Monday, June 16

অমৃত মহোৎসৱ

আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে ভাৰতবাসীয়ে পালন কৰি অহা ‘আজাদি কা অমৃত মহোৎসৱ’ ৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেম যোগাই তোলাৰ মানসেৰে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক অভিজান‌ আৰম্ভ কৰিছে। স্বাধীনতাৰ হিৰক জয়ন্তীৰ বছৰটো বিগত সময়চোৱাত দেশখনে লাভ কৰা সফলতা আৰু বিফলতা বিশ্লেষণৰ সুযোগ হিচাপে গ্ৰহণ কৰিব পৰা যায়। স্বাধীন জাতি হিচাপে পয়সত্তৰ বছৰ আমাৰ বাবে খুব কম সময় নাছিল। এই বৃহৎ সময়ছোৱাত কিছুমান দিশত ভাৰতে সফলতা অৰ্জন কৰাতো অনস্বীকাৰ্য। ৰাস্তা-ঘাট-দলং আদি নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিজ্ঞান-প্ৰযুক্তিৰ দিশলৈ দেশখনে কিছু পৰিমাণে হ’লেও উন্নতি কৰা কথাটো নুই কৰিব নোৱাৰি। কিন্তু সেই অনুপাতে মূলতঃ মূল্যবৃদ্ধিৰ প্ৰকোপত দৰিদ্ৰতাৰ সংখ্যা সন্তোষজনক ভাৱে হ্ৰাস নহ’ল। দেশখনৰ জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ ফলস্বৰূপে আন বহুতো সমস্যাৰ উদ্ভৱ হৈছে কিন্তু আমি এই সমস্যাৰ পৰা একেবাৰে লাভাম্বিত নোহোৱাকৈও থকা নাই। কাৰণ শিক্ষাৰ ক্ষেত্ৰত বৃটিছ শাসনৰ সময়ত দেশৰ মাত্ৰ ১২% লোকহে শিক্ষিত আছিল যাৰ তুলনাত ২০১১ চনৰ গণনা অনুসৰি ভাৰতৰ শিক্ষিতৰ হাৰ ৭৪% লৈ বৃদ্ধি পায় আৰু ইয়াৰ মাজতেই একাংশ মানৱ সম্পদে দেশৰ উন্নতিতো অৰিহণা যোগায়। আনফালে দেখাত সৰু কথা যেন অনুভৱ হ’লেও এয়া ক’ব লাগিব যে স্ত্ৰী ভ্ৰূণ হত্যা কঠোৰ আইনৰ জৰিয়তে বন্ধ কৰাৰ ফলত ভাৰতৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা তাতকৈ কিছু বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। অতি দুখজনক ভাৱে ক’বলৈ বাধ্য যে আজি স্বাধীনতাৰ ইমান বছৰৰ পাছতো ছোৱালীসকলৰ স্বাধীনতাৰ বিষয়টো প্ৰশ্নবোধক হৈ ৰ’ল, ঘৰৰ বাহিৰত থকা ছোৱালী এজনীৰ মাক দেউতাকৰ শান্তিৰ নিশ্বাস লোৱাৰ সোভাগ্য নহ’ল। একেদৰে যৌতুক প্ৰথায়ো দেশখনৰ ঠায়ে ঠায়ে বহুতো নাৰীৰ শৰীৰত মচিব নোৱাৰা দাগ লগাই থৈছে। এই আটাইবোৰ দিশলৈ লক্ষ্য ৰখাৰ পিছতো দেশ স্বাধীনৰ হকে শ্বহীদ হোৱা সেই বীৰ- বিৰাংগনাসকলৰ সেই সপোনৰ সোণোৱালী দেশখন আমি বাৰু গঢ়ি তুলিব পাৰিমনে ?

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *