Wednesday, February 4

দেওলাংখুই

সাধাৰণতে ঐতিহাসিক ঘটনাৰ কিতাপবোৰ পঢ়াত মোৰ নিচা অলপ অন্য কিতাপতকৈ কম আছিল। কিন্তু এই কিতাপখনে মোৰ সেই ধাৰণাও সলনি কৰি পেলালে। কিতাপখনত থকা ঘটনাবোৰ চকু সম্মুখত দেখি থকা যেন লাগিল। উপন্যাসখনত ইমানটা প্ৰজন্মৰ কাহিনী সংলগ্ন হৈ থাকিলেও অলপ সময়ৰ কাৰণেও পঢ়ি থকা সময়ত আমনি লগা নাছিল, কাৰণ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকটো চৰিত্ৰ ইটোৱে সিটোৰ সৈতে জড়িত। উপন্যাসখনত থকা প্ৰতাপচন্দ্ৰ, ৰাজমাতা, সগৰ, চন্দ্ৰপ্ৰভা, বকুলি, সাধুকুমাৰ, কনচাৰি, সোণজিৰা, আৰিমত্ত, চামল, গংগাৱতী, ৰত্নাৱলী, ৰত্নসিংহ, জকাংক, সুকমোলা, বাডচা ৰজা, ধনেশ্বৰ আদি প্ৰতিটো চৰিত্ৰই পাঠকক জীৱনৰ বাটত প্ৰয়োজন হোৱা শিক্ষা দিব বুলি মই ভাবোঁ।

চন্দ্ৰপ্ৰভাৰ জীৱনৰ প্ৰতিটো এন্ধাৰ প্ৰহৰত বুকুখন কপি উঠিছিল, চকুৰ দৃষ্টি অস্পষ্ট হোৱাৰ আগমূহুৰ্তত গলত কিবা হেঁচা অনুভৱ কৰিছিলোঁ। অলপ ভুল বুজাবুজিৰ বলি হৈ প্ৰতাপচন্দ্ৰই খঙত লোৱা সিদ্ধান্তৰ বাবে তেওঁ আজীৱন কষ্ট পাই থাকিব লগা হ’ল। তাৰ বিপৰীতে মনৰ পৰা‌ যে কাৰোবাক চিৰজীৱন নীৰৱে ভালপাব পাৰি সেই কথা দেওৰজাই প্ৰমাণ কৰি দেখুৱালে। যিজন ৰজাৰ বাবে সাধুকুমাৰে নিজৰ জীৱনৰ পথ সলনি কৰিবলৈ বাধ্য হ’ল সেইজন ৰজাৰ সন্তানকে তেওঁ নিজৰ পৰিচয় দি সিংহাসনৰ দায়িত্ব দিয়াৰ দৰে মহান কাম কৰাৰ বাবে কনচাৰি তেওঁৰ ওচৰত আৰু সেই সামাজখনৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ল। আৰু এই কৃতজ্ঞতাৰ টোপোলাটো ইমান গধুৰ আছিল যে কনচাৰিয়ে অনিচ্ছা সত্ত্বেও তেওঁৰ পুত্ৰৰ প্ৰেম প্ৰাপ্তিত বাধা দিবলৈ বাধ্য হৈছিল। যাৰ বাবে তেওঁ নিজৰ অতিবাহিত জীৱনৰ সময়বোৰ আকৌ এবাৰ গংগাৱতীৰ মাজত দেখিবলগীয়া হৈছিল। উপন্যাসখনৰ কিছুমান বিশেষ বিশেষ কথাই মোৰ হৃদয় স্পৰ্শ কৰি গৈছিল। তাৰ ভিতৰত এটা হ’ল – ইমান বছৰৰ পাছত যেতিয়া কনচাৰি আৰু প্ৰতাপচন্দ্ৰৰ দেখা দেখি হৈছিল তেতিয়া সময় স্তব্ধ হৈ ৰৈছিল, চন্দ্ৰপ্ৰভাই এৰি যোৱা সেই কোঠাটোৰ বৰ্ণনাখিনি বাৰে বাৰে চকুৰ সম্মুখত ভাহি উঠিছিল, শৰশয্যাত পৰি থাকা প্ৰতাপচন্দ্ৰৰ মনৰ সকলো অপ্ৰকাশিত কথাই যেন সেই কোঠাটোৱে চন্দ্ৰপ্ৰভাক বুজায় দিছিল, প্ৰতাপচন্দ্ৰ আৰু চন্দ্ৰপ্ৰভাই নীৰৱে নিঃশব্দে কিমান কথা পাতিলে সেয়া মই পঢ়ি শেষ কৰা যেন অনুভৱ কৰিলোঁ।

চন্দ্ৰপ্ৰভাই কি দেখা নাছিল এটা জীৱনতে। যাৰ সন্তান গৰ্ভত ধাৰণ কৰিছিল সেই মানুহজনৰ পৰাই নিৰ্বাসিত হৈছিল, যিজন ব্যক্তিৰ বাবে চন্দ্ৰপ্ৰভাৰ পৰা কনচাৰি হ’বলৈ সাহস পাইছিল সেইজন ব্যক্তিকেই সন্দেহ কৰি অনূসূচনাত ভুগিছিল আৰু নিজৰ পৰা আতৰাই ৰাখিবলৈ বাধ্য হৈছিল, পুত্ৰৰ পৰাক্ৰম দেখি সুখী হৈছিল যদিও সেই পুত্ৰৰেই হৃদয় ভাগি যোৱা শোকো দেখিছিল, নিজৰ পুত্ৰৰ হাতত স্বামীৰ মৃত্যু (অজানিতে) হোৱা দেখিছিল, চকুৰ সম্মুখত বোৱাৰীৰ আৰু নাতিনীয়েকৰ মৃত্যু দেখিছিল, নাতিয়েকৰ হাতত পুত্ৰৰ মৃত্যু (অজানিতে) দেখিছিল, জীৱনৰ বিয়লি বেলাত জকাংক আৰু সুকমোলাৰ সুখী সংসাৰ দেখি অলপ সুখ পাইছিল যদিও নিয়তিয়ে সেয়াও কাঢ়ি নিলে, অৱশেষত তেওঁ নাতি আৰু নাতিবোৱাৰীৰো মৃত্যুৰ মুখ দেখিব লগা হৈছিল। তথাপিও কিন্তু কনচাৰিয়ে নিজকে শিল কৰি সকলো সহিত গৈছিল, জীৱন যুঁজত হাৰি যোৱা নাছিল, পৰিনাতিক দুবাহুত লৈ জীৱনৰ শেষ সময়চোৱা কটাইছিল।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *