বৰ্তমানৰ যান্ত্ৰিকতাৰ পৃথিৱীত আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আহিলাবিধেই হ’ল স্মাৰ্টফোন , যাক আমি অতি সহজে হাতত লৈ ঘূৰি ফুৰিব পাৰো ।এই স্মাৰ্ট ফোনৰ জৰিয়তে আমি যিকোনো কাম অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতেই ঘৰত বহিয়েই কৰিব পাৰো। সেয়ে স্মাৰ্ট ফোনটো হৈ পৰিছে আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। আজিকালি যিহেতু অধিকাংশ কাম অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হয় গতিকে এই ক্ষেত্ৰতো স্মাৰ্ট ফোনটোৰ ভূমিকা শলাগ লবলগীয়া । এই স্মাৰ্ট ফোনটোৰ জৰিয়তেই আমি যিকোনো নজনা কথা মূহুৰ্ততেই জানিব পাৰো। ইয়াৰোপৰি যোৱা প্ৰায় দুবছৰ ধৰি কভিডসৃষ্ট পৰিবেশত সৰুৰ পৰা ডাঙৰলৈ সকলো ছাত্ৰ – ছাত্ৰীয়ে অনলাইন যোগেদিয়েই শিক্ষাগ্ৰহণ কৰাৰ লগতে পৰীক্ষাও দিব লগা হৈছিল আৰু লগতে নতুনকৈ বিদ্যালয়লৈ যাব লগা সৰু সৰু ল’ৰা-ছোৱালীবোৰে বিদ্যালয়ৰ মুখ নেদেখাকৈয়ে অনলাইন অৰ্থাৎ ভিডিও অডিওৰ যোগেদিয়েই শিক্ষাগ্ৰহণৰ আৰম্ভণি কৰিব লগা হৈছিল । সৰু ল’ৰা-ছোৱালীৰ পৰা বয়োজেষ্ঠজনলৈ প্ৰায় সকলো স্মাৰ্টফোনৰ দ্বাৰা যথেষ্ট লাভাম্বিত হৈছে যদিও, ইয়াৰ কিছু বেয়া দিশো নথকা নহয়। বৰ্তমান নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে স্মাৰ্ট ফোনৰ ভাল দিশতো আকোঁৱালি লোৱাৰ পৰিবৰ্তে ইয়াৰ অত্যাধিক ব্যৱহাৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাহে দেখা পোৱা গৈছে । কৰ’না কালত শিক্ষাৰ্থীসকলৰ অনলাইন পাঠদানৰ নামত মোবাইল ফোন চোৱাৰ যি প্ৰবণতা বৃদ্ধি পালে তাৰ বাবেই যে তেওঁলোকৰ মনোযোগ শক্তি কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগতে মানসিক স্বাস্থ্যৰো পৰিবৰ্তন হ’ল সেয়া স্বীকাৰ কৰিবই লাগিব। বিশেষকৈ আমাৰ এখোজ দুখোজকৈ আগবঢ়িব ধৰা নতুন প্ৰজন্মৰ কথাকে ক’ব পাৰি। আজিকালি শিশুৰ পৰা আৰম্ভ কৰি কৈশোৰ অৱস্থালৈকে প্ৰায় সকলো ল’ৰা – ছোৱালীবোৰৰ স্মাৰ্ট ফোনটোৰ প্ৰতি ভয়ানক ভাৱে আসক্তি তথা এক প্ৰকাৰৰ নিচাগ্ৰস্ত হৈ পৰিছে। এই স্মাৰ্টফোন ব্যৱহাৰ ফলত কিশোৰসকলৰ শাৰীৰিক আৰু মানসিক দুয়োটা দিশৰেই অৱনতি ঘটিব পাৰে । যেনে বহু সময় মোবাইল চাই বহি থকাৰ ফলত চকুৰ দৃষ্টিশক্তি হ্ৰাস পাবলৈ ধৰে লগতে স্পন্ডিলাইটিসৰ দৰে বেমাৰবোৰৰ আৰম্ভণি হোৱাও দেখা যায়, বিভিন্ন ধৰণৰ অনলাইন গেম’ (PUBG, FREE FIRE) বোৰ ব্যৱহাৰৰ ফলত বিশেষকৈ ল’ৰাবোৰ উশৃংখল হোৱা দেখা যায়। ইয়াৰোপৰি বিভিন্ন ৱেবছাইটবোৰত সুলভ হোৱা অশ্লীল ভিডিওবোৰ চাই এচাম ল’ৰা- ছোৱালীৰ মানসিক স্থিতি বেয়াৰ ফালে ঢাল খাইছে।
ইয়াৰ বাবে আমি কেৱল আধুনিক সময় তথা বিজ্ঞানৰ আৱিস্কাৰকেই দোষ দিলে হ’ব জানো ? নিশ্চয় নহয়। ক’ৰোনা মহামাৰীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে আমি ‘অনলাইন গেম’ নাইবা ‘মোবাইল ব্যৱহাৰ’ কৰিবলৈ নাপালে কিশোৰ অৱস্থাৰ সন্তানবোৰে আত্মহত্যা অৰ্থাৎ মৃত্যুলৈও কুণ্ঠাবোধ নকৰা খবৰো শুনিবলৈ পাইছিলো। কিন্তু এইবোৰ হ’বলৈ পায় কেনেকৈ? ইয়াৰ বাবে অভিভাৱকসকলেই জগৰীয়া নহয়নে বাৰু ? সন্তানটিক সৰুৰে পৰা মোবাইল ফোনটোৰ প্ৰতি আকৰ্ষিত কৰাত অভিভাৱকসকলো জড়িত নহয়নে বাৰু? অনলাইন ক্লাছৰ নামত মোবাইলটো হাতত তুলি দিয়াৰ পিছত তাত তেওঁ কি চাই আছে সেয়া কোনেও একো লক্ষ্য নকৰে, ইয়াৰ লগতে আজিকালি আমি সঘনাই দেখা পাওঁ যে মাকে সন্তানটিক সন্তুষ্ট কৰিবলৈ বা সন্তানটোৱে দৌৰি নুফুৰি ব্যস্ত হৈ বহি থাকক বুলি নাইবা কিবা খুৱাবলৈ লোৱাৰ আগতেও মোবাইল ফোনতোহে খুলি লয়, ফোনটোত কিবা এটা চলি নথকালৈ সন্তানটোৱে মুখলৈ একো নিনিয়ে। কিন্তু এয়া জানো শুদ্ধ ? বৰ্তমানৰ কিশোৰসকল অবাটে যোৱাত এইবোৰো জগৰীয়া নহয়নে ? ফোনটো হাতত তুলি দিয়াৰ পিছত সন্তানটোৱে ভাল-বেয়া কি চাই আছে সেয়ে লক্ষ্য কৰাটো জানো অভিভাৱকৰ দায়িত্ব নহয়? ব্যস্ত কৰাই ৰাখিবলৈ কেৱল মোবাইল ফোনতোৱে আছেনে ?
আজিৰ যুৱ সমাজ হ’ল দেশৰ ভৱিষ্যত। সুন্দৰ সমাজ এখন গঢ়িবলৈ হ’লে তাৰ প্ৰথম চৰ্তটোৱে হ’ল শিক্ষা। শিক্ষাৰ বাটতহে উঠি অহা নৱপ্ৰজম্মই আত্মপ্ৰকাশৰ মন্ত্ৰ বিচাৰি পাব। কিতাপৰ পৰা বহু দূৰত বিচৰণ কৰা নৱপ্ৰজম্মই ভৱিষ্যত জীৱন সফলতাৰে আগবাঢ়িব পাৰিবনে? পাৰিবনে তেওঁলোকে এই গোলকীয় যুগত সকলোৰে লগত খোজ মিলাই খোজ দিব। সেয়ে সন্তানৰ ভৱিষ্যত উজ্বলাবলৈ প্ৰথমটি খোজ ঘৰখনেই ল’ব লাগিব। সন্তানক সৰুৰে পৰা খেলা-ধূলা কৰিবলৈ দিয়ক, বিভিন্ন ধৰণৰ ৰংমন, সফুৰা আদিৰ দৰে শিশু আলোচনী পঢ়িবলৈ শিকাওক, বিভিন্ন সৃষ্টিশীল কামত ব্যস্ত কৰাওক । পখিলা খেদি দৌৰি ফুৰা বয়সতো হাতৰ মুঠিতে হেৰাই যাবলৈ নিদিব। অতীত হ’ব ধৰা শৈশৱক এই স্মাৰ্ট ফোনটোৰ ভিতৰতে আবদ্ধ কৰি নাৰাখিব, এই শৈশৱক ভৱিষ্যতে সোণালী বুলি ক’ব পৰাকৈ গঢ় দিয়ক ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
আপুনি ভাল লিখে। লিখাবিলাক পঢ়ি সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ভাল ভাল ভিডিঅ’ দি যাব। আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ 🙏❤️
আপুনি ভাল লিখে। লিখাবিলাক পঢ়ি সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ভাল ভাল ভিডিঅ’দি যাব বুলি আশাবাদী। আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ 🙏❤️
আপুনি ভাল লিখে। লিখাবিলাক পঢ়ি সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ভাল ভাল ভিডিঅ’ দি যাব বুলি আশাবাদী। আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ 🙏❤️