Monday, June 16

মূল্যবৃদ্ধিয়ে কোঙা কৰিলে জীৱন

যোৱা এবছৰৰ পৰা আমাৰ দেশত যিটো গতিত মূল্যবৃদ্ধি হ’ব ধৰিছে সাধাৰণ মানুহে জীয়াই থকাটো অসম্ভৱেই হৈ পৰিছে। সকলো বস্তুৰ মূল্যবৃদ্ধিয়ে খাতিখোৱা মানুহক দিনক দিনে দৰিদ্ৰতাৰ পথলৈ ঠেলি দিছে ।
মূল্যবৃদ্ধি বুলি ক’লেই বৰ্তমান তেলৰ কথাই মনলৈ অহে। যিহেতু তেল নোহোৱাকৈ আমি এসাঁজ ভাতো খাব নোৱাৰো, সেয়ে ১০০ টকাৰ পৰা ২০০ টকা হ’লেও আমি তেল কিনি খামেই। একেদৰে অতিকৈ সাধাৰণ খাদ্য দালী , যি আমাৰ চকুৰ পলকতে ৬০/৭০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বাঢ়ি গ’ল। তথাপিও আমি সেয়া খাব লাগিব। ঠিক তেনেদৰে সু স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে আমাক ফল-মূল, সতেজ শাক পাচলি আদিৰ প্ৰয়োজন। কিন্তু বজাৰত বস্তুবোৰৰ জুই চাই দামৰ বাবে সেইবোৰ কিনিবলৈও বহুবাৰ ভাবিব লগা হয়। ইমানবোৰৰ পিছতো ভেজাল খাদ্য, অধিক চিন্তা‌ অথবা আন কিবা বেমাৰৰ পৰা আৰোগ্য হ’বলৈ ঔষধেও দামৰ ক্ষেত্ৰত পিছপৰি নাথাকিল। এতিয়াৰ এই যান্ত্ৰিকতাৰ পৃথিৱীত আমাৰ দৈনন্দিন জীৱনৰ অতিকে সুবিধাজনক প্ৰয়োজনীয়বিধ হ’ল গড়ী । কিন্তু ইমান প্ৰয়োজনীয় হোৱা সত্বেও গাড়ীখন চলাবলৈ আমাৰ ভয় হয় । কাৰণ পেট্ৰলৰ দামে পাঁচ কুৰিৰো ঘৰ অতিক্ৰম কৰাৰ দিশত।
এনে ক্ষেত্ৰত দিন হাজিৰা কৰি খোৱা লোকৰ মজুৰি বাঢ়িবলেও বা নাবাঢ়িলেও তেওঁলোকে গধূলি পোৱা টকাখিনি ৰাতি সাজলৈ শেষ হ’বই । এই কভিডসৃষ্ট পৰিবেশত ব্যত্তিগত কৰ্মস্থানত কৰ্মৰত যূৱক – যুবতীসকলেও “দেহা থাকিলেহে বেহা” বুলি ভাবি ঘৰতেই বহি আছে। তেনে স্থলত এতিয়া হাতত টকা থাককেই বা নাথাককেই আমি আমাৰ পেট শান্ত কৰি ৰাখিবই লাগিব।
অৱশেষত মোৰ এই লিখনিখিনিৰ জৰিয়তে উক্ত বিষয়টো চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছো ।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *