এয়া ব’হাগ। ব’হাগ মানেই নতুনত্ব, ব’হাগ মানেই সৌন্দৰ্য। ব’হাগৰ মাহ হয় বসন্ত ঋতুত। ব’হাগ মানেই ব’হাগ বিহু বা ৰঙালী বিহু। এই ব’হাগ বিহুত অনেক ৰং- ধেমালি কৰা হয় বাবে, ইয়াক ৰঙালী বিহু বোলা হয়। ব’হাগ মাহতেই গছ-লতা, তৰু-তৃণে কুঁহিপাত মেলে, মানুহেও নতুন সাজপাৰ পিন্ধে, প্ৰকৃতিয়ে ৰূপ সলায়, চৰায়েও নিজৰ সুন্দৰ ৰূপ প্ৰদৰ্শন কৰে। কুলি, কেতেকীৰ শুৱলা কণ্ঠত আমাৰ আশা, উৎসাহ জাগি উঠে। কামিনী কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙীন ৰঙত ব’হাগী মনে মৰমৰ গীত গুণগুণায়। বিহুগীত, হুঁচৰিগীতেৰে চৌদিশ উখল-মাখল হৈ আনন্দেৰে ভৰি পৰে। এনেদৰেই অসমীয়াই নৱবর্ষক আদৰণী জনায়। এই বিহু কেতিয়াৰ পৰা সৃষ্টি হ’ল বুলি ক’লে সঠিককৈ কোৱা অসম্ভৱ যদিও মূলত কৃষিৰ সৈতে সংগতি ৰাখি এই আনন্দোৎসৱৰ উদ্ভাৱন হোৱা বুলি ক’ব পাৰি।

যাৰ অন্তৰালত সম্ভাৱনাৰ গভীৰ ৰহস্য নিহিত হৈ থাকে। বিহুক বাদ দি অসমীয়াই অসমীয়া জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু গৌৰৱৰ কথা ভাবিব নোৱাৰে। এই ব’হাগ মাহতেই অসমীয়া জাতীয় জীৱনৰ নতুন মাংগলিক কার্যসমূহ সম্পাদন কৰাৰ বিষয়ে চিন্তা-চর্চা কৰা হয়। অসমীয়াৰ প্রতিঘৰতেই পিঠা- পনা, বিভিন্ন ধৰণৰ লাডু, চিৰা-সান্দহ আদি বিধে বিধে জলপান তৈয়াৰ কৰে। সকলোৰে মন-প্রাণ হাঁহি-ধেমালি, আনন্দৰে উৎফুল্ল হৈ সকলোৱে মিলিজুলি খায়। এতিয়াৰ সময়ত যদিও মুকলি পথাৰত বৰগছৰ তলত বিহুনাচ, ঢোল পেঁপাৰ মাত শুনিবলৈ পোৱা নাযায় তথাপিও ঠায়ে ঠায়ে বিহুৰ বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা দেখা পোৱা যায়। যাৰ দ্বাৰা আমাৰ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীসকল যথেষ্ঠ লাভৱান হয়। মুঠতে গছৰ তলৰ বিহুৱেই হওঁক অথবা কৰ্মশালাৰ বিহুৱেই হওঁক আমাৰ অসমীয়াৰ গা ঢোল চেও শুনিলেই নাচি উঠে। ৰঙলীয়ে সকলৰে মন ৰঙীণ কৰি ৰাখক।