আধুনিকতাৰ নামত আমি আমাৰ শিপা পাহৰি যোৱাটো বৰ্তমান সঁচাকৈয়ে এটা চিন্তনীয় বিষয়। আমাৰ সংস্কৃতিবোৰ ক’লৈ গ’ল? অসমীয়া বিয়াৰ নিয়মবোৰ ক’লৈ গ’ল? এতিয়া বিয়াবোৰ দেখিলে ভয় লাগে। এবুকু ধাৰত পোত গৈ কেনেকৈ ফেৰ মাৰিম এই যুগত। অনা অসমীয়া সংস্কৃতিৰে ভৰি পৰিছে সকলো। আমাৰ নিজস্বতা হেৰাই গৈছে। জোৰণ আৰু বিয়া দুদিনীয়া কাৰ্য্যসূচীৰে সমাপ্ত হোৱা বিয়া এতিয়া কোনেও নাপাতে। হাল্ডি, মেহেন্দী, সংগীত আৰু যে কত কি কি অনুষ্ঠান। বাহিৰৰ সংস্কৃতিবোৰ আমি বৰ ভাল পাওঁ, তেনেকুৱা কামবোৰ কৰিব পাৰিলে সমাজত আৰু অলপ ওপৰত থকা যেন অনুভৱ হয়। কিন্তু তেনেকৈ আমাৰ সংস্কৃতিবোৰ বাৰু কোনোবাই আঁকোৱালি লৈছেনে? কেতিয়া এই অনা অসমীয়া নিয়মবোৰে অসমীয়া নিয়মবোৰক গ্ৰাস কৰি পেলালে আমি গমকে নাপালোঁ। গাঁৱৰ বিয়াবোৰতকৈ চহৰৰ বিয়াবোৰ আৰু ভয় লগা। আজিকালি প্ৰায় ভাগ পৰিয়ালৰে সদস্য খুব কম। মাক দেউতাকৰ এটাই ল’ৰা বা এজনীয়েই ছোৱালী বুলি ভাবি সন্তানৰ সকলো ইচ্ছা পূৰণ কৰিব মন। এই অনা অসমীয়া সংস্কৃতিবোৰে আমাক এনেকৈ গ্ৰাস কৰি পেলাইছে যে আমি আমাৰ প্ৰকৃত সংস্কৃতিবোৰেই পাহৰি গৈছোঁ। আমাৰ বিয়াবোৰৰ আৰম্ভণি সান্দহ খুন্দাৰ দিনাৰ পৰা আৰম্ভ হয়। ঢেঁকীত সান্দহ খুন্দা, ধান বন্ধাৰ পৰা আৰম্ভ কৰি হোমৰ জুইত দিব লগা আখৈ যোগাৰ কৰালৈ ঘৰৰ আৰু গাঁৱৰ তিৰোতা মানুহখিনিয়ে লগ হৈ হাঁহি ধেমালিৰ মাজেৰে পালন কৰে। তাৰ পিছত জোৰোণ- বিয়া আৰু আঠদিন পিছত আঠমঙলা। আমাৰ অসমীয়া বিয়াৰ দিন এইকেইটাই। কিন্তু আজিকালি এই সকলোবোৰ এক বেলেগ ধৰণে পালন কৰে। সান্দহ খুন্দিবলৈ চহৰৰ মানুহৰ ঢেঁকীয়েই নাই। তাৰ পিছত বিয়াৰ দিন আৰম্ভ হয় হাল্ডি, মেহেন্দী এইবোৰেৰে। বিয়াৰ দিনা কল গছৰ তলত বহি মাহ হালধিৰ গা ধুওৱা নিয়মটো এতিয়া হালধীয়া সাজপাৰ – অলংকাৰ পৰিধান কৰি পালন কৰা হয়। আগতে বিয়া বুলি কইনাৰ ভৰি হাত বেছি ধুনীয়া দেখিবলৈ কইনাই হাতত জেতুকা লগাইছিল আৰু এতিয়া মেহেন্দী লগায়।

খাদ্য সম্ভাৰৰ কথাটো আৰু বেলেগেই। যিখন বিয়াত যিমানেই বৈচিত্ৰ্য খাদ্যৰ যোগান ধৰিব পাৰে সিমানেই চহকী। অসমীয়া বিয়াৰ বিশেষত্ব আছিল পৰম্পৰাগত খাদ্যৰ যোগান ধৰা। যেনে কল গছৰ পাতত খোৱা, ক’লা খাৰ দি বনোৱা ভিন্ন জুতিৰ আঞ্জা, মাছৰ মুৰ দি ৰন্ধা মুগৰ দাইল ইত্যাদি, এইবোৰ আছিল অসমীয়াৰ পৰম্পৰাগত খাদ্য। কিন্তু এতিয়া বিয়াৰ মেনুত অসমীয়া খাদ্যতকৈ পঞ্জাৱী, মোগলাই বা কন্টিনেনটেল খাদ্যৰ আধিপত্য বেছি। দৈ-চিৰা-গুৰৰ জলপানৰ ঠাইত এতিয়া ‘ষ্টাৰ্টাৰ’ হিচাপে বিদেশী খাদ্য পৰিবেশন কৰাটো এক ফেশ্বন হৈ পৰিছে। আগতে বিয়া মানে আছিল গোটেই গাঁওখনৰ কাম। কোনে খৰি ফালিব, কোনে দাইল বাছিব, কোনে মণ্ডপ সাজিব—তাৰ এক বিৰাট উৎসাহ আছিল। এতিয়া সেই ‘ৰাইজ’ৰ ঠাই লৈছে কেটাৰিং চাৰ্ভিচ আৰু ডেকোৰেটৰৰ কৰ্মীয়ে। তাৰোপৰি টকা দিলেই হোমৰ জুইত লগা খৰিখিনিৰ পৰা আখৈখিনিলৈ সকলো বস্তু কিনিবলৈ পোৱা যায়। ইয়াৰ ফলত মানুহৰ মাজত থকা আন্তৰিকতা কমি আহিছে আৰু সকলোবোৰ এক যান্ত্ৰিকতাত পৰিণত হৈছে। গাঁওবোৰত আগতে যেতিয়া গাঁৱৰ ডেকা ল’ৰাবোৰে খোৱা বোৱাবোৰ বিলাইছিল সেইবোৰত এক আপোনতা আছিল, সকলোৱে নিজৰ বুলি ভাবিছিল। এতিয়া বিয়াত খাবলৈ গ’লে শাৰী পাতি গৈ নিজেই খাদ্য ল’ব লাগে তাৰ পিছত থিয় হৈ খাব লাগে, দ্বিতীয় বাৰ কিবা লাগিলে আকৌ নিজে আনিব যাব লাগে। এইবোৰ জানো আমাৰ নিয়ম। “অতিথি দেৱো ভৱ” বুলি এষাৰ কথা আছে, যাৰ অৰ্থ হৈছে অতিথি ভগৱানৰ সমান। তেনে ক্ষেত্ৰত নিমন্ত্ৰণ দি মাতি অনা অতিথিক এনে ব্যৱহাৰ কৰাটো উচিতনে ?
অসমীয়া বিয়াৰ প্ৰাণ আছিল বিয়া নাম। নোৱাবৰ সময়ত, চাউল খুন্দোতে বা দৰা-কইনা সজাওতে আইসকলৰ মুখত যি বিয়া নাম শুনা গৈছিল, সেয়া এতিয়া ডিজে (DJ) বা লাউডস্পীকাৰৰ তীব্ৰ শব্দৰ তলত হেৰাই গৈছে। ‘নামতীৰ’ ঠাই লৈছে মেকআপ আৰ্টিষ্ট আৰু ইভেণ্ট মেনেজাৰে। বিয়াখন এতিয়া এটা পবিত্ৰ অনুষ্ঠানতকৈ ‘ষ্টেটাচ চিম্বল’ বা সামাজিক মৰ্যাদা প্ৰদৰ্শনৰ থলীত পৰিণত হৈছে। ছচিয়েল মিডিয়াৰ বাবে কৰা ‘প্ৰি-ৱেডিং ফটোগ্ৰাফী’ বা ফটোৰ প’জ দিওঁতেই বিয়াৰ আচল নীতি-নিয়মবোৰ গৌণ হৈ পৰিছে। শেষত ক’ব পাৰি যে, পৰিৱৰ্তন জগতৰ নিয়ম, কিন্তু পৰিৱৰ্তনে যদি নিজৰ পৰিচয়কে বিলীন কৰি পেলায়, তেন্তে সেই পৰিৱৰ্তন ভয়াৱহ। আমি অনা-অসমীয়া সংস্কৃতিক ঘৃণা কৰাৰ প্ৰয়োজন নাই, কিন্তু নিজৰ চহকী সংস্কৃতিক বিসৰ্জন দি আনক অনুকৰণ কৰাটো আমাৰ দেউলীয়াপনাৰ হে পৰিচয়। ধাৰ কৰি বিয়া পাতি সমাজত জিলিকি উঠাতকৈ, নিজৰ পৰম্পৰাক মৰ্যাদা দি সাধাৰণ ভাবে পতা বিয়া এখনেহে আমাৰ পৰিচয় জীয়াই ৰাখিব। আমাৰ নতুন প্ৰজন্মই যাতে বিয়াৰ নামত কেবল ‘হাল্ডি’ বা ‘সংগীত’কে নেদেখে, তাৰ বাবে আমি সচেতন হোৱাৰ সময় আহি পৰিছে। নহ’লে এদিন হয়তো যাদুঘৰতহে আমাৰ পৰম্পৰাবোৰৰ অস্তিত্ব বিচাৰি পোৱা যাব।