বহুতৰে সপোনৰ নগৰী হ’ল কৃষ্ণচূড়া নগৰী। উত্তৰ পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ববিদ্যালয় হ’ল গুৱাহাটী বিশ্ববিদ্যালয় । প্ৰায় পাঁচ হাজাৰতকৈও অধিক ল’ৰা- ছোৱালীয়ে সপোনৰ পিছত দৌৰি আছে এই বিশ্ববিদ্যালয়ত। প্ৰতি বছৰে হাজাৰ হাজাৰ ল’ৰা- ছোৱালী আহে এই নগৰীত, লগত ককবকাই লৈ আহে কেইটামান সপোনৰ টোপোলা। বহুতে এই সপোনৰ টোপোলাৰ ওজন আৰু বঢ়াই লৈ ওলাই যায় আৰু আন বহুতে গমকে নাপায় কেতিয়ানো এই ওজন ক’ৰবাত হেৰাই যায়। এই বিশ্ববিদ্যালয়ে বহুতকে বহুতো কথা শিকায়, কোনোবাই যদি জীৱন জীয়াৰ শিক্ষা পায় কোনোবাই আকৌ প্ৰেমৰ ৰং বিৰঙি শিক্ষা পায়। কোনোৱে ইউনিভাৰ্ছিটিখনৰ প্ৰেমত পৰি নিজৰ আনুষ্ঠানিক শিক্ষাৰ বাট ইয়াতেই বঢ়াই গৈ থাকে আৰু কোনোৱে এই ইউনিভাৰ্ছিটিৰ চিনাকিৰেই দেশ বিদেশে ঘূৰি ফুৰে। কোনোৱে যদি জীৱনসংগীৰ সংজ্ঞা বিচাৰি পায় কোনোবাই আকৌ এই সংজ্ঞাৰ অৰ্থ হেৰাই পেলাই।

মেঘালী, চেনিপুল, বিশাল ষ্টোৰ….. এইবোৰ ইউনিভাৰ্ছিটিখনৰ চিনাকি নাম। ইয়াৰ প্ৰতিটো ঠাইয়ে বিশ্ববিদ্যালয়ৰ প্ৰতিজন মানুহক উপহাৰ দিয়ে ওৰেটো জীৱন সাঁচি ৰাখিব পৰাকৈ কিছু স্মৃতি। সন্ধিয়া মাৰ্কেটলৈ গৈ মেঘালীত লগৰবোৰৰ সৈতে বহি এখন হাতত চাহ আৰু আন এখন হাতত পকৰি লৈ বহা আড্ডাৰ আমেজ মেঘালীত বহি নোপোৱাসকলে হয়টো বুজি নাপাব। ঠিক তেনেদৰে চেনিপুল শব্দটোৱে প্ৰথমবাৰৰ বাবে মানুহৰ মনত হয়তো এটা বেলেগ ধৰণৰ ছবিৰ সৃষ্টি কৰিব পাৰে কিন্তু আচলতে তেনেকুৱা একোৱে নহয়। চেনিপুল এটা তেনেই সাধাৰণ ঠাই, তথাপিও তাৰ মাদকতা কিন্তু অসাধাৰণ। কৃষ্ণচূড়া, ৰাধাচূড়াৰে ৰঙীণ হৈ থকা এই সৰগখন সদায় এনেকৈয়ে ধুনীয়া হৈ থাকক।