ন খোৱা
আঘোণক শুভ্ৰ সাজেৰে সাৱটি ৰখা কুঁৱলীৰ মাজে মাজে গছ – গছনিত ওলমি থকা নিয়ৰৰ সৰু সৰু টোপালাবোৰ পুৱাৰ ৰ’দৰ চমকণিত মুকুতাৰ দৰে চিকমিকাই উঠে। আঘোণ হ’ল খেতিয়কৰ সপোন দিঠকত পৰিণত কৰা এটি মাহ । আঘোণে প্ৰতিজন কৃষকৰ মুখলৈ হাঁহি আৰু মনলৈ আনে নতুন আশা, উৎসাহ-উদ্দিপনা। কাতি মাহত সেউজী পথাৰত চাকি – বন্তি জ্বলোৱাৰ পিছত আঘোণ মাহত আমি সোণগুটিৰে ভৰা সোণোৱালী পথাৰ দেখিবলৈ পাওঁ। কাতিৰ কঙালীৰ অন্তত খেতিয়কৰ মুখত হাঁহি বিৰিঙাই আঘোণে লৈ আহে সোণগুটিৰে শোভিত পথাৰ। আঘোণে কঢ়িয়াই আনে প্ৰতিজন খেতিয়কৰ কষ্টৰ বিনিময়ৰ উপহাৰৰ লগতে জীৱন-ধাৰণ কৰাৰ একমাত্ৰ লাখুটিডাল। আঘোণ মাহৰ এই সোণগুটিক উদ্দেশ্য কৰিয়েই এক বিশেষ কৃষিভিত্তিক উৎসৱৰ আয়োজন কৰা হয় আৰু সেই উৎসৱটোৰেই নাম হ’ল ন – খোৱা । পথাৰৰ ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সকলোৱে মিলি এসাঁজ ভোজ-ভাত খোৱা কাৰ্যটোকেই ন-খোৱা বুলি কোৱা হয়। ন-খোৱা উৎসৱটো ক’ত কেতিয়া...

