Tuesday, June 23

Breaking News

তোলনি বিয়াৰ প্ৰয়োজনিয়তা

তোলনি বিয়াৰ প্ৰয়োজনিয়তা

Breaking News
সাধাৰণতে তোলনী বিয়া বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ কি ভাৱ আহিছে ? সৰহ সংখ্যক লোকৰে নিশ্চয় ধুম ধামেৰে আয়োজন কৰি পালন কৰা এটা অনুষ্ঠানৰ কথা মনলৈ আহিছে। কিন্তু এই অনুষ্ঠানটো কিয় ইমান বিলাসীতাৰে পালন কৰা হয় বা ইয়াৰ কোনো প্ৰয়োজনিয়তা আছে নে নাই সেয়া বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে ? সঁচা অৰ্থত সহজ ভাষাত ক'বলৈ গ'লে তোলনী বিয়া বুলি মানু্হ মাতি ডাঙৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ অৰ্থ হ'ল ছোৱালীজনী গাভৰু হ'ল বুলি বিজ্ঞাপন দিয়া এক প্ৰক্ৰিয়া। এই বিজ্ঞাপনৰ বাৰু কিমান প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাৱে ? যিখন সমাজত এজনী ছোৱালীয়ে পেড এটা কিনিব লাগিলে ওচৰত থকা মানুহলৈ চকু দিব লগা হয়, কোনোৱে নেদেখক বুলি ক'লা পলিথিন অথবা কাগজেৰে মেৰিয়াই আনিব লগা হয় সেইখন সমাজক ধুম- ধামেৰে মাছে- মঙহে খুৱাই ছোৱালীজনী ডাঙৰ হোৱা বুলি খবৰ দিয়াৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাৱেনে ? আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দে...