ভালপোৱা মাত্ৰ এটি শব্দ নহয়, ই হ’ল দুটা আত্মাৰ মিলনৰ অনুভৱ। উক্ত উপন্যাসখনত লেখিকাই কৈছে যে- ভিন্নতা স্পষ্ট ভাষাত আকোঁৱালি লোৱাই প্ৰকৃত সভ্যতা।
নিজৰ ব্যতিক্ৰমী মনটোৰ কথা মাকক বহুবাৰ কৈছিল অভিমন্যুৱে, কিন্তু নাই নুবুজিলে তেওঁ। সেয়ে ফুলশয্যাৰ নিশাই পত্নী ৰস্নাৰ ওচৰত ক্ষমা খুজি সকলো কথা প্ৰকাশ কৰিলে অভিমন্যুৱে আৰু সেই ল’ৰাৰ চেহেৰাৰ ভিতৰত সোমাই থকা নাৰীৰ মনটোক বুজি পালে ৰস্নাই। নিজৰ ভুলৰ বাবে এটা নিৰ্দোষ প্ৰাণীক কষ্ট দিয়া দোষবোধৰ পৰা পৰিত্ৰাণ পাবলৈ অভিমন্যুৱে বিয়া দিলে ৰস্নাক ৰাজীৱৰ লগত। ৰং তুলিকাৰ মাজত নিজৰ জীৱন অতিবাহিত কৰি অভিমন্যুৱে বাট চাই ৰ’ল নিজৰ ‘soulmate’ জনৰ বাবে। আৰু অৱশেষত পত্নী আৰু দুটা সন্তানৰ পিতৃ চিত্ৰ সমালোচক সুৰুযলোচন বৰুৱা হয় অভিমন্যুৰ আত্মাৰ লগৰি। এই পথ সহজ-সৰল নাছিল যদিও সেয়া ভগৱানে দিয়া আশীৰ্বাদ আছিল অভিমন্যুৰ বাবে। নিজক নিভাঁজকৈ প্ৰকাশ কৰি একো বিনিময় নিবিছৰাকৈ অকল মৰমেৰে উপচাই তোলাৰ পিছতো প্ৰেমিকে এৰি যোৱাৰ বেদনা কিমান সেয়া অভিমন্যুৱে অনুভৱ কৰিছিল। তথাপিও অভিমন্যুৱে জীৱন যুদ্ধত নিজকে হাৰি যাবলৈ নিদি সেই সম্পৰ্কক সম্মান জনাই স্মৃতিৰ ৰঙীন পাতবোৰক লৈ জীয়াই থাকিল।
২৫ বছৰে সংসাৰ কৰাৰ পিছতো কোনোদিনে ৰুবীক বুজিবলৈ চেষ্টা নকৰিলে অম্লানে। বৰঞ্চ ৰুবীক লাজ আৰু অপমানিত কৰি আমেজহে লৈ থাকিল অম্লানে। ইমান বছৰৰ পিছতো নিজৰ মন গিৰিয়েকক সপি নিদিয়া ৰুবীৰ জীৱনৰ অমানিশাত জোনাকীৰ পোহৰ বিলাবলৈ আগমন হ’ল ইঞ্জিনিয়াৰ ঝৰ্ণাৰ। ৰুবীৰ ভিতৰত মৰি যাব ধৰা শিশুটোক টোকৰ মাৰি জগাইছিল ঝৰ্ণাই। আপোনা মানুহে দিয়া কষ্টদায়ক ইতিহাস আৰু অষ্টম শ্ৰেণীতে কাটি পেলোৱা দীঘলীয়া বেণী দুডাল টিনৰ বাকচত কঢ়িয়াই লৈ ঘূৰি ফুৰা ঝৰ্ণাই বুজি পাইছিল গান গাই ভালপোৱা, শাস্ত্ৰীয় সংগীত ভালপোৱা, কবিতা ভালপোৱা, দেশ বিদেশৰ আটকধুনীয়া বস্তুৰে নিজৰ ঘৰখন সজাই ভালপোৱা ৰুবীজনীক। ৰাতি ক্লাবত আনৰ বেয়া দৃষ্টিৰ পৰা বচোৱাৰ পৰা আৰম্ভ কৰি ৰাতি মঞ্চত গান গাই থকা ৰুবীৰ সুৰক্ষা কৱচ হোৱালৈ যি কাম অম্লানে কৰিব লাগিছিল সেই কাম ঝৰ্ণাই কৰিলে। ক্লাবত ৰুবীৰ গানৰ প্ৰসংশা নকৰাকৈ থাকিব নোৱাৰি অম্লানৰ চৌধ্য বছৰীয়া girlfriend মিছেছ চলিহানীয়ে ৰুবীক সাৱটি ধৰিলে আৰু ইমান বছৰে কৰি অহা ভূলবোৰৰ বাবে ক্ষমাও বিচাৰিলে। অৱশেষত মৰি মৰি জীয়াই থকা ৰুবীক জীয়াই ৰাখিবলৈ ঝৰ্ণাই লৈ যায় ৰুবীক সেই নৰকৰ পৰা মুক্ত কৰি। এই কাহিনীয়ে শিকাই প্ৰেমত লিংগ বিষয় নহয়, প্ৰেম হ’ল আত্মাৰ মিলন।
বিশ্বনাথ চাৰিআলিৰ জোকতলি গাঁৱৰ চৈধ্য আৰু পোন্ধৰ বছৰীয়া ল’ৰা বুম্বা আৰু কাৱৈ সমাজত নিষিদ্ধ বুলি ভবা বিষয়টোৰ পিছত গাঁৱৰ পৰা পলাই নোযোৱা হ’লে হয়তো সিঁহতৰ জীৱন ইমান সলনি নহ’ল হেঁতেন। এই কাহিনীয়ে খুব সুন্দৰকৈ বুজাইছে যে ভাল পথৰ পথিক হ’লে কিমান উন্নতি কৰিব পাৰি। দুয়ো একে সময়তে কৰ্ম সংস্থাপন পোৱাৰ পিছতো বুম্বাই যিমানে উন্নতিৰ জখলা বগালে কাৱৈ সিমানেই আন্ধাৰৰ মাজলৈ গৈ থাকিল। দিন বাগৰাৰ লগে লগে এফালে বুম্বা হৈ পৰিল চহৰৰ নাম থকা ৰূপসজ্জাকৰ আৰু আনফালে কাৱৈ গৈ পৰিল AIDS ৰ কৱলত। জুম্পাই জীৱনৰ সৈতে হাৰি যোৱা ঘটনাটোৰ পিছত বুম্বাৰ নিজক চিনি পাবলৈ মন গ’ল, পুৰুষ প্ৰকৃতিক শ্ৰদ্ধা কৰিবলৈ মন গ’ল। ল’ৰাৰ দেহত থকা Androgens (Testoster one) আৰু ছোৱালীৰ Oestrogen আৰু Progesterone ৰ তাৰতম্যৰ ফলত কেতিয়াবা ল’ৰাই ছোৱালীৰ দৰে আচৰণ কৰা কথাটো ডা: কাকতিৰ সহায়ত বুম্বাই লাহে লাহে সহজ ভাবে ল’বলৈ ধৰিলে । আৰু কাহিনীটোৰ অন্তত দুয়ো ভাই আপোন ঘৰখনলৈ ঘূৰি আহিলে।
ড° আকাশীতৰাৰ এই এই উপন্যাসখন পঢ়ি মই খুব আপ্লুত হ’লো। উপন্যাসখনৰ তিনিটা প্লটত থকা এই তিনিওটা কাহিনীৰে প্ৰতিটো চৰিত্ৰই মন চুই গ’ল। সকলো মানুহৰে একো একোটা মন থাকে আৰু সকলোৰে মনৰ অনুভুতিক আমি সম্মান কৰিব লাগে।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]