বৰ্তমানৰ যুগটো হৈছে যান্ত্রিকতাৰে ভৰা যুগ। এই সময়ত প্রতিজন ব্যক্তিয়ে এটা আধুনিক জীৱনৰ সৈতে নিজক খাপ খুৱাই ব্যস্ত হৈ পৰিছে। ফলস্বৰূপে হয়তো তেজৰ সম্পৰ্কেৰে বান্ধ খাই থকা পৰিয়াল একোটাত আপোনজনৰ বাবে অলপ সময়ৰ অভাৱ ঘটিছে। আমি নিজকে একোজন সুস্থ ব্যক্তিত্ব ব্যক্তি ৰূপে গঢ় দিবলৈ হ’লে এটা সুস্থ পৰিবেশৰ আৰু সুস্থ চিন্তাৰ প্ৰয়োজন হোৱাৰ লগতে আমাৰ জীৱনৰ লগত জড়িত সম্পৰ্কবোৰকো মজবুত কৰি ৰখাটো সিমানেই প্ৰয়োজনীয়। আমাৰ চিন্তা-ভাৱনাবোৰ কোনো দৰ – দাম কৰিব পৰা ধৰণৰ বস্তু নহয়। কিন্তু প্ৰকৃততে আমি আমাৰ চিন্তা-ভাৱনাবোৰক কি ধৰণে প্ৰকাশ কৰিছোঁ বা আমাৰ চিন্তা-ভাৱনাবোৰে আমাক কিদৰে পৰিচালিত কৰিছে সেইটোহে চিন্তনীয় কথা।
‘ঘৰখনেই শিক্ষাৰ কঠিয়াতলি’ – উক্ত বাক্যশাৰীয়ে এজন ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। শিশু এটাৰ জন্ম হোৱাৰ পাছত শিশুটোৱে পৰিয়ালৰ সদস্যসকলৰ পৰা কেনেকুৱা পৰিৱেশত কেনেকুৱা শিক্ষা বা জ্ঞান পাইছে তাৰ ওপৰত ভিত্তি কৰিহে ভৱিষ্যতে সম্মান, মৰম, শ্ৰদ্ধা, নৈতিকতা বা শিষ্টাচাৰ আদি নিৰ্ভৰ কৰে। শিশুটোৰ পৰিয়ালৰ লোকসকল উপযুক্ত মূল্যবোধৰ গৰাকী হ’লেহে শিশুটোৰ মানসিক স্বাস্থ্য সুস্থ হ’ব আৰু ব্যক্তিত্ব বিকাশ হ’ব। বর্তমান সময়ত চলি থকা মূল্যবোধৰ অৱক্ষয়ৰ সমস্যাটোত অকল নৱপ্ৰজন্মৰ ডেকা-গাভৰু দোষী বুলি ভবাতো উচিত নহ’ব। কাৰণ অকল নৱপ্ৰজন্মৰে এখন সমাজ বৰ্তি থকা নাই। মূল্যবোধৰ অৱক্ষয়ৰ ক্ষেত্ৰত আমি সকলোৱে দায়ী। প্ৰতিযোগিতাৰ পিছত দৌৰি নিজকে যন্ত্ৰ কৰিব খোজো আমি ব্যস্ততাৰ অজুহাত লৈ বহু ভাল সময়কো কিছু পৰিমাণে তিতা কৰি পেলাইছো।
আমাৰ সময়বোৰ সলনি হোৱাৰ লগে লগে আমাৰ চৌপাশৰ ঘটনাবোৰো সলনি হৈছে। উদাহৰণস্বৰূপে যৌথ পৰিয়ালবোৰ একক পৰিয়াললৈ পৰিবৰ্তিত হ’ল, আপোন মানুহৰ তালিকাখন লাহে লাহে চুটি হৈ আহিল। বৃদ্ধাশ্ৰমৰ বাসিন্দা বৃদ্ধি হোৱা, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কৰ কিছু পৰিবৰ্তন ঘটা আদি ক্ষেত্ৰটো মূল্যবোধৰ অৱক্ষয় ঘটিল। অত্যাধুনিক হৈ মাক দেউতাকৰ প্ৰতি থাকিবলগীয়া দায়িত্ববোধৰ যেন অৱক্ষয় ঘটিল। পুত্ৰ, বোৱাৰী, নাতি, নাতিনীৰ সৈতে হাঁহি ধেমালিৰে দিন পাৰ কৰিব বিচৰা বৃদ্ধ মাক দেউতাকৰ এতিয়া শেষ ঠিকনা এখনি বৃদ্ধাশ্রম হ’ল। মৰম চেনেহ, দায়িত্ববোধ, শিষ্টাচাৰ আদিৰ দৰে গুণ বোৰ হেৰুৱাই পেলোৱা সন্তানবোৰে ভবিষ্যতে যে এদিন নিজেও সেই সময় বা সেই পৰিৱেশত জীৱন কটাবলগীয়া হ’ব পাৰে, সেয়া একো অস্বাভাৱিক নহয়।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]