Monday, April 28

চকুপানীও কেতিয়াবা ভাল

চকুপানী হ’ল এক মোহৰ আচৰণ। চকুপানী শব্দটোৱে আমাক সাধাৰণতে দুখৰ কথাই মনত পেলায়। কিন্তু কেতিয়াবা কান্দোন এটা ভাল কথাও হ’ব পাৰে কাৰণ ই তীব্ৰ আৱেগৰ মুক্তিৰ পথ হিচাপে কাম কৰে। চকুপানীয়ে মানসিক চাপ কমোৱাত সহায় কৰে। পিছে এই চকুপানীক আকৌ আমি মানুহবোৰেই লিংগভেদে ভাগ কৰিছো। কাৰণ সৰুৰে পৰা আমি এটা কথা অনুধাৱন কৰিয়েই ডাঙৰ হওঁ যে ছোৱালীয়ে চকুপানী টুকা কথাটো যিমানেই সাধাৰণ, ল’ৰা মানুহে চকুপানী টুকা কথাটো কিন্তু সিমানেই অসাধাৰণ। কিয় ? কিয় বাৰু ল’ৰাবোৰক মনৰ আৱেগ উজাৰিবলৈ উচিতভাৱে শিকোৱা নহয়? কান্দোনে মানুহৰ শক্তিশালী আৱেগক প্ৰক্ৰিয়াকৰণ আৰু মুক্ত কৰাত সহায় কৰে, যাৰ ফলত মানুহে কন্দাৰ কিছু সময়ৰ পিছতে ভাল অনুভৱ কৰিব পাৰে। ২০১৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে কান্দিলে মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে আত্মশান্তিদায়ক প্ৰভাৱ পাৰে। সেই অধ্যয়নত ব্যাখ্যা কৰা হৈছিল যে কান্দিলে কেনেদৰে পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম (PNS) সক্ৰিয় হয়, যিয়ে মানুহক শিথিল বা শান্ত কৰাত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে আৱেগিক চকুলো টুকিলে আত্মশান্তিৰ উপৰিও অক্সিট’চিন আৰু এণ্ড’ৰ্ফিন নিৰ্গত হয়। এই ৰাসায়নিক পদাৰ্থবোৰে মানুহক ভাল অনুভৱ কৰায় আৰু শাৰীৰিক আৰু আৱেগিক দুয়োটা বিষো লাঘৱ কৰিব পাৰে।

যেতিয়া মানুহে মানসিক চাপৰ প্ৰতি সঁহাৰি জনাই কান্দে, তেতিয়া তেওঁলোকৰ চকুলোত কেইবাটাও মানসিক চাপৰ হৰম’ন আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে। গৱেষকসকলৰ মতে কান্দিলে শৰীৰত এই ৰাসায়নিক পদাৰ্থৰ মাত্ৰা হ্ৰাস পাব পাৰে। চকুলোত লাইছ’জাইম নামৰ তৰল পদাৰ্থ থকাৰ বাবে কান্দোনে বেক্টেৰিয়া নিধন কৰাত সহায় কৰে আৰু চকু পৰিষ্কাৰ কৰি ৰাখে। বিজ্ঞানীসকলে কান্দোনৰ তৰল পদাৰ্থক তিনিটা সুকীয়া ভাগত ভাগ কৰে, সেয়া হ’ল প্ৰতিফলিত চকুলো, অবিৰত চকুলো আৰু আৱেগিক চকুলো। প্ৰথম দুটা শ্ৰেণীয়ে আমাৰ চকুৰ পৰা ধোঁৱা আৰু ধূলিৰ দৰে ধ্বংসাৱশেষ আঁতৰোৱা, আৰু আমাৰ চকুক তেল দি সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰাৰ গুৰুত্বপূৰ্ণ কাম কৰে, ইহঁতৰ পৰিমাণ ৯৮% পানী। কিন্তু তৃতীয় শ্ৰেণীৰ কান্দোন অৰ্থাৎ আৱেগিক চকুলোৱে মানুহক শিল হোৱাৰ পৰা ৰক্ষা কৰে। হাঁহি আমাৰ বাবে যিমান প্রয়োজনীয় তেনেকৈয়ে কান্দোন আমাৰ বাবে ইমান অলাগতীয়ালো নহয়। হাঁহিয়ে আমাৰ লগ এৰিলেও চকুপানীয়ে কিন্তু কেতিয়াও লগ নেৰে। অতিমাত্ৰা সুখটো আমাৰ চকুপানী ওলায় আৰু অতিমাত্ৰা দুখটো। যদি আমি দুখত কান্দিব নাজানো তেন্তে সুখত হঁহাৰ আনন্দনো কেনেকৈ বুজি পাম । এটা কথা সঁচা যে অতিৰিক্ত দুখ অথবা‌ কান্দোন সকলোৰে বাবে অস্বাস্থ্যকৰ। বহুতো মানুহে কয় যে চকুপানীৰ অৰ্থ দুৰ্বলতা। কিন্তু অকণমান দুৰ্বলতাই যদি আপোনাৰ গধুৰ মনটো পাতল কৰিব পাৰে তেন্তে তেনেকুৱা দুৰ্বলতা জানো ইমান বেয়া ? সৰু ল’ৰা- ছোৱালীয়ে বহুতো মানুহৰ সম্মুখত কান্দিলে মাক দেউতাক বা কোনোবা ডাঙৰে শিকাই যে ‘মানুহে দেখিলে লাজ দিব’। সেয়ে সাধাৰণতে আমি শিকো যে দুখৰ চকুপানী সদায় গোপনে ৰাখিব লাগে। কিন্তু কেতিয়াবা এই গোপনীয়তাৰ অভাৱত আমাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হয় আৰু তেতিয়াই আমি এজন অতিকৈ আপোন মানুহৰ প্ৰয়োজন অনুভৱ কৰোঁ, যিয়ে আমাৰ গোপন ভাৱে প্ৰকাশ কৰা অনুভৱক সঁহাৰি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *