মানুহৰ সুস্থ জীৱনৰ এটা অত্যন্ত প্ৰয়োজনীয় দিশ হ’ল মানসিক স্বাস্থ্য। এজন যিকোনো বয়সৰ ব্যক্তিয়ে এটা সুস্থ দিন কটাবলৈ এটা সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হোৱাটো খুবেই জৰুৰী। কিন্তু পুৰণি দিনৰ ব্যক্তিৰ পৰা বৰ্তমানলৈকে মানসিক স্বাস্থ্যৰ ভাগসমূহৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। সমাজৰ মনোভাৱ, সজাগতা আৰু মানসিক স্বাস্থ্যৰ পৰিৱেশৰো পৰিৱৰ্তন ঘটিছে। সজাগতা আৰু আলোচনাৰ অভাৱে ব্যক্তিসকলৰ মানসিক সুস্থতাক চিনি পোৱাত অসুবিধাৰ সৃষ্টি কৰি আহিছে। বৰ্তমানৰ নৱপ্ৰজন্মৰ মানুহবোৰৰ ডাঙৰ চিন্তনীয় বিষয়ৰ বাহিৰেও বহু সৰু সৰু কথাতে মানসিক চাপ আৰু উদ্বেগ ( stress and anxiety ) হ’বলৈ লৈছে। প্ৰতিদিনে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে। ভাৰতবৰ্ষত ২০২১ চনত প্ৰতিদিনে ৪৫০ জন ব্যক্তিয়ে আত্মহত্যা কৰিছিল, তাৰ বেছিভাগেই শ্ৰমিক, গৃহিণী আৰু স্বনিয়োজিত। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে যোৱা বছৰ আত্মহত্যাৰ ফলত মুঠ ১,৬৪,০৩৩ জন লোকৰ মৃত্যু হৈছিল, যিটো ২০২০ চনৰ তুলনাত ৭.২% বৃদ্ধি পাইছে। আমেৰিকান ইনষ্টিটিউট অৱ ষ্ট্ৰেছে প্ৰকাশ কৰা অনুসৰি প্ৰতি বছৰে কৰ্মসংক্ৰান্তীয় মানসিক চাপৰ প্ৰত্যক্ষ ফলস্বৰূপে ১ লাখ ২০ হাজাৰ লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও কৰ্মসংক্ৰান্তীয় মানসিক চাপৰ ফলত হোৱা স্বাস্থ্যসেৱাৰ খৰচ বছৰি গড়ে ১৯০ বিলিয়ন ডলাৰ হয়। ভাৰতত প্ৰতি ঘণ্টাত এজন ছাত্ৰই আত্মহত্যা কৰে, প্ৰতিদিনে প্ৰায় ২৮টা এনে আত্মহত্যাৰ বাতৰি পোৱা যায় বুলি নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)য়ে সংকলিত কৰা তথ্য অনুসৰি জানিব পৰা যায়। এনচিআৰবিৰ তথ্য অনুসৰি ২০১৮ চনত আত্মহত্যাৰ ফলত ১০,১৫৯ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল, যিটো ২০১৭ চনত ৯,৯০৫ জন আৰু ২০১৬ চনত ৯,৪৭৮ জন ছাত্ৰ-ছাত্ৰীৰ তুলনাত বৃদ্ধি পাইছে। ২০১৮ চনত মহাৰাষ্ট্ৰত সৰ্বাধিক ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা ১,৪৪৮টা । তাৰ পিছতে আছে তামিলনাডুত ৯৫৩টা আৰু মধ্যপ্ৰদেশত ৮৬২টা। ১৯৯৯ চনৰ পৰা ২০০৩ চনৰ ভিতৰত ২৭,৯৯০ জন ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ অন্ত পেলাইছিল; ২০০৪ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ২৮,৯১৩; আৰু ২০০৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ৩৬,৯১৩ জন। ২০১৪-১৮ চনৰ সময়ছোৱাত পূৰ্বৰ ৫ বছৰৰ পৰা ২৬% জপিয়াই ৪৬,৫৫৪ জনলৈ বৃদ্ধি পাইছে।বৰ্তমানৰ প্ৰজন্মই সজাগতা বৃদ্ধি আৰু সামগ্ৰিক মংগলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে মানসিক স্বাস্থ্যৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ ফলত লাভৱান হয়। এই ক্ষেত্ৰত ছ’চিয়েল মিডিয়ায়ো মানসিক স্বাস্থ্যৰ চাপ বৃদ্ধি কৰাত অৰিহণা যোগোৱা কথাটো নুই কৰিব নোৱাৰি।ডিজিটেল যুগে তথ্যৰ এক অহৰহ সোঁত কঢ়িয়াই আনিছে, আজিৰ প্ৰজন্মৰ বাবে নতুন মানসিক চাপ আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে সংযোগৰ পথ প্ৰদান কৰাৰ লগতে তুলনামূলক সংস্কৃতি আৰু অবাস্তৱিক মানদণ্ডতো অৰিহণা যোগায়, যিয়ে আত্মসন্মান আৰু মানসিক সুস্থতাক প্ৰভাৱিত কৰে। প্ৰযুক্তিগত উন্নতিৰ ফলত মানসিক স্বাস্থ্য সম্পদৰ সুলভতা বৃদ্ধি পাইছে। বিভিন্ন অনলাইন প্লেটফৰ্মসমূহোও মানসিক স্বাস্থ্যৰ অৱনতি আৰু উন্নতি দুয়োটা দিশতে অৰিহনা যোগোই আহিছে। আত্ম-যত্ন আৰু মানসিক স্বাস্থ্য সজাগতা অভিযানৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত মানসিক সুস্থতাক কেন্দ্ৰ কৰি আলোচনাৰ বাবে অধিক অন্তৰ্ভুক্ত পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে কৃষক সমাজেক পৰিবৰ্তিত জলবায়ুৰ বাবে শস্যৰ উৎপাদন হ্ৰাস হ’বলৈ ধৰা পৰিস্থিতিয়ে মানসিক স্বাস্থ্যৰ অৱনতিৰ দিশে ঠেলি দিব ধৰিছে। প্ৰতিটো প্ৰজন্মই অনন্য পৰিস্থিতিৰ সন্মুখীন হ’লেও মানসিক স্বাস্থ্যৰ প্ৰতি সমাজৰ মনোভাৱৰ বিৱৰ্তন স্পষ্ট। আজিৰ প্ৰজন্মই অধিক মুকলি আলোচনা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ পৰা অধিক লাভৱান হয়, তথাপিও তেওঁলোকে ডিজিটেল যুগে বৃদ্ধি কৰা নতুন প্ৰত্যাহ্বানৰ সৈতে যুঁজিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানসিক স্বাস্থ্যৰ ভাগ-বতৰা কৰা আৰু সুকীয়া দিশসমূহ বুজাটো সহানুভূতি, সমৰ্থন আৰু মংগলৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী গঢ়ি তোলাত অতি প্ৰয়োজনীয়। সেয়ে এই মানসিক স্বাস্থ্য নামৰ ৰোগ বিধৰ পৰা নিজেও বাচি থাকক আৰু আনকো বচাই ৰাখক ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
Val likhisa
Thanks