Wednesday, February 4

কিতাপ আমাৰ প্ৰয়োজন হওঁক

কিতাপ হ’ল মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু ৷ এ. পি. জে আব্দুল কালামে কোৱা এশাৰী কথা হয়তো সকলোৰে জ্ঞাত যে “এখন ভাল কিতাপ এশজন ভাল বন্ধুৰ সমান এটা ভাল বন্ধু পুথিভঁৰালৰ সমান”। কিতাপে মানুহৰ বহুতো প্ৰয়োজন পূৰণ কৰিব পাৰে ৷ এখন সুস্থ সমাজ গঢ়াত কিতাপৰ ভূমিকা অপৰিসীম ৷ মানুহে কিতাপ পঢ়াৰ কাৰণ ভিন্ন ধৰণৰ হ’ব পাৰে, কোনোৱে যদি পঢ়ে জীৱিকাৰ বাবে, কোনোৱে পঢ়ে জ্ঞান আহৰণ বাবে, কোনোৱে আকৌ পঢ়ে মনোৰঞ্জন অথবা সময় কটাবৰ বাবে। কেতিয়াবা কেতিয়াবা কিতাপ আমাৰ নিসংগতৰো সংগী হ’ব পাৰে। ভাল কিতাপৰ সংগত থাকি কি পোৱা যায় সেয়া হয়তো অকল গ্ৰন্থপ্ৰেমীসকলেহে বুজি পায় বা অনুভৱ কৰিব পাৰে। তেওঁলোকৰ ঘৰখনত কিতাপৰ বাদে আন একো ৰাখিবলৈ ঠাই নোহোৱা হোৱা কথাটোৱেও এক অদ্ভুত ধৰণৰ আনন্দ দিয়ে। বাহিৰত সোণ – ৰূপ থ’লে চুৰ হয়। আনকি তলা ভাঙিও সোণ-ৰূপ চুৰ কৰে। কিন্তু তেনেকৈ কিতাপ জনো চুৰি হয় ? চোৰে চুৰ কৰিলেও কেতিয়াও কিতাপ ৰখা ঠাইত হাত নিদিয়ে। আজিকালি কিতাপৰ দোকানৰ গৰাকীক বিক্রী কেনেকুৱা বুলি শুধিলে তেঁওলোকৰ পৰা খুব এটা সন্তোষজনক উওৰ পোৱা নাযায়। তেঁওলোকৰ পৰা এশাৰী কথাই শুনা যায় যে ‘আজিকালি কিমানজনেনো কিতাপ পঢ়ে’। কথাষাৰ সম্পূৰ্ণ মিছাও নহয় কিন্তু। আজিকালি সকলো উপলব্ধ হয় ইন্টাৰনেটত। সেয়ে কিতাপ কিনি পঢ়া বাদ দিয়া যেনেই হৈছে। আগতে অভিধান চাব লগা হৈছিল আজিকালি ইন্টাৰনেটত চালেই লগে লগে উত্তৰ পায়। প্ৰতিবছৰে বহু সংখ্যক অসমীয়া কিতাপ প্ৰকাশ হয় যদিও সেই অনুপাতে বিক্ৰী সন্তোষজনক নহয়। ম’বাইল ফোনে কিতাপ পঢ়াৰ সময় আৰু আগ্ৰহ হ্ৰাস কৰিছে বাবেও কিতাপৰ বজাৰ শোচনীয় হৈ আহিব ধৰিছে। এনেধৰণৰ প্ৰসংগ প্ৰায়েই শুনিবলৈ আৰু পঢ়িবলৈ পোৱা যায়। কাকতৰ পৃষ্ঠাৰ পৰা ছ’চিয়েল মিডিয়ালৈকে বিভিন্ন মাধ্যমত সঘনাই এইধৰণৰ চৰ্চা চলে, টেলিভিছনৰ পৰ্দাতো মাজে-সময়ে এই বিষয়ত আলোচনা হোৱা দেখা পোৱা যায়। কিতাপৰ বিক্ৰী হ্ৰাস পোৱা, ‘বাহিৰা কিতাপ’ পঢ়িবৰ বাবে আগ্ৰহহীনতা আদিৰ দৰে নঞাৰ্থক দিশক লৈ বিভিন্নজনে বিভিন্ন মাধ্যমত প্ৰায়েই মন্তব্য কৰা দেখা যায়। কিন্তু তাৰ বিপৰীতে কিতাপ অধ্যয়নৰ প্ৰয়োজনীয়তা, লাভালাভ আদি সম্পৰ্কতো বিভিন্নজনে বিভিন্নধৰণে মতপোষণ কৰি অহা দেখা যায়।

সাধাৰণতে আমাৰ যুৱসমাজক কিতাপ নপঢ়ে, গ্রন্থ ক্রয় নকৰে বুলি দোষাৰোপ কৰা হয়। কিন্তু কথাষাৰ একেবাৰে সঁচা নহয়। ২০২২ চনৰ বিশ্ব জনসংখ্যা সম্ভাৱনাৰ পুনৰীক্ষণ অনুসৰি ভাৰতৰ জনসংখ্যাৰ ৫০%তকৈ অধিক ২৫ বছৰৰ তলৰ আৰু ৬৫%তকৈ অধিক ৩৫ বছৰৰ তলৰ লোক আছে। এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলাই ৭ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ ৰচনা কৰে। তেনে ক্ষেত্ৰত অকল এটা নিৰ্দিষ্ট অথবা অকল বয়োজেষ্ঠ লোকেই জানো ইমান কিতাপ কিনাটো সহজ? নিশ্চয়কৈ নহয়, ইয়াত যুৱসমাজৰো সহাঁৰি থাকিব লাগিব। কিতাপৰ বিক্ৰী হ্ৰাস পোৱা বুলি প্ৰায়েই শুনা এই অভিযোগৰ মাজতো পিছে গ্ৰন্থমেলাসমূহে আমালৈ ইতিবাচক আৰু আশাব্যঞ্জক খবৰ কঢ়িয়াই আনে। সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰা যায় যে, আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত চলা বিভিন্ন গ্ৰন্থমেলাত বিভিন্ন লেখকৰ যথেষ্টসংখ্যক কিতাপ বিক্ৰী হয়। গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো আমাৰ সমাজৰ বাবে আনন্দৰ কথা৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ ভাণ্ডাৰ, গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয় ৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয়। একেদৰে এইবাৰৰ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ গ্ৰন্থমেলাত প্ৰায় ৫ কৌটি টকাৰ কিতাপ বিক্ৰী হয় বুলি জানিব পৰা যায়। সংবাদ মাধ্যমৰ তথ্য অনুসৰি ২০২৪ বৰ্ষৰ নলবাৰীৰ ৰাস মহোৎসৱত আয়োজিত গ্ৰন্থমেলাত প্ৰায় ২৫ লাখ টকাৰ কিতাপ বিক্ৰী হৈছিল। এই খবৰ সঁচাকৈয়ে মন ভৰোৱা।

গ্ৰন্থৰ জগতখন বহু বিশাল হৈ পৰিছে। তাৰ মাজৰ পৰা নিজৰ প্ৰিয় গ্ৰন্থখন বিচাৰি উলিওৱা সহজ কাম নহয়। প্ৰিয় গ্ৰন্থখন বিচাৰি পোৱাৰ পিছতো আকৌ দাম বৃদ্ধিৰ সমস্যা । কিছুমান কিতাপ এনে আছে যিয়ে খুব জনপ্রিয়তা লাভ কৰে কিন্তু কিনিবলৈ গ’লে প্রথমে দামটো দেখিলে মনত ভাবিব লগা হয়। ৫০০ টকাৰ তলত কিতাপ নাই বুলিয়ে ক’ব পাৰি আজিকালি। যদি কোনো শিক্ষাৰ্থীয়ে কিতাপ ক্ৰয় কৰিব লাগা হয় তেনেহলে তেওঁৰ বাবে ৫০০ টকা হয়তো মাহটোৰ খৰচো হ’ব পাৰে। সেয়ে তেওঁ কিতাপ এখন কিনিম ভাবিও কিনিব নোৱাৰে একমাত্র দামৰ বাবে। তথাপিও ইয়াৰ মাজত এচাম এনেকুৱা ল’ৰা – ছোৱালীও আছে যিয়ে কেৱল কিতাপ ক্ৰয় কৰিবলৈ টকা সঞ্চয় কৰে। তেনেকুৱা ল’ৰা- ছোৱালীৰ বাবে কিতাপেই একমাত্ৰ হেঁপাহৰ বস্তু। এসময়ত গাৱে চহৰে সকলোতে কিতাপ উপহাৰ দিয়াটো প্রায় প্ৰথাৰ নিচিনাই আছিল। এতিয়াৰ দৰে ইমান উপহাৰ সামগ্ৰীও নাছিল। আগৰ দিনৰ কিতাপৰ দৰে সম্ভ্রান্ত উপহাৰ দিয়া কামটো বৰ সভ্য আৰু উপযোগী আছিল। কাৰোবাক উপহাৰ দিয়া কিতাপ এখন তেওঁৰ গোটেই জীৱনটো পাৰ হৈ যোৱাকৈ থাকি যায়। আন কোনো বস্তুৰ হয়তো সিমান আয়ুসো নাথাকে। আপুনি নিজেই ভাবি চাওঁকচোন জীৱনত আমি কিমান কি যে উপহাৰ পাওঁ, সেইবোৰ ৰৈ যায় নে কিতাপৰ দৰে এনেকৈ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ কেবিনেটত লোৱা কিতাপ বিষয়ক কেইটামান সিদ্ধান্তই সৰ্বসাধাৰণৰ মাজত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল। উল্লেখ্য যে, যোৱাটো বৰ্ষৰ ২৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত অন্য নানানটা বিষয়ৰ লগতে কিতাপ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ইতিবাচক সিদ্ধান্ত লোৱা হয়। জনামতে, জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে ২০২৫ বর্ষটিক ‘কিতাপৰ বৰ্ষ’ হিচাপে উদযাপন কৰাত অনুমোদন জনাইছিল। তদুপৰি সেই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বছৰটোৰ ভিতৰত সকলো জিলাতে গ্রন্থমেলা অনুষ্ঠিত কৰাৰ লগতে গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰা হৈছিল। এয়া নিশ্চয়কৈ ইতিবাচক আৰু প্ৰশংসনীয় পদক্ষেপ। এই সিদ্ধান্তসমূহ কাৰ্যকৰী হ’লে অসমীয়া কিতাপ আৰু সাহিত্য ক্ষেত্ৰলৈ একধৰণৰ নৱজাগৰণ আনিব বুলি আশা কৰিব পাৰি। কেৱল অসমীয়া সাহিত্য ক্ষেত্ৰলৈয়ে নহয়, কাৰ্যকৰী হ’লে এই সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে জাতিৰো উন্নয়ন সাধন কৰিব।

অসমীয়া কিতাপৰ পঢ়ুৱৈ হ্ৰাস পাইছে বা অসমীয়া কিতাপৰ বিক্ৰীও কমিছে বুলি ক’লেও গঢ় হিচাপত নিতৌ প্ৰকাশৰ দৰে ইখনৰ পিছত সিখনকৈ ভিন্নধৰ্মী অসমীয়া কিতাপ প্ৰকাশ হোৱাৰ খবৰ সংবাদ মাধ্যম নাইবা ছ’চিয়েল মিডিয়াৰ যোগেদি অৱগত হ’বৰ পৰত মনত প্ৰশ্ন হয়– যদি কিতাপৰ পঢ়ুৱৈ আৰু বিক্ৰী কমিছেই, তেনেহ’লে কোনে কিদৰেনো ইমান কিতাপ প্ৰকাশ কৰি আছে। পিছে সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই যদিও এই কথা বিশ্বাস কৰিবলৈ বাধ্য যে, কিতাপৰ পঢ়ুৱৈৰ লগতে বিক্ৰী হ্ৰাস পোৱা বুলি প্ৰায়েই শুনিবলৈ পোৱা এই অভিযোগ যদি সত্য, তেনেহ’লে এয়া নিঃসন্দেহে জাতিটোৰ বাবেই পৰিতাপজনক। কিতাপ অধ্যয়নৰ নিচা অবিহনে আমি নিজেই নিজক দুৰ্বল কৰোঁ। কিতাপ নপঢ়া বা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ হ্ৰাস পোৱা লোকৰ মাজত সুস্থ সমাজ আশা কৰিব পাৰি জানো? আমি নিজৰ আৰু সমাজৰ লগতে ভৱিষ্যতৰ তাগিদাত কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়াৰ প্ৰয়োজন। আনহাতে, কিতাপৰ উদ্যোগটোৰ সৈতে জড়িত লোকসকলেও কিতাপৰ বিক্ৰী আৰু পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ অনুধাৱনৰ প্ৰয়াস কৰাটোৰ প্ৰয়োজন। গ্ৰন্থ ৰচয়তা আৰু কিতাপৰ প্ৰকাশকসকলে এই নঞাৰ্থক বাতাবৰণৰ আঁৰৰ কাৰণৰ সন্ধান কৰি কিতাপৰ প্ৰতি পঢ়ুৱৈক আকৰ্ষণৰ বাবে তথা কিতাপৰ বিক্ৰী বৃদ্ধিকৰণৰ বাবে যৎপৰোনাস্তি কাৰ্যব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন আছে। আশা কৰিছোঁ, বিভিন্ন মাধ্যমত কিতাপৰ বিষয়ে চৰ্চা কৰি থকা আমাৰ চিনাকি-অচিনাকি সকলো ব্যক্তিয়ে সাধ্য অনুসাৰে কিতাপ কিনে । অন্য নোহ’লেও কিতাপ উপহাৰ দিয়াৰেই অভ্যাস কৰক।

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *