Monday, April 28

নাৰীৰ শত্ৰু কোন

আমি সকলোৱেই এষাৰ কথা কেতিয়াবা নহয় কেতিয়াবা শুনিছোঁ, যে ‘নাৰীয়ে নাৰীৰ শত্ৰু’ । কথাষাৰ কিমানলৈ সঁচা বা মিছা সেয়া হয়তো আমি কেতিয়াও অনুকীয়াই চোৱা নাই। “নাৰীয়ে নাৰীৰ শত্ৰু” বাক্যাংশটোৱে এটা জটিল বিষয়ক অতি সৰল কৰি তুলিছে। সকলো কথাৰে যিহেতু বেয়া আৰু ভাল দুটা দিশ থাকে গতিকে এইষাৰ কথাৰো দুটা দিশ আছে। সাধাৰণতে এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ হোৱালৈ নাৰী জাতিটোক অনুসৰণ কৰিয়েই ডাঙৰ হয়। সৰু ছোৱালী এজনীৰ সৰুৰ পৰা ওচৰত থকা নাৰী গৰাকীয়েই তাইৰ আদৰ্শ স্বৰূপ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা যায় যে ছোৱালীবোৰৰ বন্ধুত্ব ল’ৰাবোৰৰ বন্ধুত্বৰ দৰে নহয়। নাৰীয়ে নাৰীক যিমান হিংসা কৰে সিমান হিংসা ভাৱ পুৰুষৰ মাজত নাথাকে। এজনী মাহেকীয়া হ’বলৈ আৰম্ভ হোৱা ছোৱালীক তাইৰ ঘৰত থকা আন মহিলাসকলে যিমান অপবিত্ৰ বুলি শিকাই প্ৰকৃততে মাহেকীয়া ইমান অপবিত্ৰও নহয়।

তেনেদৰেই এগৰাকী বিধৱা মহিলাক আন মহিলাসকলে যিমান অৱহেলা কৰে সিমান হয়তো পুৰুষসকলে নকৰে। মহিলাসকলৰ মাজত অপ্ৰাপ্য সৌন্দৰ্য্যৰ আশাই তুলনা আৰু সমালোচনাৰ পোষকতা কৰে। আভ্যন্তৰীণ নাৰীবিদ্বেষ আৰু লিংগ ভূমিকাইও মহিলাসকলক ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৰিহণা যোগায়। নাৰীৰ মাজত থকা সম্পৰ্কৰ কথা আমি অতীজৰ পৰা দেখি আহিছোঁ। তথাপিও কিন্তু এই মানসিকতা সলনি কৰিবলৈ কোনেও বৰ এটা চেষ্টা কৰা নাই। এই মানসিকতা সলনি কৰিবলৈ হ’লে আমি আমাৰ আত্মচিন্তা আৰু সচেতনতা বৃদ্ধি কৰিব লাগিব। মানুহে নিজৰ মাজত সহানুভূতি আৰু বুজাবুজিৰ দৰে অনুভূতিবোৰক স্থান দিব লাগিব। আমি অকল আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ থাকিলেই নহ’ব, উচিত চিন্তা কৰাৰ বাবে আমাক উচিত জ্ঞানৰো প্ৰয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *