Monday, June 16

অসমীয়া ভাষা

অসমীয়া ভাষাক সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয়। ইয়াক ঘাইকৈ উত্তৰ পূৰ্বাঞ্চলৰ অসমত বাস কৰা লোকে ব্যবহাৰ কৰে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ লগতে মেঘালয়, নাগালেণ্ড আদিৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইত অসমীয়াভাষী লোকে বাস কৰি আহিছে। অৰুণাচল প্ৰদেশৰ দ্বিতীয় উপভাষা হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। কাৰণ অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত অসমীয়া লোকে বাস কৰি আহিছে। অসমীয়াভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাবে ব্যৱহাৰ হয়। তদুপৰি ভুটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নৰ সময়ত যিবোৰ ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তর্ভুক্ত কৰা হৈছিল, তাৰ ভিতৰত অসমীয়াও এটা। ইয়াৰ অর্থ এয়াই যে, সংবিধান প্রণেতাসকালে অসমীয়া ভাষাক দেশৰ এটা ভাষা হিচাপে স্বীকৃতি দিছিল। অসমীয়া ভাষাৰ সংকট আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ১৮৫ বছৰ পূর্বে ১৮৩৬ চনত ব্ৰিটিছৰ শাসন কালত, যেতিয়া বাংলা ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে বলবৎ কৰিছিল। ইয়াৰ প্রতিবাদ প্রথমে আৰম্ভ কৰিছিল খ্রীষ্টান মিছনেৰীসকলে। গাঁৱে-ভূয়ে সোমাই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অসমীয়া ভাষাত পুস্তিকা আদি প্রকাশ কৰাত তেওঁলোকে জানিছিল অসমীয়া ভাষাৰ কথা, মিছনেৰীসকলে তেতিয়াই অসমীয়া ভাষাক স্বীকৃতি দিছিল। অসমীয়া ভাষা জীয়াই ৰখাৰ বাবে তেওঁলোকৰ এই প্ৰচেষ্টাৰ সৈতে হেমচন্দ্র গোস্বামী, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আদিৰ আপ্রাণ চেষ্টাত অসমীয়া ভাষাই পুনৰ নিজৰ স্থান লাভ কৰে। কেৱল স্বাকৃতিৰে ভাষা এটা জীয়াই নাথাকে, জায়াই থাকিবলৈ হ’লে গৰিষ্ঠসংখ্যক লোকে ভাষাটো ক’ব লাগিব আৰু শিক্ষানুষ্ঠানসহ সকলো অনুষ্ঠান, প্ৰতিষ্ঠানত ভাষাটো বাধ্যতামূলক হিচাপে প্রচলন হ’ব লাগিব। কিন্তু আমাৰ ৰাজ্যৰ ক্ষেত্ৰত এই ছবিখন ধূসৰ, সেয়ে সংবিধানে স্বীকৃতি দিয়াৰ পাছতো অসমীয়া ভাষাক ৰাজ্যভাষা কৰিবলৈ ১৯৬০ চনত আন্দোলন কৰিবলগা হৈছিল, শিক্ষাৰ মাধ্যম অসমীয়া কৰিবলৈ ১৯৭২ চনত আকৌ আন্দোলন কৰিবলগা হৈছিল। বৰ্তমানৰ চৰকাৰী তথ্য অনুসৰি অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা প্ৰায় ১.৩০ কোটিৰো বেছি । তদুপৰি বিশ্বজুৰি অসমীয়াভাষীৰ সংখ্যা প্রায় ২ কোটি। কিন্তু তথাপিও অসমতে অসমীয়া ভাষা আৰু সংস্কৃতি সংকটত ভোগা দেখা গৈছে। বর্তমান অসম লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাৰ পৰা অসমীয়া ভাষা আঁতৰাই দিয়াৰ লগে লগে ভাষাটো আন এক সংকটৰ সন্মুখীন হৈছে, জীয়াই থকাৰ সংকট। অসমীয়া ভাষা অবিহনে লোকসেৱাৰ জৰিয়তে বাছনি হোৱা প্ৰাৰ্থীসকলৰ কিছুসংখ্যকে নিযুক্তি পোৱাৰ পাছত নিজ নিজ কার্যালয়ত অসমীয়াৰ পৰিবর্তে আন ভাষা ব্যৱহাৰ কৰাৰ সম্ভাৱনা প্রবল, ফলত ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষাৰ স্বীকৃতিহে থাকিব, ব্যবহাৰ বা প্রচলন নাথাকিব। অসমীয়া ভাষা নজনাকৈয়ে এজন লোকে অসম চৰকাৰৰ অধীনৰ বিষয়া পদত চাকৰি কৰিব পাৰিব। এনেদৰে যদি ৰাজ্যৰ অফিচ-কাছাৰী, অনুষ্ঠান প্রতিষ্ঠান আদিৰ পৰা অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু প্রচলন নাইকিয়া হয়, তেন্তে ভাষাটো মানুহৰ মুখে মুখেহে জীয়াই থকাটো নিশ্চিত। যদি এয়া হয়, তেন্তে ভাষাটো বিলুপ্তি হ’বলৈ বেছিপৰ নালাগিব। কাৰণ, মৌখিক ভাষা হোৱাৰ লগে লগে শিক্ষানুষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা আঁতৰি এক দোৱানত পৰিণত হ’ব আৰু অসমীয়া জাতিয়েও জাতিৰ মৰ্যাদা হেৰুৱাই উপজাতিত পৰিণত হ’ব। যোৱা শতিকাত বিশ্বৰ প্ৰায় ৪০০ ভাষাৰ বিলুপ্তি হৈছে। আৰু অধিকাংশ ভাষাবিদৰ মতে বিশ্বৰ ভাষাৰ ভিতৰত প্ৰায় ৫০ শতাংশ এইটো শতিকাত বিলুপ্ত হোৱাৰ সম্ভাবনা। বিলুপ্ত হোৱাৰ কাৰণসমূহৰ ভিতৰত এটা প্ৰধান কাৰণ হ’ল ভাষাটো শিকা, জনা আৰু কোৱা লোক সংখ্যালঘু হৈ পৰাটো। অসমৰ ৰাজ্যভাষা অসমীয়া যদিও চৰকাৰী কাৰ্যালয়ত কাম-কাজ অসমীয়াত নচলে, চলে ইংৰাজীত। এই ক্ষেত্ৰত ইংৰাজী অথবা অন্য ভাষা আমাৰ বাবে প্ৰয়োজনীয় নহয় বুলি কোনোপধ্যে ক’ব নোৱাৰি, অন্য ভাষাসমূহ জনাৰো প্ৰয়োজনীয়তা আছে কিন্তু তাৰ আগতে আমি আমাৰ নিজৰ ভাষাটো শুদ্ধকৈ জনাটো জৰুৰী। অসমীয়া ভাষাক জীয়াই ৰাখিব লাগিব অসমীয়া লোকেই। পৰিতাপৰ কথা যে অসমীয়াত লিখা বহু ঠাইত (জাননী পত্ৰ, আলোচনী, কিতাপ) প্রায়ে ভাষাৰ ভুল দেখা যায় আৰু অসমীয়া বাক্যৰ মাজত ইংৰাজী শব্দ প্রয়োগ কৰা দেখা যায়। ৰাজহুৱা সভা সমিতিত দিয়া বক্তৃতা আদিত বহু লোকে ভুলকৈ অসমীয়া কয়। অসমীয়া ভাষাৰ বহু শব্দই এতিয়া ব্যৱহাৰ নহয়। এইদৰেই অসমত আজি অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বাজিব লাগিছে। অসমত অসমীয়া ভাষা জীয়াই থাকিব যদিহে অসমৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ অসমীয়াত কৰা হয়, অসমীয়া ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰে, অসমীয়া লোকে শুদ্ধকৈ অসমীয়া কয় আৰু লিখে, প্রতিজন অসমীয়া লোকে নিয়মিত অসমীয়া গ্ৰন্থ পঢ়ে আৰু অসমীয়া সংস্কৃতিক আদৰি লয়। অসমীয়া মাধ্যমত অসমীয়া ছাত্র-ছাত্রীয়ে নপঢ়ে। ইয়াৰ ফলত দিনক দিনে অসমীয়া কোৱা আৰু লিখিব পৰা অসমীয়া মানুহৰ সংখ্যা হ্রাস পাব ধৰিছে। অসমীয়া শিক্ষিত লোকে অসমীয়া বাতৰি কাকত, আলোচনী আৰু কিতাপ ক্ৰয় কৰি নপঢ়ে। অসমৰ প্রায় ৩৫ লাখ অসমীয়া পৰিয়ালে দৈনিক একোখন দৈনিক বাতৰিকাকত ক্রয় কৰিলে অসমীয়া দৈনিক বাতৰিকাকতৰ বিক্রীও প্রায় ৩৫ লাখেই হ’লহেঁতেন। কিন্তু, আজিৰ দিনটোত অসমীয়া মুঠ দৈনিক বাতৰিকাকতৰ বিক্ৰী ৪ লাখমানৰ অধিক নহয়। একো একোখন অসমীয়া দৈনিক বাতৰি কাকতৰ সংখ্যা লাখৰ ঘৰেই চুবগৈ পৰা নাই। এখন উৎকৃষ্টমানৰ অসমীয়া উপন্যাস বা গল্পৰ পুথিৰ বিক্ৰী ২৩ লাখ হোৱা উচিত যদিও এখন উৎকৃষ্টমানৰ অসমীয়া উপন্যাসৰ বিক্ৰী সংখ্যাও হেজাৰো নহয় বুলিয়ে ক’ব লাগিব। অসমীয়া চিনেমা অসমীয়া লোকে নাচায়। অসমীয়া গান অসমীয়াই নুশুনে। অসমীয়াৰ বাপতি সাহোন স্বৰূপ বিহু উপলক্ষে আয়োজিত সংগীত সন্ধিয়াত বাজে হিন্দী গান। অসমীয়া ভাষা আৰু সাহিত্যক অসমীয়া লোকসকলেই সুৰক্ষিত কৰিব লাগিব। অসমীয়া ভাষা সুৰক্ষিত হ’বলৈ হ’লে অসমীয়া ছাত্র ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব আৰু প্রতিজন অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধকৈ অসমীয়া ভাষাটো ক’বলৈ আৰু লিখিবলৈ সক্ষম হ’ব লাগিব। প্ৰতিঘৰ অসমীয়া পৰিয়ালে অতি কমেও এখনকৈ দৈনিক বাতৰি কাকত, পষেকীয়া আৰু মাহেকীয়া আলোচনী ক্রয় কৰিব লাগিব। শিক্ষিত অসমীয়া লোকসকলে প্ৰতিমাহে অতি কমেও এখন অসমীয়া কিতাপ ক্রয় কৰিব লাগিব। অসমীয়া লোকসকলে নিজ সংস্কৃতিকো ৰক্ষণাবেক্ষণ দিব লাগিব অসমীয়া সংগীতক কোনো অসমীয়া গায়কে কলুষিত কৰাৰ পৰা বিৰত থাকিব লাগিব। অসমৰ ভ্ৰাম্যমান থিয়েটাৰ নামৰ অনুষ্ঠানটোক অসমীয়া লোকসকলেই আদৰ কৰিব লাগিব আৰু জীয়াই ৰাখিব লাগিব। অসমৰ সংগীতজ্ঞ, গায়ক আৰু সাংস্কৃতিক কর্মীসকলে অসমীয়া সংগীত, কলা আৰু সংস্কৃতিক নিভাজ ৰূপত ৰাখিব লাগিব। অসমীয়া ভাষাটো যাতে বিপদগ্ৰস্ত এটা পর্যায় নাপায়গৈ তাৰ বাবে সকলো অসমীয়াই আপ্রাণ চেষ্টা কৰিব লাগিব। যেতিয়ালৈ প্রতিজন অসমীয়াই নিভাজ অসমীয়া হৈ জীয়াই থকাৰ পণ কৰিব তেতিয়ালৈ অসমীয়া ভাষা আৰু সাহিত্য জীয়াই থাকিব, অন্যথা অসমীয়া ভাষা এটা মৌখিক ভাষাত পৰিণত হ’ব।

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Reply

Your email address will not be published. Required fields are marked *