Monday, June 16

জনসংখ্যা বৃদ্ধি হ’ব ধৰিছে কাল

বৰ্তমান আমাৰ চাৰিওফালে সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ সমস্যাবোৰৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ সমস্যাও এক ভয়ানক সমস্যা ৰূপে গা কৰি উঠিছে । জনসংখ্যা বৃদ্ধি এক এনেকুৱা ধৰণৰ সমস্যা যি আমাৰ অজ্ঞাতে আচৰিত ধৰণে বৃদ্ধি পাব ধৰিছে। এছিয়া মহাদেশৰ গোটেই দেশবোৰৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চীনৰ পাছতেই ভাৰতবৰ্ষই দ্বিতীয় স্থান দখল কৰি আছে । ২০২০ বৰ্ষত ভাৰতৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ১৩৮ কৌতি, অৰ্থাৎ পৃথিৱীৰ ভিতৰতো ভাৰত দ্বিতীয় স্থানত আছে। “জাতিসংঘৰ জনসংখ্যা প্ৰতিবেদন” ৰ তথ্য অনুসৰি ২০১০ ৰ পৰা ২০১৯ লৈ ভাৰতৰ বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ ১.২ ৰ পৰা ১.৩৯ হয়গৈ, যি চীনৰ বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ তুলনাত দুগুণ বেছি। যদি এনেদৰেই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হৈ থাকে তেন্তে ২০৩০ চনলৈ ভাৰতবৰ্ষই প্ৰথম স্থান পাবগৈ।
একেদৰে উত্তৰ- পূব ভাৰতত অৱস্থিত আমাৰ ৰাজ্য অসমও জনসংখ্যাৰ ফালৰ পৰা পিছপৰি থকা নাই। বিগত দহবছৰত ১৬.৯৩% বৃদ্ধিৰ হাৰত অসমৰ মুঠ জনসংখ্যা ২৬,৬৩৮,৪০৭ ৰ পৰা ৩১,১৬৯,২৭২ জনলৈ বৃদ্ধি হয়। সেই অনুসৰি ২০২১ চনলৈ অসমৰ জনসংখ্যা ৩৮.১৮ মিলিয়ন আৰু ২০২৬ চনলৈ ৩৫.৬০ মিলিয়নলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সতৰ্ক হোৱাৰ পথত দিয়া খোজটোৰ গতি বঢ়াবৰ হ’ল।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *