শুকুলা মেঘৰ নাচোনেৰে, শেৱালিৰ সুগন্ধৰে, বকুল ফুলৰ সুবাসেৰে আৰু কঁহুৱাৰ সৌন্দৰ্যৰে হিমচেচাঁ কুঁৱলিৰ স্পৰ্শ অনুভৱ কৰাবলৈ আকৌ আহিল ঋতুৰাণী শৰৎ। শৰৎ মানেই এক মিঠা শিহৰিত অনুভৱ। শৰৎ বুলিলেই প্ৰথমে মনলৈ আহে শেৱালীৰ সেই মনোমোহা সুবাস। শৰৎ আৰু শেৱালীৰ মাজৰ সম্পৰ্ক যেন অনাদি কালৰ পৰাই চলি আহিছে। শৰৎৰ ৰাতিপুৱা শেৱালীৰ তলত দুৱৰিৰ দলিচাৰ ওপৰত শুভ্ৰ সাজ পিন্ধি শ্যামল ফোট লোৱা কোমল শেৱালী ফুলবোৰ পৰি হাঁহি থকা দেখিলে মনত এক অনাবিল সুখ পোৱা যায়। বাৰিষাৰ নীলা আকাশৰ বুকুৰ পৰা ক’লা মেঘৰ আৱৰণ আতৰাই আমাৰ জীৱনবোৰত শৰতে আনে সুখৰ খবৰ। সেউজীয়া পথাৰখনেও যৌৱন প্ৰাপ্ত হয় শৰৎৰ পৰসত। শৰৎৰ আগমনত গছ – গছনি, ফুল- লতা নতুনকৈ হালিছে। বৰষুণে তিয়াই যোৱা প্ৰকৃতিৰ বুকুলৈ নামিছে চঞ্চলতা। শেৱালীৰ কলিৰ আৰম্ভণিৰে মনোমোহা হয় জোনাকী সন্ধিয়া, আমোলমোলাই শেৱালীৰ গোন্ধ, সেই গোন্ধৰ মাদকতাৰে সৈতে নিয়ৰত সেমেকি উঠে ৰাতিপুৱা। সুজলা – সুফলা, শস্য – শ্যামলা অসমী আইৰ সৌন্দৰ্যৰ লগত জড়িত হৈ থকা বছৰৰ ছয় ঋতুৰ ভিতৰত বসন্ত আৰু শৰৎক প্ৰসস্ত বুলি গণ্য কৰা হয় । কাৰণ এই সময়ছোৱাত গৰম অথবা ঠাণ্ডা দুয়োটাৰে প্ৰাবল্য নাথাকে অৰ্থাৎ নাতিশীতোষ্ণ পৰিবেশ হয়। বসন্ত ঋতুক যিদৰে ঋতুৰাজ বুলি কোৱা হয় ঠিক তেনেদৰে শৰৎ ঋতুকো ঋতুৰাণী অথবা শাৰদীৰাণী বুলি কোৱা হয়। এই শৰৎৰ চঞ্চল বতাহত মতলীয়া হৈ নাচি থকা নৈৰ পাৰৰ কঁহুৱাবোৰ দেখিলে মনত পৰে সুধাকণ্ঠই লিখি থৈ যোৱা “কঁহুৱা বন মোৰ অশান্ত মন” গীতটোলৈ। শৰৎক লৈ আৰু বহুত গীতিকাৰে গীত লিখে, কবিয়ে কবিতা লিখে মুঠতে শৰৎ বুলিলে সৃষ্টিশীলতাত জড়িত অনেক। এই শৰতে দুঃসময়বোৰ আতৰাই কঢ়িয়াই আনক আশাৰ এক নতুন কিৰণ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]