“মা..মা শুনা না, কাইলৈ আমি ক’ৰাবলৈ যোৱা কথা আছে নেকি?
“হঠাতে দৌৰি আহি ঋষিয়ে বৰষাক প্ৰশ্নটো সুধিলে। হাতত লৈ থকা কিতাপখনৰ পৰা মূৰ তুলি চাই তাই দেখে যে তাৰ হাতত থকা মোবাইল ফোনটোৱে কিদৰে তাৰ দৃষ্টি আকৰ্ষণ কৰি ৰাখিছে। তাৰ সেই মনোযোগ ভংগ কৰিবলৈ বৰষায়ো কিছু পৰলৈ একো উত্তৰ নিদিলে। বৰষাই মানুহৰ এনেকুৱা স্বভাৱবোৰ বৰ বেয়া পায়। মাকৰ মৌনতাত ঋষিয়ে মাকৰ মুখলৈ চালে।
:”কিয়, কাইলৈ কিবা আছে নেকি ?”
:”অহো মা… তুমি যে প্ৰতিবাৰেই পহৰা। কাইলৈ দেওবাৰ।”

বৰষা এগৰাকী কৰ্ম ব্যস্ত মহিলা। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈ তাইৰ আজৰি নাই। ঘৰত মানুহ বুলিবলৈ ৰাহুল বৰষা আৰু সিহঁতৰ ল’ৰা ঋষি। একেলগে বহি সময় কটাবলৈ তিনিওজনে অকল দেওবাৰটোহে পায়। বৰষা স্বভাৱগতভাৱে খুব শান্ত আৰু আৱেগিক। পেচাগত ভাৱে এগৰাকী চৰকাৰী কৰ্মচাৰী যদিও সাহিত্য তাইৰ নিচা। সেয়ে দিনটো কাম কৰাৰ পিছতো গধূলি ঘৰলৈ আহি অলপ সময়ৰ কাৰণে হ’লেও কিতাপ এখন হাতত তুলি নোলোৱাকৈ তাইৰ মনটো শান্তি নহয়। সপ্তাহটোৰ অন্য দিনা সময় নাপায় বাবে দেওবাৰৰ দিনটো সিহঁতে একলগে কটায়। ফুৰিবলৈ যোৱা, চিনেমা চোৱা, কেইখনমান বেছি ব্যঞ্জন বনাই খোৱা আদিবোৰ সিহঁতৰ দেওবৰীয়া কামৰ ভিতৰত পৰে। কিন্তু আজি কেইমাহমানৰ পৰা এই দেওবৰীয়া নিয়মটো কিছু পৰিমাণে সলনি হ’বলৈ ধৰিছে।
: “অ, নাই এতিয়ালৈ ক’তো যোৱা কথা ভৱা নাই। ঘৰতে থাকিম দিয়া কাইলৈ।”
বৰষাই তাইৰ উত্তৰৰ পিছত ঋষিৰ মুখখন চাই ধৰিব পাৰিছে যে সি কাইলৈ ঘৰতে বহি মোবাইল চাবলৈ একেবাৰে সাজু। আজিকালি সি স্কুল বন্ধ পালেই ঘৰত বহি মোবাইল চাবলৈহে ভাল পায়।
: “মা আজিযে চবেই হোৱাটচাপ ষ্টেটাছত এই মানুহজনৰ ছবি লগাই আছে কোননো এইজন?”
ঋষিৰ হাতৰ পৰা ফোনটো লৈ বৰষাই চালে। কি আচৰিত। আচলতে এয়া আচৰিত হ’ব লগা বিষয় হয় নে নহয় সেয়া তাইও ধৰিব পৰা নাই।
: “এয়া বিষ্ণু ৰাভা ঋষি। তেওঁ অসমীয়াৰ বাবে এজন মহান পুৰুষ। আজি ২০ জুন তাৰিখে তেওঁৰ মৃত্যু তিথি। বিষ্ণু ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰসাদ আগৰৱালা এইবোৰ আমাৰ গুৰি ধৰোঁতা, তেওঁলোক আমাৰ জাতিৰ গৌৰৱ। এওঁলোকৰ বিষয়ে জনাটো আমাৰ দায়িত্ব।”
: “হয় নেকি, মই গুগলত চাম বাৰু দিয়া।”
ঋষি গুচি যোৱাৰ পিছত বৰষাই নিজৰ মাজতে ভাবিব ধৰিলে। আমাৰ নৱপ্ৰজন্মই এনেবোৰ কথাৰ লগত অৱগত নথকা কথাটো আচৰিত। কিন্তু ইয়াৰ বাবে কোনো এটা প্ৰজন্ম দায়ী নহয়। এয়া সময়ৰ খেল। যি সময়ত যেনেকুৱা বতাহ বলি থাকে সেই সময়ৰ প্ৰজন্মই সেয়াই শিকে। তথাপিও আমি জানো আমাৰ শিপা চিনি নোপোৱাটো উচিত?
: “বৰষা চাহ একাপ দিয়া।”বৰষাৰ তন্দ্ৰা ভংগ কৰি ৰাহুল সোমাই আহিল।