Monday, June 16

সামাজিক মাধ্যমে সকলোৰে সুখ কাঢ়িছে নেকি ?

বৰ্তমান গোলকীয় যুগত আমি এৰাই চলিব নোৱাৰা আমাৰ অন্যতম প্ৰয়োজন বিধ হ’ল সামাজিক মাধ্যম। সামাজিক মাধ্যম আমি আমাৰ হাতত লৈয়ে ঘূৰি ফুৰা স্মাৰ্টফোনটোৰ সহায়তে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণে ইয়াৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ দিনক দিনে বাঢ়ি গৈছে। এই স্মাৰ্ট ফোনটো জীৱিত নাইবা বেছি ব্যৱহৃত হৈ থাকে একমাত্ৰ সামাজিক মাধ্যম(social media) ৰ বাবেহে। এক কথাত কবলৈ গলে স্মাৰ্ট ফোনটো মেন জীয়াই আছে কেৱল মাত্ৰ সামাজিক মাধ্যমবোৰৰ বাবেহে। আজি সামাজিক মাধ্যমৰ প্ৰচলন অবিহনে আমি জীয়াই থকাটো আমাৰ পক্ষে প্ৰায় অসম্ভৱৰ দৰেই হৈ পৰিছে। দৰাচলতে সামাজিক মাধ্যম বুলি ক’লে আমি গুগল, হোৱাটচাপ, ফেইচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউ টিউব, টেলিগ্ৰাম, প্ৰিন্টৰেষ্ট, স্নেপচ্যাট, লিঙ্কডইন, টাম্বলাৰ, ল্ফিকাৰ, ৰেডডিট, কিউজন, মিটআপ আদি এই সকলোবোৰকে সামৰি ল’ব পাৰোঁ আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ সুবিধাও ল’ব পাৰোঁ। উদাহৰণস্বৰূপে পৃথিৱীৰ যিকোনো নজনা কথা গুগলত আমি কিছু মূহুৰ্তৰ ভিতৰতে জানিব পাৰোঁ, হোৱাটচাপ ফেচবুক অথবা ইনষ্টাগ্ৰামৰ সহায়ত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ফটো- অডিও- ভিডিও আদিৰ আদান‌ প্ৰদান কৰিব পাৰোঁ, ঠিক তেনেদৰে বাকীবিলাক মাধ্যম ব্যৱহাৰ কৰিও আমি কিতাপ পঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন খবৰ বাতৰি পোৱালৈ, খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি পিন্ধা সামগ্ৰীলৈ সকলো ধৰণৰ সুবিধা লাভ কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি আমাৰ হাতৰ মুঠিতেই পৃথিৱীখন ধৰি ৰাখিব পাৰোঁ বুলি ক’লেওঁ ভুল কোৱা নহ’ব। মুঠতে আজিকালিৰ ব্যস্ততাৰ যুগত এই সামাজিক মাধ্যমবোৰে আমাৰ সকলোৰে বাবে বহুখিনি সুবিধা কঢ়িয়াই আনিছে । কিন্তু আশীৰ্বাদ স্বৰূপ এই সামাজিক মাধ্যমবোৰ আমি যিমানে ব্যৱহাৰ কৰিছোঁ সিমানেই আন মাধ্যমবোৰৰ প্ৰতি আমি অন্যায় কৰাৰ দৰে হোৱা নাইনে ? আন মাধ্যমৰ কথা ক’লে আমি ৰেডিঅ’, টেলিভিছন, বাতৰিকাকত, আলোচনী, অন্যান্য কিতাপ এই সকলোবোৰৰ কথাকে ক’ব পাৰোঁ।
বৰ্তমান মোবাইল ফোনৰ সময়ত খুব কম সংখ্যক মানুহৰ ঘৰতহে কিজানি ৰেডিঅ’ দেখিবলৈ পোৱা যাব। কিন্তু আজিৰ পৰা কেইবছৰমান আগতে সকলোৰে ঘৰৰ আটাইতকৈ আদৰৰ আৰু মৰমৰ বস্তুবিধেই আছিল ৰেডিঅ’। কাৰণ এই ৰেডিঅ’তেই মানুহে গান শুনাৰ পৰা বাতৰি শুনালৈ সকলো উপভোগ কৰিছিল আৰু ৰেডিঅ’ৰেই সময় নিৰুপন কৰিছিল। ঠিক তেনেদৰে আমাৰ ব্যস্ততাৰ বাবেই হওঁক অথবা বিৰক্তিৰ বাবেই হওঁক সৰহসংখ্যক লোকৰে টেলিভিছন চোৱাৰ প্ৰবণতাও দিনক দিনে কমি আহিব ধৰিছে। আগতে দিনটোৰ এটা নিৰ্দিষ্ট সময়ত ৰামায়ণ, মহাভাৰতৰ দৰে অনুষ্ঠানবোৰ চাবলৈ এঘৰ মানুহৰ ঘৰত সৰুৰ পৰা ডাঙৰলৈ সকলো গাঁওৰ মানুহ একগোট হৈ উপভোগ কৰি চাইছিল নাইবা খেলাবোৰ চাবলৈও সকলোৱে লগ হৈ বহি চোৱা দেখা গৈছিল। কিন্তু এতিয়া সেইবোৰ পৰিৱেশ কেৱল মাত্ৰ স্মৃতি হৈয়ে ৰ’ল। কাৰণ এই আটাইবোৰ অনুষ্ঠান আমি মোবাইল ফোনটোত থকা বিভিন্ন সামাজিক মাধ্যমবোৰৰ সহায়ত অতি সহজে চাব পাৰোঁ। একেদৰে এই ক্ষেত্ৰত আমি বিশেষকৈ ছপা মাধ্যমৰ কথাকে ক’ব পাৰোঁ । বিভিন্ন ৱেবছাইটবোৰৰ জৰিয়তে সকলো ধৰণৰ কিতাপ বা অধ্যয়নৰ পাঠ সুলভ হোৱাৰ পৰা কিতাপৰ বিক্ৰীৰ সংখ্যাও কমি গ’ল। গ্ৰামাঞ্চলবোৰত আগতে দেখা পোৱা কিতাপৰ দোকানবোৰ এতিয়া প্ৰায় নোহোৱা হ’ল। এই কিতাপৰ দোকানবোৰক কেন্দ্ৰ কৰি এক বৌদ্ধিক চৰ্চা গঢ় লৈ উঠিছিল। কিতাপ এখন হাতত তুলি লৈ পঢ়াৰ যি এক সুকীয়া মাদকতা আছে সেয়া জানো মোবাইলত উপলব্ধ হোৱা কিতাপখনত আছে ? কিন্তু বৰ্তমানৰ বেছিভাগ ল’ৰা-ছোৱালীয়ে এই সুকীয়া মাদকতাবিধৰ পৰা দূৰত বিচৰণ কৰা দেখা যায়, যাৰ ফলস্বৰুপে অসমীয়া কিতাপৰ বিক্ৰীৰ সংখ্যাও একেবাৰে কম। অসমৰ ভাষা প্ৰকাশনৰ দৰেই হিন্দী আৰু বাংলা ভাষাৰ প্ৰকাশনৰ অৱস্থাও প্ৰায় একেই। এইবোৰৰ সমপৰিমাণে ভাৰতবৰ্ষত বাতৰিকাকতৰ প্ৰচলন তেনেই ভাল যদিও অসমত ছপা মাধ্যম একেবাৰে সংকটত বুলি ক’ব পাৰি। বিভিন্ন গৱেষণা অনুসৰি জানিব পৰা গৈছে যে স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষত ২০০ খন বাতৰিকাকতৰ পৰা ২০১৫ চনলৈ ১ লাখৰো অধিক বাতৰিকাকতৰ প্ৰচাৰণ হৈছিল আৰু বৰ্তমান গোটেই ভাৰতবৰ্ষত মুঠ ১,০৫,৪৪৩ খন বাতৰিকাকত পঞ্জীয়কৰ ওচৰত নিবন্ধিত হৈ আছে। ভাৰতৰ আটাইতকৈ বেছি বাতৰিকাকত ছপোৱা দেশ হ’ল উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ। উত্তৰ প্ৰদেশত মুঠ প্ৰায় ১৬ হাজাৰৰো অধিক বাতৰিকাকত আৰু মহাৰাষ্ট্ৰত প্ৰায় ১৪ হাজাৰৰো অধিক বাতৰিকাকত প্ৰচাৰিত হৈ আছে। তেনে স্থলত অসমত মাত্ৰ ২৭ খন বাতৰিকাকতহে প্ৰচলিত হৈ আছে আৰু সেইবোৰৰ নাম হ’ল অসমীয়া প্ৰতিদিন, আমাৰ অসম, নিয়মীয়া বাৰ্তা, জনমভূমি, অসমীয়া খবৰ, সাদিন, The Assam Tribune ইত্যাদি। দুখৰ বিষয়টো হ’ল যে অসমৰ ইমান কেইখন বাতৰিকাকতৰ ভিতৰত কোনো এখন বাতৰিকাকতৰেই প্ৰচাৰণৰ সংখ্যাই ২ লাখৰ ঘৰ চুব নোৱাৰিলে। এই ২৭ খন বাতৰিকাকতৰ অধিক প্ৰচলন হোৱা বাতৰিকাকতখন হৈছে “অসমীয়া প্ৰতিদিন”। অসমীয়া প্ৰতিদিনৰ প্ৰচলনৰ সংখ্যা হ’ল ১,৭৪,১৬২ খন। অনলাইন যোগে বাতৰিকাকতবোৰ পঢ়িবলৈ সুলভ হোৱাৰ পিছৰে পৰা এইবোৰৰ প্ৰচলন কমি যোৱা নাইনে ? অনলাইন যোগে পঢ়িব পৰা সুবিধাৰো আমাক প্ৰয়োজন আছে কাৰণ প্ৰয়োজনসাপেক্ষে আটাইকেইখন বাতৰিকাকত কিনি পঢ়াটো এজন সাধাৰণ মানুহৰ পক্ষে সম্ভৱপৰ নহয়। কিন্তু তথাপিও অসমৰ প্ৰায় এক শতাংশ লোকেহে বাতৰিকাকতৰ প্ৰতি আকৰ্ষিত বুলি ক’লেও ভুল কোৱা নহ’ব। বাকী ৯৯ শতাংশ লোকেই বাতৰিকাকতৰ পৰিবৰ্তে নিউজ চেনেল, নিউজ প’ৰ্টেল, ইউটিউব আদিৰ দৰে আন আন সামাজিক মাধ্যমবোৰৰ জৰিয়তে খবৰসমূহ চায়। ঠিক তেনেদৰে অসমত প্ৰচলিত অসমীয়া আলোচনীবোৰৰো প্ৰায় একেই অৱস্থা বুলি ক’ব পাৰি। অসমীয়া আলোচনীবোৰৰ ভিতৰত প্ৰান্তিক (১৯৪১), বিস্ময় (১৯৬৮), গৰিয়সী (১৯৯৪), মায়া (১৯৯৯), নন্দিনী (২০০০), সাতসৰী, বাৰ্তাপখিলি, প্ৰিয় সখী ইত্যাদিৰ নাম ল’ব পাৰি। এই সকলোবোৰ আলোচনীতে বিভিন্ন ধৰণৰ সৃষ্টিশীল লেখা প্ৰকাশিত কৰা দেখা যায়। কিন্তু তথাপিও এইবোৰৰ প্ৰচাৰ বৰ্তমান সময়ত কমি অহা দেখা গৈছে। আগতে সদায় ৰাতিপুৱা প্ৰতিঘৰ মানুহৰ ঘৰত এজন মানুহে গৈ বাতৰিকাকত দি থৈ অহা দেখিবলৈ পোৱা গৈছিল। অফিচে – দোকানে হাতত বাতৰিকাকত লৈ বিক্ৰী কৰি এচামে জীৱন নিৰ্বাহ কৰি চলিছিল। সমানে পষেকীয়া – মাহেকীয়া আলোচনীৰো বিক্ৰী হৈছিল। ৰে’ল-বাছতো বাতৰিকাকত বিক্ৰী কৰা মানুহ যেনেকৈ সুলভ আছিল ঠিক তেনেকৈ হাতত বাতৰিকাকত বা আলোচনী লৈ পঢ়ি থকা মানুহৰ দৃশ্যও সুলভ আছিল। কিন্তু বৰ্তমান সেই আটাইবোৰ দৃশ্য সাধুকথাৰ দৰে হ’বলৈ গৈ আছে। আমি বৰ্তমান যুগৰ সৈতে খোজ মিলাই চলিবলৈ হ’লেও এই সামাজিক মাধ্যমবোৰ ব্যৱহাৰ কৰা অত্যন্ত প্ৰয়োজনীয় কিন্তু তাৰ অৰ্থ এয়া নহয় যে আমি আন সকলো মাধ্যমৰ পৰাই আঁতৰি থাকিম, আন মাধ্যমবোৰো সমপৰিমাণে ব্যৱহাৰ কৰাতো আমাৰ সকলোৰে প্ৰয়োজনীয়। আমি যিমানে বিজ্ঞানক আকোঁৱালি লৈছো সিমানে সৃষ্টিশীল অসমীয়া সাহিত্যৰ পৰা দূৰত বিচৰণ কৰিব গৈ আছোঁ। ইয়াৰ লগতে সামাজিক মাধ্যমে আমাক যিমানে ভাৰ্চুৱেলী ওচৰচপাই আনিছে সিমানে আমাৰ আত্মীক সম্পৰ্কবোৰ কমি আহিছে।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *