নিষিদ্ধ
ভালপোৱা মাত্ৰ এটি শব্দ নহয়, ই হ’ল দুটা আত্মাৰ মিলনৰ অনুভৱ। উক্ত উপন্যাসখনত লেখিকাই কৈছে যে- ভিন্নতা স্পষ্ট ভাষাত আকোঁৱালি লোৱাই প্ৰকৃত সভ্যতা।নিজৰ ব্যতিক্ৰমী মনটোৰ কথা মাকক বহুবাৰ কৈছিল অভিমন্যুৱে, কিন্তু নাই নুবুজিলে তেওঁ। সেয়ে ফুলশয্যাৰ নিশাই পত্নী ৰস্নাৰ ওচৰত ক্ষমা খুজি সকলো কথা প্ৰকাশ কৰিলে অভিমন্যুৱে আৰু সেই ল’ৰাৰ চেহেৰাৰ ভিতৰত সোমাই থকা নাৰীৰ মনটোক বুজি পালে ৰস্নাই। নিজৰ ভুলৰ বাবে এটা নিৰ্দোষ প্ৰাণীক কষ্ট দিয়া দোষবোধৰ পৰা পৰিত্ৰাণ পাবলৈ অভিমন্যুৱে বিয়া দিলে ৰস্নাক ৰাজীৱৰ লগত। ৰং তুলিকাৰ মাজত নিজৰ জীৱন অতিবাহিত কৰি অভিমন্যুৱে বাট চাই ৰ’ল নিজৰ ‘soulmate’ জনৰ বাবে। আৰু অৱশেষত পত্নী আৰু দুটা সন্তানৰ পিতৃ চিত্ৰ সমালোচক সুৰুযলোচন বৰুৱা হয় অভিমন্যুৰ আত্মাৰ লগৰি। এই পথ সহজ-সৰল নাছিল যদিও সেয়া ভগৱানে দিয়া আশীৰ্বাদ আছিল অভিমন্যুৰ বাবে। নিজক নিভাঁজকৈ প্ৰকাশ কৰি একো বিনিময় নিবিছৰাকৈ অকল ...


