Wednesday, February 4

সন্তানক নিজৰ মতে আগবাঢ়িবলৈ দিয়ক

প্ৰতিগৰাকী মাক দেউতাকৰ বাবে নিজৰ সন্তানগৰাকী অতি মৰমৰ হয়। নিজৰ সন্তানে যি বিচাৰে, যেনেকৈ বিচাৰে সেয়া দিবলৈ প্ৰতিগৰাকী মাক- দেউতাকেই যতপৰোনাষ্ঠি চেষ্টা কৰে। নিজৰ সন্তানৰ মঙ্গল হোৱাটো প্ৰতিগৰাকী অভিভাৱকৰে কামনা। নিজৰ সন্তানে সকলো দিশতে সফলতা অৰ্জন কৰাতো প্ৰতিগৰাকী মাক দেউতাকেই বিচাৰে। অভিভাৱকসকলে প্ৰায়ে ল’ৰা-ছোৱালীক প্ৰেৰণা দিয়াৰ আশাত শৈক্ষিকভাৱে ঠেলি দিয়ে। যেতিয়া পিতৃ-মাতৃৰ আশা পূৰণৰ ওপৰত মৰম আৰু অনুমোদনৰ চৰ্ত থাকে, তেতিয়া ল’ৰা-ছোৱালীয়ে প্ৰায়ে আঁতৰি যাবলৈ আৰম্ভ কৰে। তেওঁলোকে নিজৰ প্ৰকৃত অনুভৱ লুকুৱাই ৰাখিবলৈ ধৰে আৰু মাক দেউতাক অথবা জেষ্ঠজনৰ পৰা সহায় বিচৰাৰ পৰা বিৰত থাকে। সাধাৰণতে দেখা যায় যে অধিক নিয়ন্ত্ৰণকাৰী পিতৃ-মাতৃ থকা শিশুৱে আচলতে স্কুলত বেয়া হোৱাৰ প্ৰৱণতা থাকে। অভিভাৱকৰ চাপ হৈছে এক প্ৰকাৰৰ আৱেগিক চাপ যিটো ছাত্ৰই অনুভৱ কৰে যেতিয়া তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ওপৰত চৰম মানসিক চাপ জাপি দিয়ে, সাধাৰণতে তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শনৰ সন্দৰ্ভত। সহজ ভাষাত ক’বলৈ গ’লে পিতৃ-মাতৃৰ হেঁচা হ’ল শিশুৰ ওপৰত এক প্ৰকাৰৰ আৱেগিক বোজা যিটো তেওঁলোকে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব লাগে, নহ’লে তেওঁলোকে পিতৃ-মাতৃ, আত্মীয়, আনকি শিক্ষকৰ পৰাও কঠোৰ সমালোচনা আৰু অপমানৰ সন্মুখীন হ’ব পাৰে। এনে হেঁচা হয়তো পিতৃ-মাতৃৰ ভাল উদ্দেশ্যৰ পৰাই আহিব পাৰে। কিন্তু ই শিশুৰ আত্মবিশ্বাস, আত্মসন্মান, শৈক্ষিক প্ৰদৰ্শন, আনকি মানসিক সুস্থতাতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ কোনো সদস্যই জাপি দিয়া মানসিক চাপ শিশুৰ মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে। অহৰহ চাপে সিহঁতৰ অন্তৰ্নিহিত প্ৰেৰণা ক্ষয় কৰে। যিসকল শিশুৱে সঘনাই মৌখিক সমালোচনা আৰু পিতৃ-মাতৃৰ পৰা অবাস্তৱিক আশাৰ সন্মুখীন হয়, তেওঁলোকৰ হতাশাৰ সম্ভাৱনা অধিক। অভিভাৱকৰ হেঁচা অবিশ্বাস্যভাৱে সাধাৰণ, কিন্তু অধ্যয়নৰ বাবে হেঁচা প্ৰয়োগ কৰাটো নিৰাপদ নহয়। আপোনাৰ শিশুটিক নিজৰ পৰিচয় আৰু লক্ষ্য গঢ়ি তোলাত সহায় কৰাৰ পৰিৱৰ্তে আপুনি নিৰ্ধাৰণ কৰা কঠিন মানদণ্ড অনুসৰি জীয়াই থাকিবলৈ ঠেলি দিলে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে, যিবোৰ প্ৰাপ্তবয়স্ক জীৱনলৈকে স্থায়ী হৈ থাকে। ছাত্ৰ-ছাত্ৰীৰ মাজত অভিভাৱকৰ হেঁচা এনেকুৱা এটা কথা যিটো গৰিষ্ঠসংখ্যক লোকে শৈক্ষিক জীৱনত অনুভৱ কৰে। আনহাতে অভিভাৱকৰ হেঁচাই এজন ছাত্ৰৰ শৈক্ষিক পৰিস্থিতিৰ বাবে অতিশয় কাম কৰে য’ত অভিভাৱকৰ উচ্চ আশাই তেওঁলোকৰ সন্তানৰ মানসিক স্বাস্থ্যৰ ওপৰত বৃহৎ প্ৰভাৱ পেলায়। অভিভাৱকৰ চৰম হেঁচাত এজন ছাত্ৰৰ বাবে ভাল নম্বৰ পোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। আৰু পিতৃ-মাতৃৰ এনে আশা পূৰণ কৰিব নোৱাৰাৰ ফলত প্ৰায়ে এজন যুৱকে জীৱনৰ প্ৰতি নেতিবাচক ধাৰণা গঢ়ি তোলে। ২০১৭ চনৰ এখন গৱেষণা পত্ৰৰ মতে, এই পৰিস্থিতিয়ে ক্ৰমান্বয়ে যুৱক-যুৱতীসকলক হতাশাৰ ফালে আৰু আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ ঠেলি দিয়ে। বহু গৱেষণামূলক অধ্যয়নে দাবী কৰিছে যে ভাৰতত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ হাৰ বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ অভিভাৱকৰ হেঁচা। যোৱা কেইবছৰমানৰ পৰা অভিভাৱকৰ হেঁচা আৰু উপযুক্ত মানসিক পৰামৰ্শৰ অনুপলব্ধতাৰ বাবে বৃহৎ সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। আমি যেতিয়া আমাৰ প্ৰাপ্তবয়স্ক দৃষ্টিকোণৰ পৰা এনে ঘটনাৰ কথা ভাবো তেতিয়া হয়তো আমি আত্মহত্যাৰ কাৰণটো অতি অপৰিপক্ক বুলি বিবেচনা কৰোঁ। কিন্তু, কঠোৰ অভিভাৱকত্বৰ বাবে শিশুৱে ঘৰৰ ভিতৰতো সামাজিকভাৱে বিচ্ছিন্ন অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোকে পৰিণতিৰ কথা নাভাবি নিজৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে। ২০১৫ চনৰ এক অধ্যয়নত ব্যাখ্যা কৰা হৈছে যে প্ৰায়ে চিঞৰি থকা, অপমান কৰা, বেয়া আচৰণ কৰা পিতৃ-মাতৃৰ সৈতে ডাঙৰ হোৱা শিশুৰ হতাশাৰ লক্ষণ আৰু আত্মহত্যাৰ চিন্তা হোৱাৰ সম্ভাৱনা বেছি। ভাৰতত যুৱক-যুৱতীৰ আত্মহত্যাৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ তথ্য অনুসৰি ২০২০ চনত প্ৰতি ৪২ মিনিটৰ মূৰে মূৰে এজন ছাত্ৰই নিজৰ প্ৰাণ কাঢ়ি লৈছিল। একেটা বছৰতে সমগ্ৰ ভাৰতবৰ্ষতে ১৮ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ১১,৩৯৬টা ঘটনা সংঘটিত হৈছিল। আমি এনে এখন সমাজত বাস কৰোঁ য’ত শৈক্ষিক উৎকৰ্ষতাক গৌৰৱৰ বিষয় বুলি গণ্য কৰা হয়। শৈক্ষিক প্ৰদৰ্শন বেয়া হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে পিতৃ-মাতৃ, শিক্ষক আৰু আত্মীয়ৰ পৰা নিৰ্মম সমালোচনাৰ সন্মুখীন হয়। ই অৱশেষত তেওঁলোকৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰ সন্দৰ্ভত তেওঁলোকৰ মাজত আত্মসন্দেহৰ সৃষ্টি কৰে। প্ৰতিযোগিতামূলক সমাজখনৰ বাবেই বেছিভাগ অভিভাৱকে যুৱক-যুৱতীসকলক এক উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ অহৰহ ঠেলি দিয়ে। বহুতো মানসিক স্বাস্থ্যৰ চিকিৎসকে বিশ্বাস কৰে যে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এই অত্যাধিক শৈক্ষিক চাপে তেওঁলোকৰ মানসিক বৃদ্ধি সীমিত কৰি ৰাখে আৰু উদ্বেগ আৰু হতাশাৰ সৃষ্টি কৰে। আটাইতকৈ বেয়া ক্ষেত্ৰত পিতৃ-মাতৃৰ চৰম কঠোৰ সমালোচনাৰ ফলত যুৱক-যুৱতীসকলে কম বয়সতে আত্মহত্যা কৰে। মনোৰোগ বিশেষজ্ঞসকলে যুক্তি আগবঢ়ায় যে অত্যন্ত মানসিক চাপৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰা মানসিক চাপ কমোৱাত অভিভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যিহেতু ছাত্ৰ-ছাত্ৰীসকলে বেছিভাগ সময় স্কুলত কটায়, সেয়েহে শিক্ষকসকলেও তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক প্ৰদৰ্শন সম্পৰ্কীয় মানসিক চাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ২০২০ চনত কলকাতাৰ তিনিখন ব্যক্তিগত আৰু তিনিখন চৰকাৰী বিদ্যালয়ে ১৯০ গৰাকী ছাত্ৰ-ছাত্ৰী (একাদশ আৰু দ্বাদশ শ্ৰেণী)ৰ ওপৰত মানসিক স্বাস্থ্যৰ সমীক্ষা চলাইছিল। সমীক্ষাৰ ফলাফল অনুসৰি দুই তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক প্ৰদৰ্শনৰ সন্দৰ্ভত অভিভাৱকৰ হেঁচা অনুভৱ কৰিছিল । আনহাতে, শেহতীয়াকৈ ২০২১ চনৰ এখন গৱেষণা পত্ৰত দাবী কৰা হৈছে যে বেছিভাগ অভিভাৱকে নিজৰ সন্তানক অধ্যয়নৰ সন্দৰ্ভত হেঁচা দিয়ে, তেওঁলোকৰ প্ৰতি অধিক মনোযোগ দিয়াৰ উদ্দেশ্যেৰে। ইয়াৰ উপৰিও বিবাহ বিচ্ছেদৰ দৰে ডাঙৰ ডাঙৰ জীৱন বিঘিনিৰ অপৰাধবোধে পিতৃ-মাতৃক প্ৰায়ে সন্তানৰ ভৱিষ্যতৰ প্ৰতি অধিক চিন্তিত কৰি তোলে। তেওঁলোকে সন্তানৰ প্ৰতি অৱহেলা কৰাৰ আশংকা কৰে আৰু প্ৰায়ে অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰি অতিৰিক্ত ক্ষতিপূৰণ দিয়ে। নিজৰ উচ্চ সুনাম অটুট ৰাখিবলৈ তেওঁলোকে ল’ৰা- ছোৱালী ওপৰত চৰম মানসিক চাপ সৃষ্টি কৰে যে তেওঁলোকে পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবই লাগিব। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলে কি শিকিছে সেই বিষয়ে চিন্তা নকৰাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলক ভাল নম্বৰৰ গুৰুত্ব বুজাবলৈ বাধ্য কৰাই থাকে। একেদৰে সন্তানে ভাল নম্বৰ লাভ কৰিব নোৱাৰিলে আত্মীয়ই কি ক’ব তাক লৈ অভিভাৱকসকলে অধিক চিন্তা কৰে। আৰু এজন ছাত্ৰক তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শনৰ সন্দৰ্ভত হেঁচা প্ৰয়োগ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ইয়াৰ আশে-পাশে ঘূৰি থাকে। এই প্ৰক্ৰিয়াত অভিভাৱক আৰু শিক্ষকসকলে আওকাণ কৰে যে তেওঁলোকৰ কাৰ্য্য আৰু উচ্চ আশাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে মানসিক চাপৰ সন্মুখীন হ’ব পাৰে। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ বাবে উত্তম বিচাৰে। কিন্তু তেওঁলোকে এইটোও জনা উচিত যে যত্ন লোৱা আৰু অত্যধিক যত্ন লোৱাৰ মাজত এটা সুক্ষ্ম ৰেখা আছে। অত্যন্ত চিন্তা আৰু চিন্তাই শিশুৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিতৃ-মাতৃৰ হেঁচাত শিশুৱে হতাশা আৰু বাইপোলাৰ ডিছঅৰ্ডাৰকে ধৰি গুৰুতৰ মানসিক বিকাৰৰ সৃষ্টি কৰিব পাৰে। আনকি শিশুৰ আত্মহত্যাৰ চিন্তা আৰু আত্মহত্যাৰ প্ৰৱণতাও গঢ় লৈ উঠিব পাৰে। যেতিয়া শিশুৱে আভ্যন্তৰীণ দুৰ্বলতাৰ সৈতে মোকাবিলা কৰাৰ সময়ত বহুত সংগ্ৰাম কৰে, তেতিয়া তেওঁলোকে প্ৰায়ে নিজৰ জীৱনটো শেষ কৰিবলৈ বাছি লয়। এইদৰে অভিভাৱকসকলে নিজৰ সন্তানৰ ওপৰত চৰম হেঁচা প্ৰয়োগ কৰা, তেওঁলোকৰ প্ৰতি বহু আশা কৰা, পঢ়া-শুনাত ভাল নম্বৰ নাপালে কঠোৰ সমালোচনা কৰাটো বাধা দিব লাগে।


বিশেষকৈ ভাৰতীয় সমাজত যিকোনো পিতৃ-মাতৃৰ বাবে শিশুৰ ভৱিষ্যত অন্যতম ডাঙৰ চিন্তাৰ বিষয়। আমাৰ সমাজত সন্তান জন্মৰ আগতেই প্ৰায় সংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ পেছাৰ সিদ্ধান্ত লয়। শিশুসকলে তেওঁলোকৰ সপোন আৰু পছন্দৰ বিষয়ে সোধা নোহোৱাকৈ অভিযন্তা, চিকিৎসক, অধ্যাপক বা উচ্চ পদস্থ চৰকাৰী কৰ্মচাৰী হোৱাটো আশা কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সময়ত যদি পৰীক্ষাৰ্থীগৰাকীয়ে ভাল নম্বৰ (প্ৰায় ৭৫%+) পাই উত্তীৰ্ণ হয় তেন্তে অধিক সংখ্যক লোকে নিশ্চিত ভাৱে বিজ্ঞান শাখাত নামভৰ্তি কৰাবলৈ উপদেশ দিয়া দেখা যায়। আৰু যদি কেনেবাকৈ পৰীক্ষাৰ্থীগৰাকীয়ে মোটামুটি ভাৱে উৰ্ত্তীণ হয় তেন্তে সি/তাই কলা শাখাত নামভৰ্তি কৰোৱাটোৱেই উত্তম হ’ব বুলি এক শ্ৰেণীৰ লোকে ভাৱে। একেদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীগৰাকীক যিমান গুৰুত্ব দিয়া হয় তাৰ আধাও কম নম্বৰ পোৱা ল’ৰা বা ছোৱালীজনীক দিয়া নহয়। যাৰ ফলত পৰীক্ষাৰ্থীগৰাকীয়ে হতাশাত ভুগিব লগা হয়। ই আমাৰ সমাজৰ প্ৰায় প্ৰতিখন ঘৰৰ সাধাৰণ কাহিনী য’ত শিশুৱে সদায় পিতৃ-মাতৃৰ উচ্চ দাবী পূৰণৰ বাবে সংগ্ৰাম কৰে। দিনক দিনে আশা বাঢ়ি গ’লে শিশুৰ মাজত এক প্ৰকাৰৰ ভয় আৰু উদ্বিগ্নতা গঢ় লৈ উঠে। আজিকালি শিশুৱে অতি প্ৰতিযোগিতামূলক পৃথিৱীত বাস কৰে য’ত জীৱনত সফলতা লাভৰ একমাত্ৰ চাবিকাঠি হৈছে নিখুঁততাবাদ। শিশুসকলক শিকোৱা হয় যে সফলতাৰ অৰ্থ হ’ল কেৱল উৎকৃষ্ট পেছাদাৰী প্ৰদৰ্শন, উচ্চ মৰ্যাদা আদি। এনে শিক্ষাই এজন ছাত্ৰৰ সফলতাৰ প্ৰতি থকা দৃষ্টিভংগীত বিৰূপ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত যুৱক-যুৱতীসকল বিফলতাৰ প্ৰতি অধিক দুৰ্বল হৈ পৰে আৰু বিফলতাৰ সন্মুখীন হ’লে আত্মহত্যা কৰাৰ প্ৰৱণতা দেখা দিয়ে। আত্মহত্যাৰ প্ৰৱণতাৰ বাহিৰেও এজন ছাত্ৰই পিতৃ-মাতৃৰ চৰম হেঁচা অনুভৱ কৰাৰ পিছত বাইপোলাৰ ডিছঅৰ্ডাৰ, বিহেভিয়াৰ ডিছঅৰ্ডাৰ, এন্সাইটি ডিছঅৰ্ডাৰ, ডিপ্ৰেছন, আৰু অন্যান্য গুৰুতৰ মানসিক স্বাস্থ্যজনিত ৰোগত ভুগিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বিশ্বৰ ১০-১৯ বছৰ বয়সৰ ভিতৰৰ প্ৰতি বছৰে সাতজন ছাত্ৰৰ ভিতৰত এজনে হতাশাৰ সন্মুখীন হয়। এই সংখ্যাই মানসিক স্বাস্থ্যজনিত ৰোগৰ বিশ্বব্যাপী বোজাৰ ১৩% ভাগ লয়। প্ৰতিবেদন অনুসৰি ১৫-১৯ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যাই মৃত্যুৰ চতুৰ্থ প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)ৰ শেহতীয়া তথ্য অনুসৰি ২০১৯-২০২১ চনৰ ভিতৰত ভাৰতত প্ৰায় ১২,৫২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। তথ্য অনুসৰি ২০১৯ চনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ হাৰ প্ৰায় ২১.১৯% বৃদ্ধি পাইছে। ভাৰতত ১৯৯৫ চনৰ পৰা প্ৰায় ১.৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে।এন চি আৰ বিৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে পৰীক্ষাত ব্যৰ্থ হোৱা আৰু অভিভাৱকৰ হেঁচাত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয়। যোৱা দশকত ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ছাত্ৰ- ছাত্ৰীৰ আত্মহত্যা। বিশেষজ্ঞসকলৰ মতে আত্মহত্যা কৰা ভাৰতীয় জনসংখ্যাৰ অধিকাংশৰে বয়স ১৫-২৯ বছৰৰ ভিতৰত আছিল। মুঠ আত্মহত্যাৰ প্ৰায় ৫৩% ৰোগী আছিল ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, কৰ্ণাটক, তামিলনাডু, আৰু মধ্যপ্ৰদেশৰ। ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ মাজতে ২০২০ চনত সৰ্বাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত আত্মহত্যা কৰে। বহু সংখ্যক ছাত্ৰ-ছাত্ৰী কম আয়ৰ পৰিয়ালৰ পৰা আহে, অভিভাৱকৰ আশাৰ বোজা যে তেওঁলোক চিকিৎসক, অভিযন্তা বা কোনো ডাঙৰ পদবীৰ বিষয়া হ’ব। ইয়াৰ ফলত তেওঁলোকৰ ওপৰত যথেষ্ট বোজা পৰে আৰু তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ক্ষতি হোৱা দেখা পোৱা যায়। দুখৰ কথাটো হ’ল মানসিক স্বাস্থ্যৰ সজাগতাৰ অভাৱৰ বাবে বহুতে ইয়াক গুৰুত্বসহকাৰে নলয়। ছাত্ৰ-ছাত্ৰীক মনোৰোগ বিশেষজ্ঞৰ পৰা গুৰুতৰ সহায়ৰ প্ৰয়োজন হোৱা ক্ষেত্ৰত কমেইহে সহায় লোৱা দেখা যায়।
ল’ৰা- ছোৱালীবোৰক কেৱল কৃতিত্বৰ নহয়, প্ৰচেষ্টাৰ প্ৰশংসা কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস গঢ় লৈ উঠে। ল’ৰা- ছোৱালীবোৰৰ অনুভৱক তেঁওলোকৰ অভিভাৱকসকলে বৈধতা প্ৰদান কৰিব লাগে। ঘৰৰ ভিতৰত এক বন্ধুত্বপূৰ্ণ পৰিবেশ সৃষ্টি কৰিব লাগে যাতে আপোনাৰ সন্তানে নিজৰ অনুভৱ, চিন্তা, মতামত কোনো সংকোচ নকৰাকৈ আপোনাৰ লগত মত বিনিময় কৰিব পাৰে। আপোনাৰ শৈশৱৰ কাহিনীবোৰ আপোনাৰ ল’ৰা-ছোৱালীৰ লগত আলোচনা কৰক, নিশ্চয় ই আপোনাৰ বন্ধন মজবুত কৰিব। আপোনাৰ শিশুৰ সামৰ্থ্যক কেতিয়াও তেওঁলোকৰ সমনীয়া বা বন্ধু-বান্ধৱীৰ সৈতে তুলনা নকৰিব, অহৰহ তুলনা কৰিলে প্ৰায়ে শিশুৰ আত্মসন্দেহৰ সৃষ্টি হয়। তেওঁলোকে কম আত্মসন্মান আৰু আত্মবিশ্বাসৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে যিয়ে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদি আপোনাৰ শিশুৱে পৰীক্ষাত বেয়া ফলাফল দেখুৱায়, তেন্তে তেওঁলোকে কষ্ট কৰিলে ভৱিষ্যতে ভাল ফলাফল দেখুৱাব বুলি কৈ উৎসাহিত কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ল’ৰা-ছোৱালীক বন্ধু-বান্ধৱীৰ সৈতে সময় কটাবলৈ, সামাজিক যোগাযোগ কৰিবলৈ, আৰু প্ৰকৃতিত বাহিৰৰ খেল খেলিবলৈ প্ৰেৰণা দিয়ক। প্ৰকৃতিত সময় কটোৱাটোৱে মানুহক মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। আপোনাৰ সন্তানৰ বাবে দৈনিক সূচী প্ৰস্তুত কৰি দিয়ক, যিয়ে তেওঁলোকক সংগঠিত হ’বলৈ সহায় কৰিব। আপোনাৰ সন্তানৰ সৰু সৰু প্ৰচেষ্টা আৰু জয়ক সদায় স্বীকাৰ কৰক আৰু উদযাপন কৰক, যিয়ে তেওঁলোকক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ আগতে সন্তানক তেওঁলোকৰ সপোন, তেওঁলোকে কি হ’ব বিচাৰে বা ভৱিষ্যতে কি বিষয়ত আগবাঢ়িব বিচাৰে সেই বিষয়ে সুধিব, যিয়ে তেওঁলোকৰ ইচ্ছা অথবা আশাবোৰক গুৰুত্বপূৰ্ণ অনুভৱ কৰাব। ল’ৰা-ছোৱালীক কেতিয়াও ক’ব নালাগে যে তেওঁলোকে একো কৰিব নোৱাৰে। সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ বিশ্বাস সন্তানৰ সফলতাৰ প্ৰধান চাবিকাঠি। আপোনাৰ সন্তানে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে আনে কি ক’ব সেই বিষয়ে চিন্তা নকৰিব। যিমান পাৰে সন্তানক প্ৰেৰণা দিয়ক। আপোনাৰ ল’ৰা-ছোৱালীৰ জীৱনশৈলীৰ ভাল অভ্যাস আৰু ইতিবাচক চিন্তাধাৰাৰ বাবে উৎসাহিত কৰক। ঘৰতে মাইণ্ডফুলনেছ, মেডিটেচন বা যোগাসন কৰিবলৈ উৎসাহিত কৰক। ল’ৰা-ছোৱালীক স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু টোপনিৰ অভ্যাসৰ বিষয়ে শিকাওক। ইতিবাচক জীৱনশৈলীয়ে আপোনাৰ ল’ৰা-ছোৱালীৰ মনত থকা নেতিবাচক চিন্তাবোৰ দূৰ কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰ শিশুৱে কোনো ধৰণৰ ভয় বা উদ্বেগত ভুগিছে, তেন্তে তেওঁলোকৰ মনত চলি থকা চিন্তাবোৰৰ বিষয়ে আলোচনা কৰক।

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *