় জানা

এই বগা কাগজখনত

হিয়া উজাৰি মৰমবোৰ প্ৰকাশ কৰিবলৈ;

কিন্তু কি কৰিম কোৱা

কলমটি হাতত ল’লেই চোন

ভাষাবোৰ নিশব্দ হ’বলৈ ধৰে,

মনটো তোমাৰ সৈতে

কল্পনা সাগৰত বুৰ গৈ

সৌ.. দূৰ দিগন্তলৈ গুচি যায়;

নাজানো কিয় এনেকুৱা হয়

কিন্তু তোমাৰ বাবে কবিতা লিখিবলৈ

মোৰো মন যায়……

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *