“সাগৰ তেলিত শুৱৰে মন” বুলি তেওঁ গানতহে কৈছিল, সেয়া সঁচা হ’ব বুলিনো কোনে ভাবিব পাৰে। এয়া এক মানি ল’ব নোৱাৰা সত্য যে অসমৰ প্ৰাণ জুবিন গাৰ্গ আৰু নাই, জুবিন নামৰ যুগটোৰ অন্ত পৰিল। তেওঁৰ এই অকাল মৃত্যু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি হ’ল। কেইবাটাও প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এটি মাথো নাম নহয়, তেওঁ এখন ডাঙৰ উপন্যাস। প্ৰতিজন অসমবাসীৰ লগতে প্ৰতিজন জুবিন প্ৰেমীৰ মন মগজুত আজি কেৱল এটাই নাম – “জুবিন গাৰ্গ”। আজি কেইবাটাও দশকজুৰি মানুহৰ হৃদয়ত স্থান লোৱা হার্টথ্রব জুবিন গাৰ্গে জীৱনৰ প্ৰতিটো মূহূৰ্তৰ বাবে কথা-সুৰৰ সৃষ্টি কৰিব পৰা সংগীতৰ পূজাৰী আছিল। আমাৰ সুখ, দুখ, প্ৰেম, বিচ্ছেদ, প্ৰাৰ্থনা সকলোতে জুবিন। সকলো প্ৰকাৰৰ গান গাব পৰাকৈ প্ৰতিভাশালী আছিল তেওঁ। অসমৰ সম্পদ বুলি ক’ব পৰাকৈ ব্যক্তিত্ব আছিল তেওঁৰ। তেওঁ বহুত সোনকালে গ’লগৈ, এইটো তেওঁৰ যোৱাৰ বয়স নাছিল।

অসমখনৰ বাবে তেওঁ আৰু বহুতো কাম কৰাৰ কথা আছিল, তেওঁ কৈছিল অসমীয়া চলচ্চিত্ৰক আৰু আগুৱাই নিয়াৰ বাবে তেওঁৰ বহুতো সপোন আছিল। জুবিনৰ কণ্ঠত মানুহক শক্তিশালী, উদ্যমী কৰাৰ এক অতুলনীয় ক্ষমতা আছিল, তেওঁৰ সংগীতে আমাৰ মন-আত্মাৰ সৈতে কথা পাতিছিল। তেওঁ এৰি থৈ যোৱা এই শূন্যতা কেতিয়াও পূৰণ নহ’ব। তেওঁৰ সেই যাদুকৰী মাতটোৰ পৰিপূৰক দ্বিতীয় আৰু কোনো নাই, চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল সেই মাত। অসমৰ এই সম্পদগৰাকী বিদেশত গৈ এনেকুৱা হোৱা কথাটো আমি কোনেকৈনো মানি লওঁ। জুবিন গাৰ্গ সুস্থ হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অলপ সময়ো নাপালোঁ আমি অসমবাসীয়ে। কাৰ বাবে, কিয়, কেনেকৈ তেওঁৰ মৃত্যু হ’ল এই সকলোবোৰ যিয়েই নহওঁক তথাপিও তেওঁক আমি আৰু উভতাই নাপাওঁ। গানৰ সুৰেৰে সকলোকে জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি নিজেই হেৰাই গ’ল। আমাৰ ভৱিষ্যৎ প্ৰজন্মই তেওঁক অসমৰ সংস্কৃতিৰ এজন সাধক হিচাপে স্মৰণ কৰিব। তেওঁৰ কৰ্মৰাজিয়ে বহুতো শিল্পীক অনুপ্ৰাণিত কৰি আহিছে আৰু আগন্তুক দিনবোৰত কৰি থাকিব। তেওঁৰ সংগীতৰ বাহিৰেও মানুহৰ সৈতে সংযোগ আৰু তেওঁলোকক সহায় কৰাৰ আবেগ সদায় শলাগ ল’বলগীয়া। ভগৱানে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু সমগ্ৰ অসমবাসীক এই অপূৰণীয় ক্ষতি সহিবলৈ শক্তি দিয়ক।