Sunday, August 9

বানৰ শেষত ৰৈ যোৱা এক উকা হৃদয়

বানৰ প্ৰথমটো ঢৌ অহাৰ পৰা আজিৰ দিনটোলৈকে অসমৰ পৰিস্থিতি কেৱল সংকটজনক হৈ থকা নাই, ই এক আটাইতকৈ হৃদয়বিদাৰক চৰম বিপৰ্যয়লৈ ৰূপান্তৰিত হৈছে। গুৱাহাটীৰ বুকুৰ পৰা আৰম্ভ কৰি লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাসমূহত পানীৰ ভয়াৱহতা আজিলৈকে কমা নাই। প্ৰতিদিনে মোবাইল, টিভিৰ পৰ্দাত যিবোৰ দৃশ্য আমাৰ চকুৰ আগত ভাঁহি উঠিছে, সেয়া দেখিলে শিহৰিত হৈ উঠে বুকু। এটা বা দুটা প্ৰজন্মই মূৰৰ ঘাম মাটিত পেলাই জীৱনৰ সমগ্ৰ উপাৰ্জনেৰে যিখন ঘৰ সাজি তুলিছিল, যিবোৰ সপোন ৰচিছিল— সেই সকলোবোৰ মাত্ৰ কেইটামান মিনিটৰ ভিতৰত পানীৰ কালৰূপী সোঁতত বিলীন হৈ গ’ল। হাতত মাত্ৰ কেইটামান মিনিট আছিল— সেই সময়ছোৱাত মানুহে নিজৰ প্ৰাণ বচাব নে ঘৰৰ সম্পত্তি বচাব? পিন্ধি থকা কাপোৰযোৰেৰেই নিজৰ সন্তানক বুকুত বান্ধি মানুহবোৰ ওলাই আহিব লগা হ’ল। মুহূৰ্তৰ ভিতৰতে লহপহকৈ থকা একো একোখন জনবহুল গাঁও এৰাবাৰীত পৰিণত হ’ল, পৰি ৰ’ল কেৱল এক নিস্তব্ধ শূন্যতা। হৈ থকা ঘটনাবোৰ, দৃশ্যবোৰ সহ্য কৰা বৰ কঠিন। কোনোৱাই যদি নিজৰ অবুঝ সন্তানক বচাবলৈ গৈ নিজেই পানীৰ বুকুত বিলীন হৈ গৈছে। ক’ৰবাত আকৌ কোমলীয়া শিশু এটাই পানীৰ মাজত দিশহাৰা হৈ মাকক বিচাৰি হাহাকাৰ কৰিছে। ক’ৰবাত নিজৰ স্বামী বা পৰিয়ালৰ মানুহজনক বিচাৰি ব্যাকুল হৈ পৰিছে কোনোবা নাৰী। ক’ৰবাত আকৌ নিজৰ সপোন গঢ়িবলৈ গোটোৱা কিতাপ-পত্ৰবোৰ পানীত ওপঙি থকা দেখি কোনোবা অবুঝ কিশোৰে উচুপি উঠিছে।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই বান আৰু ভূমিস্খলনত ১২০ জনৰো অধিক মানুহে প্ৰাণ হেৰুৱালে, ২৫ লাখ লোক তথা ৫-৬ লাখ পৰিয়াল চৰমভাৱে নিঃস্ব হৈ পৰিল। মানুহৰ এই মৰ্মান্তিক দুৰ্দশাৰ কথা কোৱাৰ পিছত জীৱ-জন্তুবোৰৰ কথা ক’বলৈ শব্দই নাই। যিবোৰ পোহনীয়া গৰু-ছাগলী মানুহৰ মৰমৰ আশ্ৰয়ত আছিল, সিহঁত পানীৰ বুকুতেই নিঃশব্দে নিঃশেষ হৈ গ’ল। সিহঁতৰ কোনো মাত নাছিল, আৰু সিহঁতৰ মৃত্যুক লৈ কাৰো হিচাপো নাই।যিসকল মানুহে আজি এই যন্ত্ৰণাৰ মাজেৰে দিন পাৰ কৰিছে, তেওঁলোকৰ বুকুৰ জুইখিনি অনুভৱ কৰা আমাৰ কাৰণে হয়তো সম্ভৱ নহয়। কিন্তু দূৰৰ পৰা চাই থকা প্ৰতিজন মানুহৰ বাবেই এয়া চকুৰ পানী ধৰি ৰাখিব নোৱাৰা এক চৰম বেদনা।

এই কঠিন সময়ত আমাৰ নিজৰ মানুহখিনিয়ে যিদৰে সহায়ৰ হাত আগবঢ়াইছে— সেয়াই আমাৰ একমাত্ৰ শক্তি। ড° ভূপেন হাজৰিকাদেৱৰ ‘মানুহে মানুহৰ বাবে’ গীতটোৱে আজি আকৌ মানৱীয়তাৰ প্ৰমাণ দিলে। নামনিৰ পৰা উজনিলৈ সৰু-বৰ সকলো ইনফ্লুৱেনচাৰ, শিল্পী, সাংবাদিকৰ উপৰিও সাধাৰণ ল’ৰা ছোৱালীবোৰেও নিজৰ সাধ্যানুসৰি পানী, খাদ্য আৰু পথৰ জীৱ-জন্তুবোৰৰ বাবে সহমৰ্মিতাৰ হাত আগবঢ়াইছে। এয়াই আমাৰ প্ৰকৃত অসমৰ অসমীয়াগিৰী, য’ত মানুহে মানুহৰ বাবে নিজক উজাৰি দিয়ে। কিন্তু মনত বৰ ক্ষোভ থাকি যায় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰম উদাসীনতাক লৈ। লাখ লাখ মানুহৰ ঘৰ-দুৱাৰ, সপোন আৰু আপোন মানুহবোৰ শেষ হৈ যোৱাৰ পিছতো ৰাষ্ট্ৰীয় চেনেলবোৰত এই বিপৰ্যয়ৰ কোনো স্থান নাই। অসম কি ভাৰতবৰ্ষৰ মানচিত্ৰৰ অংশ নহয়? অসমৰ এই চকুৰ পানী কেৱল এখন ৰাজ্যৰ সমস্যা নহয়, ই এক ৰাষ্ট্ৰীয় দুৰ্যোগ। ৰাষ্ট্ৰীয় মাধ্যমে যিমানেই মৌন দৰ্শকৰ ভূমিকা পালন নকৰক কিয়, আমি অসমীয়াই ইজনে সিজনৰ হাতত হাত ধৰি এই হৃদয়বিদাৰক ধুমুহাৰ বিৰুদ্ধে যুঁজি যাম আৰু আমাৰ ধ্বংস হৈ যোৱা সপোনবোৰ পুনৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *