প্লাষ্টিক আমাৰ সকলোৰে বাবে কিমান ভয়াবহ সেয়া হয়তো আমি সকলোৱে ভালদৰেই জানো। অসম বা ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বতে প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ আচৰিত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত বিশ্ব ধ্বংসৰ মুখলৈ গৈ আছে। প্লাষ্টিক সামগ্ৰীসমূহ হ’ল অপচনশীল সামগ্ৰী। প্লাষ্টিক মাটিত পুতি থলেও পচি নাযায়, পুৰিলেও বায়ুমণ্ডল দূষিত হয়, নদী অথবা সাগৰত পেলাই দিলেও জলচৰ প্ৰাণীবোৰৰ মৃত্যু হয়। প্লাষ্টিকৰ ব্যৱহাৰে যে কেৱল মানুহৰেই ক্ষতি কৰিছে তেনে নহয় ই সমগ্ৰ বিশ্বৰ সকলো জীৱ – জন্তু, চৰাই – চিৰিকতিৰেই ক্ষতি সাধন কৰি আছে। বিভিন্ন গৱেষণা অনুসৰি বৰ্তমানো ৯০৩ কৌতি টন প্লাষ্টিক গোটেই বিশ্বত মজুত আছে। ইয়াৰে ১.৩ কৌতি টন প্লাষ্টিক প্ৰতি বছৰে সাগৰত পেলাই দিয়া হয়। সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিদিনে প্ৰায় ২৫,৯৪০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হয়। ইয়াৰোপৰি প্ৰতি বছৰে বিদেশৰ পৰা এক লাখ মেট্ৰিক টন প্লাষ্টিক ভাৰতলৈ আহে।
অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগে ২০১৯ চনৰ ২৯ এপ্ৰিল আৰু ১০ জুলাইৰ অধিসূচনাৰ জৰিয়তে সমগ্ৰ ৰাজ্যত কাৰ্য্যকাৰী কৰিব পৰাকৈ ৫০ মাইক্ৰনতকৈ কম ডাঠৰ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ, বিক্ৰীত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু এই নিষেধাজ্ঞা যেন মাত্ৰ এক আনুষ্ঠানিক কথা হৈ ৰ’ল, এচাম লোকে এই নিষেধাজ্ঞাক মনৰ পৰা গ্ৰহণ নকৰিলে। তথাপিও তাৰ পিছতো বহু উদ্যোগি ব্যক্তিয়ে পচনশীল সামগ্ৰীৰ ব্যৱসায়ত নিয়োজিত হৈছিল। অসম চৰকাৰে পৰিৱেশ সুৰক্ষাৰ দিশত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আছিল এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক নিষিদ্ধকৰণৰ বিষয়টো। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে অধিসূচনা জাৰি কৰাৰ পিছতো পূৰ্বৰ দৰেই বাধাহীন ভাৱে চলি থাকিল এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক সামগ্ৰীসমূহ। অৱশেষত সকলোৰে বাবে এটাই অনুৰোধ যথা সম্ভৱ প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু নিজৰ লগতে ভৱিষ্যত প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]