অৰুণাভ ছাৰ
গ্ৰন্থ: অৰুণাভ ছাৰ
লেখক: অজন্তা
প্ৰকাশক: অনন্ত হাজৰিকা
বনলতা
পানবজাৰ, গুৱাহাটী - ১
মূল্য: ১১০.০০ টকা
"অৰুণাভ ছাৰ" এখন অসমীয়া সামাজিক উপন্যাস। 'অৰুণাভ ছাৰ' অজন্তা বাইদেওৰ এনেকুৱা এখন উপন্যাস য'ত যিকোনো শ্ৰেণীৰ পাঠককে মোহিত কৰিব পৰা গুণ আছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু সেই প্ৰদেশৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ বিভিন্ন নগৰ আৰু অঞ্চলক উপন্যাসখনত খুব সুন্দৰকৈ স্থাপন কৰা হৈছে। এজন ভদ্ৰ প্ৰশাসনিক বিষয়া 'অৰুণাভ' আৰু তেওঁৰ পাৰ্চনেল এচিছটেণ্ট 'মায়াবী' উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। স্বামী অংশুমানৰ সৈতে বৈবাহিক বান্ধনত বান্ধ খোৱাৰ পিছতো মায়াবীয়ে বুজি পোৱা নাছিল প্ৰেম মানে কি। অংশুমানৰ মৃত্যুৰ কিছু বছৰ পিছত মায়াবীৰ জীৱনত আগমন হৈছিল অৰুণাভ ছাৰৰ, এজন ভগৱানৰ ৰূপত। যাৰ পৰা মায়াবীয়ে জীৱনৰ অৰ্থ বিছাৰি পাইছ...








