Monday, April 28

ধৰ্ষণৰ মহাব্যাধিক প্ৰতিৰোধ কৰিবই লাগিব

ভাৰতত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা চতুৰ্থটো অপৰাধ হৈছে ধৰ্ষণ। এই ধৰ্ষণৰ খবৰ আমি প্ৰায় সদায়েই পাওঁ, ধৰ্ষণ শব্দটোৰ ভয়াবহতা সকলো মানুহৰে মনত সোমায় আছে। এদিন কাৰোবাৰ ধৰ্ষণ হয় আৰু সকলোৱে লগ হৈ প্ৰতিবাদ কৰে, আন্দোলন কৰে আৰু তাৰ কিছুদিন পিছত সকলো কথা আগৰ দৰে সাধাৰণ ভাৱে চলি থাকে। আজিকালি কেতিয়াবাটো এনেকুৱাও হয় যে বহুত ডাঙৰকৈ অথবা বহু দিন ধৰি চলি থকা বাতৰিত পোৱা ধৰ্ষণ কাণ্ডবোৰক এৰি বাতৰিত নোপোৱা ধৰ্ষণ কাণ্ডবোৰৰ কথা আমাৰ মানু্হবোৰে গুৰুত্বই নিদিয়ে। সেইবোৰ শুনিলে এনেকুৱা লাগে যেন ধৰ্ষণৰো শ্ৰেণবিভাজন কৰা হৈছে, ধৰ্ষণৰ ঘটনাবোৰো যেন কম বেছি পৰিমাণৰ প্ৰচাৰৰ সৈতে জৰিত হৈ পৰিছে। ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি শ শ মানুহে আন্দোলনৰ কাৰ্যসূচী হাতত লয় কিন্তু লাজৰ কথা যে সেই আন্দোলনকাৰীৰ মাজতো বহুতো ধৰ্ষণকাৰী সোমায় থাকে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (NCRB) ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,৬৭৭টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছে, আৰু গড়ে দৈনিক ৮৬টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এনচিআৰবি (NCRB) ২০২১ৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানত সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, তাৰ পিছতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত। মহানগৰসমূহৰ ভিতৰত আমাৰ ৰাজধানী দিল্লীত ২০২১ চনত ১২২৬টা ধৰ্ষণৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ বিপৰীতে জয়পুৰত সৰ্বাধিক ধৰ্ষণৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ৩৪টা)। মহানগৰৰ ভিতৰত কলকাতাত ধৰ্ষণৰ হাৰ সৰ্বনিম্ন। ২০১৯ চনত ভাৰতত প্ৰতি ১৬ মিনিটৰ মূৰে মূৰে এটা ধৰ্ষণৰ বাতৰি পোৱা গৈছিল। ২০১৮ চনত সমগ্ৰ দেশতে গড়ে প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাই ধৰ্ষণৰ খবৰ দিছিল বুলি চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০১৯ চনত ৰাষ্ট্ৰীয় গড় ধৰ্ষণৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে) আছিল ৪.৯। ২০১৯ ত পঞ্জীয়ন কৰা ধর্ষণৰ গোচৰৰ সংখ্যা মুঠ ১৭৭৩। তাৰে ১৬৮৫ টা ১৮ বছৰৰ ওপৰৰ আৰু ৮৮ টা ১৮ বছৰৰ তলৰ।

তাৰোপৰি বেছিভাগ ধৰ্ষণৰ ৰিপৰ্ট নোহোৱাকৈয়ে থাকে কাৰণ ধৰ্ষণৰ বলি হোৱা লোকসকলে ভাৰত আৰু সমগ্ৰ বিশ্বতে প্ৰতিশোধ আৰু অপমানৰ আশংকা কৰে। ভাৰতীয় সংসদ সদস্যসকলে কয় যে ভাৰতত ধৰ্ষণৰ সমস্যাটোক তুচ্ছজ্ঞান কৰা হৈছে কাৰণ বহু গোচৰৰ ৰিপৰ্ট পোৱা নাযায়, যদিও অধিক ভুক্তভোগীয়ে ক্ৰমান্বয়ে ওলাই আহি ধৰ্ষণ আৰু খবৰ দিছে। ২০০৬ চনৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰায় ৭১% ধৰ্ষণৰ অপৰাধৰ ৰিপৰ্ট নোহোৱাকৈয়ে থাকে। ২০২২ চনত ৩১ হাজাৰতকৈ অধিক ধৰ্ষণৰ বাতৰি পোৱা গৈছে। ইমানবোৰৰ হৈ থকাৰ পিছতো কিন্তু বহু ধৰ্ষণকাৰীয়ে শাস্তি নোপোৱাকৈয়ে থাকি যায়। এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ পিছতো ধৰ্ষণকাৰীজনে ভদ্ৰতাৰ মুখা পিন্ধি সমাজৰ মাজত ঘূৰি ফুৰিবলৈ সাহস পায়। আজিকালি ধৰ্ষণৰ বাতৰিবোৰো মুখ্য বাতৰিৰ শাৰীত ধৰিব নোৱাৰা হ’ল, কাৰণ কোন বাতৰি চেনেল অথবা বাতৰি কাকতত মুখ্য বাতৰি হিচাপে প্ৰথমতে এতিয়া আৰু শুনিবলৈ বা দেখিবলৈ পোৱা নাযায়। ধৰ্ষণ এক ব্যাধি। এই ব্যাধিক সঁচা অৰ্থত প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *