বৰ্তমান নিজকে শিক্ষিত নাগৰিক বুলি দাবী কৰা এই সমাজখনত ছোৱালীবোৰ বাৰু সঁচাকে সুৰক্ষিতনে নে ? যোৱা পাঁচ বছৰত অসমত প্ৰায় ১৮,৬৯৩ গৰাকী শিশু কন্যা- যুৱতী ধৰ্ষণ হ’ল । অৰ্থাৎ বছৰি প্ৰায় ৩ হাজাৰ আৰু প্ৰতিদিনে গড়ে প্ৰায় ১০ টাতকৈও অধিক ধৰ্ষণ কাৰ্য সংঘটিত হৈ আছে। দুখৰ বিষয়টো হ’ল যে নাৰীজনিত দোষত এন চি আৰ বিৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত অসম ছয় নম্বৰ স্থানত আছে । ইয়াৰোপৰি বিগত পাঁচ বছৰত ৬৫,৮৪৫ টা গোচৰ মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাবে গোচৰ ৰুজু হৈছে । কিন্তু লক্ষ্যনীয় বিষয়তো হ’ল যে ইমানবোৰ অপৰাধ কৰা কিমানজন অপৰাধিয়ে শাস্তি পাইছে ? অসমৰ নাম উজ্বল কৰা ইমান সুনামী ছোৱালীৰ আদৰ্শ থকাৰ পিছতো এচাম মানব ৰূপী দানববোৰে অপৰাধবোৰ কৰিবলৈ এবাৰো ভাবি নাচায় । যদি অপৰাধীক চিনাক্ত কৰাৰ লগে লগে কঠোৰতম শাস্তি প্ৰদান কৰা হ’লহেঁতেন তেন্তে এই ঘৃণনীয় ঘটনাবোৰ হ্ৰাস নাপালেহেঁতেন নে বাৰু ?
ছোৱালী হৈ বিদেশত অলিম্পিকত জয় লাভ কৰা খবৰবোৰৰ মাজতো কিয় ধৰ্ষণৰ খবৰবোৰ আজিও আমি পঢ়িবলৈ পাওঁ ? ছোৱালীবোৰ অকলেও সুৰক্ষিত বুলি ভাবিবলৈ কিয় সাহস কৰিব নোৱাৰো আমি ? আচলতে দোষটো ক’ত , সেই মানুহবোৰৰ মানসিকতাত নে ছোৱালী হৈ জন্ম পোৱাত ? গতিকে এই বিষয়টোৰ ওপৰত চৰকাৰে যাতে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা হাতত লয় তাৰেই অনুৰোধ জনালোঁ ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]