Monday, June 16

লাচিত বৰফুকন

সমগ্ৰ ভাৰতবৰ্ষৰেই ইতিহাসৰ অন্যতম বীৰ যোদ্ধা হ’ল অসম ৰাজ্যৰ নৱমজন ফুকনলুং লাচিত বৰফুকন বা চাও লাচিত ফুকনলুং। অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই গৌৰবাম্বিত হোৱা এক অপৰাজেয় ব্যক্তিত্ব, অদম্য সাহস আৰু সংগ্ৰামৰ এক প্রতীক তথা চিৰসেউজ সত্বাৰ নাম আমি বীৰ লাচিত বৰফুকন বুলি ক’ব পাৰো। বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম । তেওঁৰ দেউতাক আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-মাইৰ সপ্তম পুত্ৰ। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত ৷ ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নির্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কর্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্রচলিত আছে। শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকি থকা যুগমিয়া সময়। মহা শক্তিশালী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকনৰ নেতৃত্বই অসমবাসীৰ সাহস তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নৰীয়া শৰীৰে তথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে যুদ্ধত লিপ্ত হ’ল সেয়া খুবেই প্ৰশংসনীয়। লাচিত বৰফুকনৰ নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা। আজিও প্ৰতিজন অসমীয়াৰ শিৰে শিৰে লাচিতৰ ৰক্ত প্ৰবাহিত হৈ আছে। শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত “লাচিত মৈদাম” নিৰ্মাণ কৰে। ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্রেম সদায় অসমীয়াৰ আৱেগ আৰু স্বভিমান হৈ ৰ’ব।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *