আজিৰ ক্ষিপ্ৰ পৰিৱৰ্তনশীল সময়ত আমাৰ নতুন প্রজন্ম সম্পৰ্কৰ ক্ষেত্ৰত অভূতপূর্ব অস্থিৰতা, ধৈর্যহীনতা আৰু আৱেগিক নিয়ন্ত্রণহীনতাৰ চৰম পৰ্যায়ত উপনীত হৈছে।
শেহতীয়াভাবে সমাজত ঘটি থকা কিছুমান অতি নৃশংস আৰু হৃদয়বিদাৰক ঘটনাই প্রমাণ কৰিছে যে কেবল আকর্ষণ বা আবেগৰ বশৱৰ্তী হৈ গঢ়ি উঠা অপৰিপক্ক সম্পর্কই মানুহক হিংস্ৰ কৰি তুলিব পাৰে। যিকোনো গভীৰ সম্পৰ্কলৈ অহাৰ পূৰ্বে সংগীজনৰ ব্যক্তিত্ব, মানসিকতা আৰু মূল্যবোধক ভালদৰে বুজি লোৱাটো আজি অতিশয় জৰুৰী হৈ পৰিছে। আমাৰ পৰিয়াল আৰু সমাজ ব্যৱস্থাত ইয়াৰ ডাঙৰ দায়িত্ব আছে। পিতৃ-মাতৃ বা অভিভাৱকে প্ৰথমৰে পৰাই সন্তানৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলি তেওঁলোকক এনে বৈবাহিক বা প্ৰেমৰ সম্পৰ্কৰ স্বৰূপ আৰু ইয়াৰ সৈতে জড়িত দায়িত্বসমূহৰ বিষয়ে সতৰ্ক কৰি দিয়াটো অত্যন্ত প্রয়োজনীয়। ভুল সম্পৰ্কৰ পৰিণতি কি হ’ব পাৰে, সেই বিষয়ে সন্তানক প্ৰথমৰে পৰাই মুকলিকৈ পতিয়ন নিয়াব লাগিব।

একেদৰে, বিদ্যালয়সমূহত বিজ্ঞানসম্মত যৌন শিক্ষা দিয়াটো সময়ৰ দাবী। যৌন শিক্ষা কেৱল শৰীৰৰ জৈৱিক পাঠ নহয়, ই হ’ল আবেগিক নিয়ন্ত্রণ, সংগীৰ প্ৰতি সন্মান, সন্মতি আৰু ব্যক্তিগত সীমা বুজি পোৱাৰ প্রথম খোজ। আজিকালি কিশোৰ-কিশোৰীয়ে ইণ্টাৰনেটৰ পৰা বিকৃত তথ্য লাভ কৰে, যাৰ ফলত তেওঁলোকৰ মানসিকতা বিপথে পৰিচালিত হয়। বিদ্যালয়ৰ পাঠ্যক্রমে এই ভুল ধাৰণা আঁতৰাই তেওঁলোকক সুস্থ আৰু দায়িত্বশীল মানসিকতাৰ অধিকাৰী কৰি তুলিব পাবে।
আমি যদি এতিয়াও এই বিষয়টোক সামাজিক সংকোচনৰ তালিকাত বান্ধি ৰাখোঁ, তেন্তে আজিৰ এই বিক্ষিপ্ত অপৰাধসমূহ কাইলৈ নিৰাময়হীন সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হ’ব। সময় থাকোঁতেই পৰিয়াল, শিক্ষা প্রতিষ্ঠান আৰু সমাজে একত্রিত হৈ নতুন প্রজন্মক সঠিক দিশ দৰ্শন কৰাবই লাগিব।