Tuesday, April 29

অসম সাহিত্য সভা অধিবেশন

১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হয়। সভাৰ প্রথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি ভূমিকা গ্রহণ কৰি আহিছে সেয়া অতুলনীয়। অসম সাহিত্য সভা শতবর্ষ পুৰণি অনুষ্ঠান।এইবাৰ ২০২৫ বৰ্ষটো অসমৰ বজালী জিলাৰ পাঠশালা চহৰত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন সুকলমে সমাপ্ত হয়। পাঠশালাত এইবাৰ দ্বিতীয় বাৰৰ বাবে এই অধিৱেশন অনুস্থিত হয়। ইয়াৰ পূৰ্বে ১৯৮৭ চনত এই অধিৱেশন সেই একেই ঠাইতে অনুস্থিত হৈছিল যদিও এইবাৰৰ অসম সাহিত্য সভা সম্পূৰ্ণ পৃথক। ৩১ জানুৱাৰী, ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী মুঠ পাঁচ দিনীয়া কাৰ্যসূচীৰ কিছু ব্যতিক্ৰমী ধৰণে এই অধিৱেশন পাৰ হয়। প্রতিদিনে লাখ লাখ মানুহৰ সমাৱেশ ঘটে এইবাৰৰ পাঠশালাৰ অসম সাহিত্য সভাত। অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামত উচৰ্গা কৰা ভট্টদেৱ ক্ষেত্রখনত অনুস্থিত হয় এই অধিৱেশন। ভাষাৰ প্ৰতি থকা টানৰ বাবেই হওঁক অথবা অসমৰ গৌৰৱ বুলিয়েই হওঁক অসম সাহিত্য সভা অধিেশন প্রথমদিনাই হাজাৰ হাজাৰ সাহিত্যানুৰাগীৰে ভৰি পৰে। নামঘৰৰ, গ্ৰন্থমেলা, বিজ্ঞান প্ৰদৰ্শনী, বজালী হাট এই সকলোবোৰে সাহিত্য সভাৰ সৌন্দৰ্য্য বহু গুণে বৃদ্ধি কৰে। অধিৱেশনৰ দ্বিতীয় দিনা একেলগে ১৮৫ খন পতাকা উত্তোলন কৰা হয়। অসমৰ এক অন্যতম চানেকি স্বৰূপ জাপিটোক ৮৭ ফুট আয়তনৰে সজাই প্ৰদৰ্শন কৰা হয় এইবাৰৰ অসম সাহিত্য সভাত। এই জাপিটোৱে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত এচিয়াৰ সৰ্ববৃহৎ জাপি হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই নতুন অভিলেখে পাঠশালাৰ লগতে অসমৰ মান আৰু বৃদ্ধি কৰে। এইবাৰৰ অসম সাহিত্য সভাৰ বিশেষ আকৰ্ষণ আছিল বিজ্ঞান প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীৰ উপযোগী বহুতো প্ৰয়োজন বস্তু প্ৰদৰ্শন কৰা হয়। তেলৰ ব্যৱহাৰ, গছ- গছনিৰ চানেকি, মহাকাশৰ কিছু কথা লগতে দুই মগজুৰ এটা বহু বছৰীয়া মানু্হ (যি জন্মৰ ১৫ দিনলৈ জীৱিত আছিল) তাত দেখুওৱা হৈছিল। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত এই মানুহৰ শৰীৰৰটো সংৰক্ষণ কৰি ৰখা আছে।

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা উন্মোচন হয় স্মৃতিগ্রন্থ “বজালী বৈভৱ”। স্মৃতিগ্রন্থখন প্ৰায় ১৩০০ পৃষ্ঠাৰ হোৱা বাবে ইয়াক দুটা অংশত প্ৰকাশ কৰিবলগীয়া হয়। এনেদৰে প্ৰকাশ পোৱা এইখনেই চাগে প্রথম স্মৃতিগ্রন্থ। তৃতীয় দিনা নৱ নির্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক লৈ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সাংস্কৃতিক শোভাযাত্রা হয়। অসমৰ সকলো গৌৰৱক সামৰি আমাৰ বৰেণ্য ব্যক্তিসকলক সোৱৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ অংশ গ্রহনো বিশেষ তাৎপর্যপূর্ণ। সাংস্কৃতিক শোভাযাত্রাত অসমৰ সকলো থলুৱা জাতি জনগোষ্ঠী, পৰম্পৰাগত উৎসৱ পাৰ্বনসমূহ, বজালী অঞ্চলৰ দুই অতি পুৰণি দেৱালয় – ভগেশ্বৰ দেৱালয় আৰু পৰিহৰেশ্বৰ দেৱালয়ৰ লগতে জালিখাতাত অৱস্থিত এছিয়াৰ দ্বিতীয় বৃহত্তম গছজোপাও হুবহু বনাই দেখুওৱা হয় সেই শোভযাত্ৰাত। আমাৰ মহাপুৰুষসকল, দেশ- জাতি- মাটি হকে যুঁজ দিয়া বীৰ শ্বহীদসকল, বিখ্যাত সাহিত্যিক আৰু শিল্পীসকল, জ্ঞানপীঠ বঁটা প্ৰাপক, সাহিত্য অকাডেমি বঁটা প্ৰাপক লগতে আৰু আন বহুতো কলা সংস্কৃতিৰে সামৰি শোভাযাত্ৰা সম্পন্ন কৰা হয়। ২ ফেব্ৰুৱাৰী দেওবাৰৰ দিনাখনেই অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিবেশনে এক অসাধাৰণ মাইলৰ খুঁটি অৰ্জন কৰি বজালীৰ পাঠশালাৰ ভট্টাদেৱ ক্ষেত্ৰত ১০ লাখৰো অধিক লোকৰ সমাগম ঘটাই শেহতীয়া কালৰ অন্যতম বৃহৎ ৰাজহুৱা সমাৱেশ হিচাপে পৰিগণিত হৈছে। মানুহৰ এনেকুৱা সঁহাৰিয়ে অসমৰ ইতিহাসৰ অন্যতম বৃহৎ সাহিত্য সমাৱেশ কৰি তুলিছে। এইবাৰৰ অসম সাহিত্য সভাত ১০০ চৌকাযুক্ত সুবৃহৎ ভোজনালয়ত একেলগে ১০ হাজাৰ প্রতিনিধিৰ খাদ্য গ্রহণৰ ব্যৱস্থাও কৰা হয়। গ্রন্থমেলাত অভাবনীয়ভাৱে মানুহৰ ভিৰ, এনেই ঘূৰি থকাৰ পৰিবৰ্তে মানুহে মাথোঁ কিতাপ কিনিছে। অসম সাহিত্য সভাৰ গ্ৰন্থমেলাত প্ৰায় ৫ কৌটি টকাৰ কিতাপ বিক্ৰী হয় বুলি জানিব পৰা গৈছে। অসম সাহিত্য সভাক লৈ বিভিন্ন সময়ত চলি থকা বিতর্কবোৰৰ অন্ত পৰক আৰু অসম সাহিত্য সভাই অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত অন্যতম অৰিহণা যোগাওক। “চিৰ চেনেহী মোৰ ভাষা জননী” কথাষাৰৰ গভীৰতা যেন সদায় বৃদ্ধি হৈ থাকক তাৰেই কামনা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *