মৃণাল কলিতাদেৱৰ “বকুল ফুলৰ দৰে” কিতাপখন ছমাহ মান আগতেই মোৰ ভাল লগা কিতাপবোৰৰ মাজত এখন হৈ পৰিছিল আৰু যিদিনাখন কিতাপখনে সাহিত্য একাডেমী বঁটা লাভ কৰা খবৰটো পাইছিলো সেইদিনা কেনেকুৱা লাগিছিল সেয়া হয়তো বুজোৱা টান হ’ব। “বকুল ফুলৰ দৰে” সচাঁকৈ নিভাজ সোণৰ শব্দৰে গঢ়া এখন কিতাপ। অসীম, নিৰ্মল, অনুভৱ মাষ্টৰ, মহেন্দ্ৰ মাষ্টৰ, জিলমিল, অসীমৰ মাক দেউতাক, আজলী, সীমান্ত প্ৰত্যেকটো চৰিত্ৰই আমাৰ হৃদয়ৰ একোণত ঠাই লৈছে। কিতাপখনৰ কাহিনী ভাগ প্ৰকৃততে যিকোনো বয়সৰ লোকেই পঢ়ি ভাল পাব পৰা ধৰণৰ কাহিনী। কাহিনীটোৱে শিক্ষাৰ্থী – শিক্ষকৰ পৰা আৰম্ভ কৰি বন্ধুত্ব, অভিভাৱক আদি সকলোকে সামৰি লৈছে। অসীমৰ অসীম পৰিশ্ৰম আৰু একাগ্ৰতাই তাক কেনেদৰে সাফল্যৰ পথত আগবঢ়াই নিয়ে সেয়া সচাঁকৈ আৱেগিক কৰি তোলা এক কাহিনী। নিৰ্মলৰ নিৰ্মল বুকুখনত সেই জন্মগত অসুখটোৰ কথাটোৱে পাঠকৰ হৃদয়ৰ কোনোবাখিনিত অলপ হ’লেও খুন্দা মাৰি থৈ যাব। অসীম আৰু নিৰ্মলৰ দৰে বন্ধুত্ব খুব কমকৈহে দেখিবলৈ পোৱা যায়। অসীমে দৰিদ্ৰতাৰ হৈ আৰু নিৰ্মলে নিজৰ শৰীৰটোৰ হৈ যি অক্লান্ত চেষ্টা কৰিছে সেয়া সচাঁকৈ হৃদয়স্পৰ্শী ঘটনা। সেই বন্ধুত্ব ঈশ্বৰিক। একেদৰে কিতাপখনৰ আন এটি মুখ্য তথা আকৰ্ষণীয় চৰিত্ৰ হ’ল অনুভৱ মাষ্টৰ। অনুভৱ মাষ্টৰৰ ছত্ৰছায়াত আৰু নিৰ্মলৰ দৰে বন্ধুৰ সহায়তহে শেষ হ’বলৈ লোৱা শিক্ষাজীৱন অসীমে আকৌ ঘূৰাই পাইছিল। কিতাপখনে প্ৰতিজন শিক্ষাৰ্থীৰ মনত এজন অনুভৱ মাষ্টাৰক লগপোৱাৰ হাবিয়াস নিশ্চয় জগাই তুলিব। কিতাপখনত সকলো মানুহকে আৱেগিক কৰি তুলিব পৰা এক শক্তি আছে। কিতাপখনৰ নামটোতেই নিহিত হৈ আছে কাহিনীটোৰ গোন্ধ। এই বকুল ফুলপাহ হাতত তুলি লোৱাৰ পিছত তাৰ গোন্ধই সকলোকে যে পুলকিত কৰিব সেইটো নিশ্চিত । অৱশেষত মৃণাল কলিতাদেৱলৈ অলেখ অভিনন্দন জনালোঁ ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]