ভাৰতীয় চলচ্চিত্ৰ আৰু ভাষা
ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত অনুৰাগীৰ ভিত্তিত বলীউড যিকোনো আঞ্চলিক চলচ্চিত্ৰ উদ্যোগতকৈ আগবাঢ়ি আছে। হিন্দী ভাষাই বলীউডক ভাৰতীয় চলচ্চিত্ৰ বজাৰৰ বাবে এক প্ৰধান দৰ্শক হিচাপে গঢ়ি তুলিছে। কভিড pendemic ৰ আগতে ভাৰতত প্ৰতি বছৰে প্ৰায় ১৫০০- ২০০০ চিনেমা বনোৱা হৈছিল আৰু প্ৰায় ২০ বছৰমান আগতে ইয়াৰে আধা চিমেনা হিন্দীভাষী আছিল। কাৰণ তেতিয়া চিত্ৰ নিৰ্মাতাসকলৰ হাতত শক্তি আছিল আৰু আৰু তেওঁলোকে জানিছিল যে হিন্দী চিনেমা বেছি সংখ্যক মানুহে চাব যাৰ পৰা তেওঁলোকে পইছা পাব। সেই চিনেমাবোৰ তেওঁলোকে ডাঙৰ ডাঙৰ চহৰত দেখাত ধুনীয়া অভিনেতা অভিনেত্ৰী লৈ কৰিছিল। কিন্তু এনেকৈনো আৰু কিমান চলিব। এনেকৈ ২০০০ চনৰ পিছৰ পৰা আঞ্চলিক চলচ্চিত্ৰবোৰ হিন্দীত পুনৰ্নিৰ্মাণ হ’বলৈ ধৰিলে। যিবোৰ চিনেমা ইতিমধ্যে জনপ্ৰিয় হৈছিল সেইবোৰ আকৌ হিন্দীত বেলেগ দিৰেক্তৰে নিজাকৈ বনাবলৈ ল’লে। ভাৰতীয় চিনেমা বৈচিত্ৰ্যৰ বাবে বিখ্যাত, বলীউড হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ ভিতৰত আটাইতকৈ বিশিষ্ট। টলিউড (তেলেগু), কলিউড (তামিল), আদি আঞ্চলিক চলচ্চিত্ৰ উদ্যোগসমূহে যথেষ্ট অৰিহণা যোগায়। বিভিন্ন ভাষিক অঞ্চলত ছবিসমূহ সুলভ কৰি তোলাত ডাবিং উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত বহল দৰ্শকে নিজৰ পছন্দৰ ভাষাত চিনেমা উপভোগ কৰিব পাৰে। এই প্ৰথাই ছবিৰ মূল ভাষাৰ বজাৰৰ বাহিৰেও ছবিৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা বৃদ্ধি কৰে। কিন্তু বৰ্তমান দক্ষিণ ভাৰতীয় ছবিয়ে বলীউডৰ চিনেমাতকৈ কিছু পৰিমাণে হ’লেও বেছি অনুৰাগীৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আমি ‘বাহুবলী’ চিনেমাখনৰ কথা ক’ব পাৰোঁ, এই চিনেমাখন ১০ তা ভাষাত বনোৱা হৈছিল য’ত ভাৰতীয় ভাষাৰ বাহিৰেও জাপানিজ, চাইনিজ, টাইৱানিজ, ফ্ৰান্স, স্পেনিছ, জাৰ্মানিজ আদি ভাষাও সংযোগ হৈছিল । ঠিক তেনেদৰে ‘2.0’, ‘RRR’, ‘কে জি এফ’, ‘পুষ্পা’ৰ দৰে চিনেমাৰ সফলতাই সেই কথা প্রমাণ কৰে৷ দক্ষিণ ভাৰতীয় চিনেমাৰ সফলতাই ইংগিত দিয়ে যে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে এনেকুৱা কাম কৰি আছে যিটো বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে নকৰে। এফালে বলীউডে নিজৰ শিপা পাহৰি পশ্চিমীয়া সংস্কৃতিৰ মাজত সম্পূৰ্ণৰূপে নিমগ্ন হৈ ধাৰাবাহিকভাৱে দৰ্শকৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে। আনহাতে দক্ষিণ ভাৰতৰ চিনেমাসমূহে ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ কাহিনীৰ আধাৰত চিনেমা নিৰ্মাণ কৰি আছে। চিনেমাৰ ক্ষেত্ৰত ভাষা কেতিয়াও বাধা হ’ব নোৱাৰে সেয়ে য’ত ৪৪% হিন্দী চিনেমাই ৰাজত্ব কৰিছিল সেয়া এতিয়া ২৭% লৈ হ্ৰাস হ’ল। ২০১৩ চনৰ বিত্তীয় বৰ্ষৰ বাবে তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগৰ বক্স অফিচৰ সংযুক্ত নিকা ৰাজহ ভাৰতীয় চিনেমাৰ মুঠ নিকা ৰাজহৰ ৩৬%। ২০২১ চনত দক্ষিণ ভাৰতৰ চাৰিটা চলচ্চিত্ৰ উদ্যোগৰ মুঠ বক্স অফিচৰ মুঠ ২৪০০ কোটি আছিল, যিয়ে হিন্দী চলচ্চিত্ৰ বজাৰক অতিক্ৰম কৰিছিল, য’ত বক্স অফিচৰ সংগ্ৰহ ৮০০ কোটি আছিল। ২০২১ চনত বক্স অফিচৰ ৰাজহৰ ক্ষেত্ৰত তেলেগু চলচ্চিত্ৰ উদ্যোগ ভাৰতৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰে।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]