বানৰ শেষত ৰৈ যোৱা এক উকা হৃদয়
বানৰ প্ৰথমটো ঢৌ অহাৰ পৰা আজিৰ দিনটোলৈকে অসমৰ পৰিস্থিতি কেৱল সংকটজনক হৈ থকা নাই, ই এক আটাইতকৈ হৃদয়বিদাৰক চৰম বিপৰ্যয়লৈ ৰূপান্তৰিত হৈছে। গুৱাহাটীৰ বুকুৰ পৰা আৰম্ভ কৰি লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাসমূহত পানীৰ ভয়াৱহতা আজিলৈকে কমা নাই। প্ৰতিদিনে মোবাইল, টিভিৰ পৰ্দাত যিবোৰ দৃশ্য আমাৰ চকুৰ আগত ভাঁহি উঠিছে, সেয়া দেখিলে শিহৰিত হৈ উঠে বুকু। এটা বা দুটা প্ৰজন্মই মূৰৰ ঘাম মাটিত পেলাই জীৱনৰ সমগ্ৰ উপাৰ্জনেৰে যিখন ঘৰ সাজি তুলিছিল, যিবোৰ সপোন ৰচিছিল— সেই সকলোবোৰ মাত্ৰ কেইটামান মিনিটৰ ভিতৰত পানীৰ কালৰূপী সোঁতত বিলীন হৈ গ’ল। হাতত মাত্ৰ কেইটামান মিনিট আছিল— সেই সময়ছোৱাত মানুহে নিজৰ প্ৰাণ বচাব নে ঘৰৰ সম্পত্তি বচাব? পিন্ধি থকা কাপোৰযোৰেৰেই নিজৰ সন্তানক বুকুত বান্ধি মানুহবোৰ ওলাই আহিব লগা হ’ল। মুহূৰ্তৰ ভিতৰতে লহপহকৈ থকা একো একোখন জনবহুল গাঁও এৰাবাৰীত পৰিণত হ’ল, পৰি ৰ’ল কেৱল এক নিস্তব্ধ শূন্যতা। ...








