সময়বোৰ সলনি হ’ল,
মোবাইলৰ স্ক্ৰীনখনতে আবদ্ধ এতিয়া
মাৰ নিচুকনি গীতবোৰ ।
দেউতাৰ কোলাখনে এতিয়া
উচুপি উচুপি চায়
গাড়ীৰ ছিটটোলৈ ।
আইতাৰ হাতে বনোৱা পুতলাবোৰ
এতিয়া আৰু ক’ত,
সেয়াওচোন সেই ৰঙীন কাগজবোৰৰ
বিনিময়ত পোৱা হ’ল ।
ককাদেউতাৰ কোলাত বহি
সাধু শুনাৰ মাদকতাবোৰৰ অধিকাৰী
এতিয়া টিভিটোৱেই হ’ল
[DISPLAY_ULTIMATE_SOCIAL_ICONS]