Monday, April 28

সাধুকথাবোৰ জীয়াই ৰাখক

কিতাপৰ মহত্ত্ব আমাৰ জীৱনত কিমান সেয়া আমি সকলোৱে জানো। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা সময়ত পঢ়া কিতাপৰ বাহিৰেও আন বহুতো কিতাপ আছে যিয়ে আমাক জ্ঞান দিয়ে, যিবোৰ পঢ়ি আমি নিজকো ভালে ৰাখিব পাৰো। কিন্তু এই কিতাপ পঢ়াৰ অভ্যাস আমি এতিয়া খুব কমেই দেখিবলৈ পাওঁ। কিতাপৰ অৰ্থয়ে হ’ল জ্ঞানৰ ভঁৰাল। কোনো কিতাপেই কোনো লিখকৰ বাবে বেয়া নহয়। কিতাপৰ ভাল বা বেয়া বুলি কোনো শ্ৰেণবিভাজন নাথাকে অথবা থাকিবও নালাগে। তথাপিও বৰ্তমানৰ প্ৰজন্মৰ মাজত এনে অভ্যাস থকা ল’ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ ল’ৰা- ছোৱালীলৈ কিতাপ আৰু মোবাইল ফোনৰ মাজৰ বাছনিত মোবাইলৰ পাল্লাখনহে ভৰি থাকিব। ইয়াত অৱশ্যে অভিভাৱকসকলৰো একেবাৰে দোষ নথকা নহয়। সন্তান এটা জন্ম হোৱাৰ পিছত তাক খুৱাবলৈ, শুৱাবলৈ সকলো কামতে বাৰু মোবাইল ফোনৰ সহায় লোৱাটো প্ৰয়োজন নেকি? আগৰ দিনত অভিভাৱকসকলক খাদ্য খুৱাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন নহৈছিল।

আগৰ দিনত ল’ৰা- ছোৱালীবোৰক টোপনি নিয়াবলৈ মোবাইল ফোনটো ওচৰত নোহোৱাকৈয়ে হৈছিল। মোবাইল ফোনটোৰ ঠাইত স্থান পাইছিল ‘সাধুকথা’ ৰ দৰে নামৰ শব্দবোৰে। আগৰ ল’ৰা- ছোৱালীবোৰে আজৰি সময়ত ককাক- আইতাকৰ সৈতে বহি সাধুকথা শুনিছিল, আৰু এতিয়াৰ ল’ৰা- ছোৱালীবোৰে আজৰি সময় উলিয়াই লৈ মোবাইল ফোনটো হাতত লৈ বহে। মোবাইল ফোন চোৱাটো একেবাৰে বেয়া অথবা, মোবাইল ফোনৰ পৰা কোনো ধৰণৰ বিকাশ নহয় বুলি কোৱাটোও ভূল কোৱা হ’ব, কাৰণ মোবাইল ফোনটো ব্যৱহাৰ কৰি বহুত ভাল কথাও শিকিব পাৰি। কিন্তু এটা কথা আপুনি বাৰু ভাবিব নলগাকৈ একেবাৰে ক’ব পাৰিবনে যে আজিৰ প্ৰজন্মই সাধুকথা শুনি ভাল পায়, অথবা সাধুকথাৰ কিতাপ চিনি পায় বুলি? বৰ্তমানৰ শিশুবোৰে বাৰু “বুঢ়ী আইৰ সাধু”, “পঞ্চতন্ত্ৰ” ৰ সাধু কেনেকুৱা সেয়া জানে বুলি আপুনি ভাবেনে? তেওঁলোকে লক্ষ্মীনাথ বেজবৰুৱা কোন চিনি পায়নে? এইবোৰ প্ৰশ্নৰ উত্তৰত ‘হয়’ বুলি ক’ব পৰা উওৰ নিশ্চয় কমেই ওলাব। এটা জাতিয়ে তাৰ শিপা চিনি পোৱাটো অতি জৰুৰী আৰু এই কামৰ আৰম্ভণি কেৱল মাত্ৰ ঘৰৰ পৰাহে আৰম্ভ কৰিব পাৰি। কাৰণ মানুহৰ মুখে মুখে চলি অহা এষাৰ কথা আছে যে “ঘৰখনেই শিক্ষাৰ কঠিয়াতুলি”। সেয়ে আপুনি উপভোগ কৰা শৈশৱৰ আনন্দখিনি আপোনাৰ শিশুটোকো দিবলৈ চেষ্টা কৰক, নতুবা আজিৰ দিনৰ শিশুৰ শৈশৱৰ স্মৃতি বুলিবলৈ কেৱল মোবাইল ফোনটোৱেই ৰৈ যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *