Tuesday, April 29

Poem

এটি কবিতা তোমালৈ

এটি কবিতা তোমালৈ

Poem
তুমি সদায় কোৱা নহয় তোমাৰ বাবে কবিতা লিখিবলৈ, মোৰো মন যায় জানা এই বগা কাগজখনত হিয়া উজাৰি মৰমবোৰ প্ৰকাশ কৰিবলৈ; কিন্তু কি কৰিম কোৱা কলমটি হাতত ল'লেই চোন ভাষাবোৰ নিশব্দ হ'বলৈ ধৰে, মনটো তোমাৰ সৈতে কল্পনা সাগৰত বুৰ গৈ সৌ.. দূৰ দিগন্তলৈ গুচি যায়; নাজানো কিয় এনেকুৱা হয় কিন্তু তোমাৰ বাবে কবিতা লিখিবলৈ মোৰো মন যায়...... [DISPLAY_ULTIMATE_SOCIAL_ICONS]...
সময়

সময়

Poem
সময়বোৰ সলনি হ'ল, মোবাইলৰ স্ক্ৰীনখনতে আবদ্ধ এতিয়া মাৰ নিচুকনি গীতবোৰ । দেউতাৰ কোলাখনে এতিয়া উচুপি উচুপি চায় গাড়ীৰ ছিটটোলৈ । আইতাৰ হাতে বনোৱা পুতলাবোৰ এতিয়া আৰু ক'ত, সেয়াওচোন সেই ৰঙীন কাগজবোৰৰ বিনিময়ত পোৱা হ'ল । ককাদেউতাৰ কোলাত বহি সাধু শুনাৰ মাদকতাবোৰৰ অধিকাৰী এতিয়া টিভিটোৱেই হ'ল [DISPLAY_ULTIMATE_SOCIAL_ICONS]...
আকাশখন চালেই

আকাশখন চালেই

Poem
হোষ্টেলৰ চাদত বহি ৰাতি আকাশখনলৈ চালে মনত পৰে এৰি অহা মৰু অথচ তৰা ফুটুকী আকাশখন আকাশখন মাৰ ; তমসাৰ এই আকাশখন চালেই মনত পৰে এৰি অহা বিষন্ন পদূলিৰ পোহৰ পোহৰ মুখখনি মুখখনি মাৰ । [DISPLAY_ULTIMATE_SOCIAL_ICONS]