Monday, June 16

পাণমছলা আৰু পিক পেলোৱাৰ সমস্যা

বিগত কেইটামান বছৰত নৱপ্ৰজম্মৰ যুৱক-যুৱতিৰ লগতে কিশোৰসকলোকো আকৰ্ষিত কৰি আহিছে কিছুমান শ্ৰুতিমধুৰ বাক্য লিখা থকা ৰঙীণ পেকেটে। কেশৰ বা ইলাচিৰ গুৰি বুলি বিজ্ঞাপনত দেখুওৱা এই পাণমছলা বিধ বহুতো বেমাৰৰ কাৰণ হৈ পৰিছে। বিখ্যাত অভিনেতাবোৰে ডাঙৰ চহৰত বনোৱা বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাত দেখা পোৱা সেই অভিনেতাজনে হাতত লৈ থকা পেকেটোৰ ছবিখনলৈ এই কেশৰ, ইলাচিৰ ব্যৱসায়টো আমি ভবাতকৈ বহুতেই বেলেগ। ভাৰতত চকলেটৰ কোম্পানীয়ে ১৬০০০ কৌতি টকা আৰু বিস্কুটৰ কোম্পানীয়ে ৩৭০০০ কৌতি টকাৰ ব্যৱসায় কৰি থকা অৱস্থাত ২০২১ চনৰ মতে পাণমছলাৰ কোম্পানীয়ে কিন্তু ৪১,৮২১ কৌতি টকাৰ ব্যৱসায় কৰি আছে। তেনেস্থলত এজন ডাঙৰ অভিনেতাৰ দ্বাৰা বিজ্ঞাপন বনাই তেওঁক ১০ কৌতি টকা দিলেও পাণমছলাৰ ব্যৱসায়ৰ মাত্ৰ ০.০২% হে খৰচ হয়। পানমছলা ৰপ্তানি কৰাত ভাৰত পৃথিৱীৰ ভিতৰতেই প্ৰথম স্থানত আছে আৰু ভাৰতৰ পৰা আটাইতকৈ বেছিকৈ আমদানি কৰা দেশখন হ’ল UAE (United Arab Emirates)। ধপাঁত সেৱন কৰাৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতেই দ্বিতীয় স্থানত আছে। ভাৰতৰ ধঁপাত (tabacco) কোম্পানীয়ে ৪.৫ কৌতি কৰ্মচাৰীয়ে কাম কৰি আছে। World Health Organization ৰ মতে প্ৰতি বছৰে প্ৰায় ১০ কৌতি মানুহৰ কেৱল ধপাঁত সেৱন কৰাৰ বাবেই কেন্সাৰ হৈ মৃত্যু হয় আৰু এই সংখ্যা ২১ শতিকাত ১০০ কৌতি হ’বগৈ। তেনেস্থলত কেন্সাৰ দোকানত বিক্ৰী কৰাতো গ্ৰহণযোগ্যনে ? নিশ্চয়কৈ নহ‌য়। ২০১১ চনৰ পিছত প্ৰত্যেক ৰাজ্য চৰকাৰে পাণমছলাৰ লগত ধপাঁত বিক্ৰী কৰা বন্ধ কৰি দিলে আৰু তাৰ ফলত কোম্পানীবোৰে পাণমছলাৰ পৰা ধপাঁত আতৰাই ইয়াক খাদ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰিবলৈ ল’লে। পাণমছলাৰ সেই ৰঙচঙীয়া পেকেটবোৰত কেন্সাৰ হ’বলগীয়া একোৱেই নাথাকে আৰু সেয়ে তাত কোনো ধৰণৰ কেন্সাৰৰ সতৰ্কবাণীও নাথাকে। বিজ্ঞাপনবোৰ মনোগ্ৰাহী কৰাৰ বাবে তাত দেখুওৱা ইলাচি বা কেশৰৰ পেকেটোৱে দোকানত পাণমছলা হিচাপে বিক্ৰী কৰা হয়। কিন্তু এই পাণমছলাৰ পেকেটো দোকানত কিনিব গ’লে তাৰ লগত দিয়া সেই সৰু পেকেটোহে প্ৰকৃততে মুখত হোৱা কেন্সাৰৰ কাৰণ। যোৱা কেইবছৰমানত কৰোনা মহামাৰীত প্ৰায় ৫ লাখ মানুহৰ মৃত্যু হয় কিন্তু প্ৰতি বছৰে কেৱল টি বি হৈ প্ৰায় ৫ লাখ মানুহৰ মৃত্যু হয়। টি বি সংক্ৰামক হোৱা বাবে পৃথিৱীৰ ভিতৰত কেৱল ভাৰতৰ পৰাই ১/৩ সংখ্যা ৰোগী আহে। এই টি বি বেমাৰৰ সৈতে পাণমছলাৰ কি সম্পৰ্ক সেয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। পাণমছলা খোৱা এজন ব্যক্তিয়ে ১০ মিনিটত ১০-২০ বাৰ পিক পেলায়, তেনে ক্ষেত্ৰত যদি এজন টি বি হোৱা ব্যক্তিয়ে (অটোৱালা/ ৰিক্সাৱালা) পাণমছলা খাই গোটেই চহৰখনত পিকাই ফুৰে তেনেহ’লে গোটেই চহৰখনে টি বিৰ দৰে মহামাৰীত আক্ৰান্ত হ’ব। ভাৰতীয় ৰেল (Indian Railway) সেৱাই প্ৰতি বছৰে ১২০০ কৌতি টকা কেৱল পিক চফা কৰাতেই খৰচ কৰে। বৰ্তমান আমি সদায় ঘূৰি ফুৰা দেখা পোৱা সকলো ঠাইতেই সেয়া ঘৰ, স্কুল, অফিচ, বেংক য’তেই নহওক কিয় সেই ৰঙা লেতেৰা পিক পেলোৱা চুক কোণবোৰ দেখা পাওঁ। পাণমছলা বনোৱা কোম্পানীবোৰৰ ওচৰত মোৰ অনুৰোধ তেওঁলোকে যেন অলপ টকা পিকবোৰ চফা কৰাতো খৰচ কৰে। লগতে পাণমছলা গ্ৰহণ কৰা লোকসকলোকো অনুৰোধ জনালোঁ- টি বি, কেন্সাৰৰ দৰে ৰোগবোৰৰ পৰা নিজকে বচাই ৰাখক আৰু এই অভ্যাস ত্যাগ কৰিব নোৱাৰিলেও অনুগ্ৰহ কৰি পিক পেলায় ঠাইবোৰ লেতেৰা নকৰিব ।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *