
অমৃত মহোৎসৱ
আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে ভাৰতবাসীয়ে পালন কৰি অহা ‘আজাদি কা অমৃত মহোৎসৱ’ ৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেম যোগাই তোলাৰ মানসেৰে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক অভিজান আৰম্ভ কৰিছে। স্বাধীনতাৰ হিৰক জয়ন্তীৰ বছৰটো বিগত সময়চোৱাত দেশখনে লাভ কৰা সফলতা আৰু বিফলতা বিশ্লেষণৰ সুযোগ হিচাপে গ্ৰহণ কৰিব পৰা যায়। স্বাধীন জাতি হিচাপে পয়সত্তৰ বছৰ আমাৰ বাবে খুব কম সময় নাছিল। এই বৃহৎ সময়ছোৱাত কিছুমান দিশত ভাৰতে সফলতা অৰ্জন কৰাতো অনস্বীকাৰ্য। ৰাস্তা-ঘাট-দলং আদি নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিজ্ঞান-প্ৰযুক্তিৰ দিশলৈ দেশখনে কিছু পৰিমাণে হ’লেও উন্নতি কৰা কথাটো নুই কৰিব নোৱাৰি। কিন্তু সেই অনুপাতে মূলতঃ মূল্যবৃদ্ধিৰ প্ৰকোপত দৰিদ্ৰতাৰ সংখ্যা সন্তোষজনক ভাৱে হ্ৰাস নহ’ল। দেশখনৰ জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ ফলস্বৰূপে আ...