দেৱালী হ’ল পোহৰৰ উৎসৱ। যুগ যুগান্তৰ ধৰি এই উৎসৱ চলি আহিছে। জনবিশ্বাসমতে ৰামায়ণৰ কাহিনী অনুসৰি এই উৎসৱ পালন কৰে বুলি কোৱা হয়। ৰাম – সীতা আৰু লক্ষ্মণ চৈধ্য বছৰ বনবাস সম্পূৰ্ণ কৰি ঘৰলৈ ঘূৰি আহোঁতে অযোধ্যাবাসীয়ে সকলো ঠাই চাকিৰ পোহৰেৰে উজ্বলাই তুলিছিল বুলি শুনিবলৈ পোৱা যায়। কিন্তু আজিৰ পৰা কেইবছৰমান আগতে থকা দেৱালীৰ পৰিৱেশ যেন এতিয়া দেখা পোৱা নাযায়। বছৰে বছৰে আমি যেন আমাৰ শিপা পাহৰি যাবলৈ লৈছোঁ। সকলোদিশে প্ৰযুক্তিৰ লগত আগবাঢ়ি যাওঁতে যাওঁতে আমি আমাৰ থলুৱা সংস্কৃতি আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ এৰাব লৈছোঁ। পোহৰৰ বাবে মাটিৰ চাকি জ্বলোৱা পৰিবৰ্তে বহুতো লোকৰ বাবে ভিন্নৰঙী লাইটবোৰ বেছি সহজলভ্য হৈ পৰিছে। মাটিৰ চাকিৰ পৰিবৰ্তে লাইট অথবা কেণ্ডেলেৰে ঠাইবোৰ পোহৰাই তুলিলে দেৱালীৰ প্ৰকৃততা নাইকীয়া হৈ যাব। তাৰোপৰি ফটকা ফুটোৱাৰ উৎসৱ আছেই। সঁচাকৈ দেৱালী বুলিলেই এতিয়াৰ সৰু ল’ৰা ছোৱালীবোৰৰ মনত আগতে ফটকাৰ কথাহে মনত পৰে। কিন্তু এয়া জানো আমাৰ সংস্কৃতি? এই ফটকাৰ ফলত শব্দ প্ৰদূষণৰ লগতে কিমান বায়ু প্ৰদূষণ হয় সেয়া প্ৰতিজন নাগৰিকৰে অৱগত বিষয়। সেয়ে বৰ্তমানৰ নবপ্ৰজন্মক আমাৰ সংস্কৃতি পাহৰি নাজাবলৈ প্ৰেৰণা যোগাওঁক। ইয়াৰ ফলত আমি আমাৰ পৰিৱেশৰ পক্ষেও সচেতন হ’ব পাৰিম আৰু আমি আমাৰ শিপাৰ সৈতেও জড়িত থাকিব পাৰিম।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
সুন্দৰ উপস্থাপন