Monday, June 16

মা

আজি ৮ মে’। অৰ্থাৎ মাতৃ দিৱস। আন সকলো দিৱসবোৰৰ দৰে বছৰটোত এদিন মাতৃসকলোৰো বিশেষ দিন আহে। এই মাতৃ দিৱস পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ দিনত পালন কৰা হয়। ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্না জাৰভিসে পোন প্ৰথমবাৰৰ বাবে তেওঁৰ মাতৃ এন জাৰভিসৰ বাবে এই মাতৃ দিৱস পালন কৰিছিল বুলি জানিব পৰা যায়।
একেলগে বিশ ডাল হাড় ভঙাৰ সমান কষ্ট সহ্য কৰি এটা সন্তান জন্ম দিয়াৰ পিছতো তেওঁ সুখী হয় একমাত্ৰ সেই কণমানিটোৰ মুখলৈ চাই। সন্তানৰ মুখলৈ চালেই যিয়ে তাৰ প্ৰয়োজন বুজি পায় সেইগৰাকীয়েই হ’ল ‘মা’। মাতৃ হ’ল এটি সন্তানৰ প্ৰথম শিক্ষাগুৰু। ‘মা’ এটি এনেকুৱা শব্দ যাক পৃথিৱীৰ কোনো ভাষাৰেই কৈ শেষ কৰিব নোৱাৰি। ‘মা’ মানেই সাহস, ‘মা’ মানেই সুখ, ‘মা’ শব্দটিয়েই হ’ল অলেখ ভাষাৰ ভৰাল। মাৰ বিষয়ে যিমান ক’লেও চোন কৰোবাত কিবা এটা আধৰুৱা হৈ ৰয় এই শব্দবোৰ। মাতৃ অবিহনে সকলো সন্তানৰে পৃথিৱী শূণ্য যেন লাগে। জীৱনৰ প্ৰতিটো খোজতে সন্তান অথবা পৰিয়ালৰ বাবে ইমান বেছি ত্যাগ, মৰম আৰু যত্ন লব পৰাকৈ ভগৱানে এই ‘মা’ শব্দটো গঢ়িলে। পৃথিৱীৰ সৃষ্টিৰ পৰা এতিয়ালৈ সলনি নোহোৱা একমাত্ৰ প্ৰযুক্তিটোৱেই হ’ল মা। জগতৰ প্ৰতিগৰাকী মাতৃৰে আজিৰ এই দিনটো প্ৰাপ্য। আজিৰ এই বিশেষ দিনটোত পৃথিৱীৰ সকলো মাতৃলৈ শুভকামনা থাকিল, দীৰ্ঘায়ু হওঁক সকলো মাতৃ।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *