Monday, June 16

Author: Himadri

সন্তানক নিজৰ মতে আগবাঢ়িবলৈ দিয়ক

সন্তানক নিজৰ মতে আগবাঢ়িবলৈ দিয়ক

Article
প্ৰতিগৰাকী মাক দেউতাকৰ বাবে নিজৰ সন্তানগৰাকী অতি মৰমৰ হয়। নিজৰ সন্তানে যি বিচাৰে, যেনেকৈ বিচাৰে সেয়া দিবলৈ প্ৰতিগৰাকী মাক- দেউতাকেই যতপৰোনাষ্ঠি চেষ্টা কৰে। নিজৰ সন্তানৰ মঙ্গল হোৱাটো প্ৰতিগৰাকী অভিভাৱকৰে কামনা। নিজৰ সন্তানে সকলো দিশতে সফলতা অৰ্জন কৰাতো প্ৰতিগৰাকী মাক দেউতাকেই বিচাৰে। অভিভাৱকসকলে প্ৰায়ে ল’ৰা-ছোৱালীক প্ৰেৰণা দিয়াৰ আশাত শৈক্ষিকভাৱে ঠেলি দিয়ে। যেতিয়া পিতৃ-মাতৃৰ আশা পূৰণৰ ওপৰত মৰম আৰু অনুমোদনৰ চৰ্ত থাকে, তেতিয়া ল’ৰা-ছোৱালীয়ে প্ৰায়ে আঁতৰি যাবলৈ আৰম্ভ কৰে। তেওঁলোকে নিজৰ প্ৰকৃত অনুভৱ লুকুৱাই ৰাখিবলৈ ধৰে আৰু মাক দেউতাক অথবা জেষ্ঠজনৰ পৰা সহায় বিচৰাৰ পৰা বিৰত থাকে। সাধাৰণতে দেখা যায় যে অধিক নিয়ন্ত্ৰণকাৰী পিতৃ-মাতৃ থকা শিশুৱে আচলতে স্কুলত বেয়া হোৱাৰ প্ৰৱণতা থাকে। অভিভাৱকৰ চাপ হৈছে এক প্ৰকাৰৰ আৱেগিক চাপ যিটো ছাত্ৰই অনুভৱ কৰে যেতিয়া তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ওপৰত চৰম মান...
এয়াই নতুন বছৰ

এয়াই নতুন বছৰ

Feature
এয়া ব'হাগ। ব'হাগ মানেই নতুনত্ব, ব'হাগ মানেই সৌন্দৰ্য। ব'হাগৰ মাহ হয় বসন্ত ঋতুত। ব'হাগ মানেই ব'হাগ বিহু বা ৰঙালী বিহু। এই ব'হাগ বিহুত অনেক ৰং- ধেমালি কৰা হয় বাবে, ইয়াক ৰঙালী বিহু বোলা হয়। ব'হাগ মাহতেই গছ-লতা, তৰু-তৃণে কুঁহিপাত মেলে, মানুহেও নতুন সাজপাৰ পিন্ধে, প্ৰকৃতিয়ে ৰূপ সলায়, চৰায়েও নিজৰ সুন্দৰ ৰূপ প্ৰদৰ্শন কৰে। কুলি, কেতেকীৰ শুৱলা কণ্ঠত আমাৰ আশা, উৎসাহ জাগি উঠে। কামিনী কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙীন ৰঙত ব'হাগী মনে মৰমৰ গীত গুণগুণায়। বিহুগীত, হুঁচৰিগীতেৰে চৌদিশ উখল-মাখল হৈ আনন্দেৰে ভৰি পৰে। এনেদৰেই অসমীয়াই নৱবর্ষক আদৰণী জনায়। এই বিহু কেতিয়াৰ পৰা সৃষ্টি হ'ল বুলি ক'লে সঠিককৈ কোৱা অসম্ভৱ যদিও মূলত কৃষিৰ সৈতে সংগতি ৰাখি এই আনন্দোৎসৱৰ উদ্ভাৱন হোৱা বুলি ক'ব পাৰি। যাৰ অন্তৰালত সম্ভাৱনাৰ গভীৰ ৰহস্য নিহিত হৈ থাকে। বিহুক বাদ দি অসমীয়াই অসমীয়া জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু গৌৰৱৰ কথা ভাবিব নোৱাৰ...
অসম সাহিত্য সভা অধিবেশন

অসম সাহিত্য সভা অধিবেশন

Feature
১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হয়। সভাৰ প্রথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি ভূমিকা গ্রহণ কৰি আহিছে সেয়া অতুলনীয়। অসম সাহিত্য সভা শতবর্ষ পুৰণি অনুষ্ঠান।এইবাৰ ২০২৫ বৰ্ষটো অসমৰ বজালী জিলাৰ পাঠশালা চহৰত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন সুকলমে সমাপ্ত হয়। পাঠশালাত এইবাৰ দ্বিতীয় বাৰৰ বাবে এই অধিৱেশন অনুস্থিত হয়। ইয়াৰ পূৰ্বে ১৯৮৭ চনত এই অধিৱেশন সেই একেই ঠাইতে অনুস্থিত হৈছিল যদিও এইবাৰৰ অসম সাহিত্য সভা সম্পূৰ্ণ পৃথক। ৩১ জানুৱাৰী, ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী মুঠ পাঁচ দিনীয়া কাৰ্যসূচীৰ কিছু ব্যতিক্ৰমী ধৰণে এই অধিৱেশন পাৰ হয়। প্রতিদিনে লাখ লাখ মানুহৰ সমাৱেশ ঘটে এইবাৰৰ পাঠশালাৰ অসম সাহিত্য সভাত। অসমীয়া গদ্য স...
এয়া সপোনৰ নগৰী

এয়া সপোনৰ নগৰী

Feature
বহুতৰে সপোনৰ নগৰী হ'ল কৃষ্ণচূড়া নগৰী। উত্তৰ পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয় । প্ৰায় পাঁচ হাজাৰতকৈও অধিক ল'ৰা- ছোৱালীয়ে সপোনৰ পিছত দৌৰি আছে এই বিশ্ববিদ্যালয়ত। প্ৰতি বছৰে হাজাৰ হাজাৰ ল'ৰা- ছোৱালী আহে এই নগৰীত, লগত ককবকাই লৈ আহে কেইটামান সপোনৰ টোপোলা। বহুতে এই সপোনৰ টোপোলাৰ ওজন আৰু বঢ়াই লৈ ওলাই যায় আৰু আন বহুতে গমকে নাপায় কেতিয়ানো এই ওজন ক'ৰবাত হেৰাই যায়। এই বিশ্ববিদ্যালয়ে বহুতকে বহুতো কথা শিকায়, কোনোবাই যদি জীৱন জীয়াৰ শিক্ষা পায় কোনোবাই আকৌ প্ৰেমৰ ৰং বিৰঙি শিক্ষা পায়। কোনোৱে ইউনিভাৰ্ছিটিখনৰ প্ৰেমত পৰি নিজৰ আনুষ্ঠানিক শিক্ষাৰ বাট ইয়াতেই বঢ়াই গৈ থাকে আৰু কোনোৱে এই ইউনিভাৰ্ছিটিৰ চিনাকিৰেই দেশ বিদেশে ঘূৰি ফুৰে। কোনোৱে যদি জীৱনসংগীৰ সংজ্ঞা বিচাৰি পায় কোনোবাই আকৌ এই সংজ্ঞাৰ অৰ্থ হেৰাই পেলাই। মেঘালী, চেনিপুল, বিশাল ষ্টোৰ..... এইবোৰ ইউনিভাৰ্ছিটিখনৰ...
AI Tools are reducing human-centric jobs

AI Tools are reducing human-centric jobs

Feature
Artificial intelligence (AI) has become an integral part of our lives. AI tools are significantly faster than humans in various tasks due to their ability to rapidly process and analyze large amounts of data. For example if a human have to translate 1000 sentences from English to Spanish it can take a human being 5 -10 hours (depending on the expertise of the translator), but doing the same thing by AI takes 1-10 seconds. This shift has made jobs across industries less human-centric. Similarly, robots and automated systems now control assembly, welding, and quality checks in factories. For example, Tesla uses robots to manufacture cars, increasing efficiency and cutting costs. Using robots results in less labor required for repetitive tasks. We all know that humans make mistakes, but robot...
নাৰীৰ শত্ৰু কোন

নাৰীৰ শত্ৰু কোন

Feature
আমি সকলোৱেই এষাৰ কথা কেতিয়াবা নহয় কেতিয়াবা শুনিছোঁ, যে 'নাৰীয়ে নাৰীৰ শত্ৰু' । কথাষাৰ কিমানলৈ সঁচা বা মিছা সেয়া হয়তো আমি কেতিয়াও অনুকীয়াই চোৱা নাই। "নাৰীয়ে নাৰীৰ শত্ৰু" বাক্যাংশটোৱে এটা জটিল বিষয়ক অতি সৰল কৰি তুলিছে। সকলো কথাৰে যিহেতু বেয়া আৰু ভাল দুটা দিশ থাকে গতিকে এইষাৰ কথাৰো দুটা দিশ আছে। সাধাৰণতে এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ হোৱালৈ নাৰী জাতিটোক অনুসৰণ কৰিয়েই ডাঙৰ হয়। সৰু ছোৱালী এজনীৰ সৰুৰ পৰা ওচৰত থকা নাৰী গৰাকীয়েই তাইৰ আদৰ্শ স্বৰূপ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা যায় যে ছোৱালীবোৰৰ বন্ধুত্ব ল'ৰাবোৰৰ বন্ধুত্বৰ দৰে নহয়। নাৰীয়ে নাৰীক যিমান হিংসা কৰে সিমান হিংসা ভাৱ পুৰুষৰ মাজত নাথাকে। এজনী মাহেকীয়া হ'বলৈ আৰম্ভ হোৱা ছোৱালীক তাইৰ ঘৰত থকা আন মহিলাসকলে যিমান অপবিত্ৰ বুলি শিকাই প্ৰকৃততে মাহেকীয়া ইমান অপবিত্ৰও নহয়। তেনেদৰেই এগৰাকী বিধৱা মহিলাক আন মহিলাসকলে যিমান অৱহেলা কৰে...
Alcohol injuries your health

Alcohol injuries your health

Article
Alcohol, especially ethanol, is a psychoactive substance that affects the central nervous system (CNS). When drinking alcohol, it is absorbed into the bloodstream and spread throughout the body. Alcohol is metabolized by the liver and broken down into acetaldehyde which is then converted to acetate and finally excreted. The effects of alcohol on the CNS are complex and multifaceted. For millennia, drinking alcohol has been an integral part of human culture, playing a significant role in traditions, ceremonies and daily life all over the world. From ancient Egyptian rituals to modern social events, alcohol has been both celebrated and vilified. While moderate consumption of alcohol can be a source of pleasure, relaxation and social bonding, excessive or chronic use can have many adverse eff...
চকুপানীও কেতিয়াবা ভাল

চকুপানীও কেতিয়াবা ভাল

Article
চকুপানী হ'ল এক মোহৰ আচৰণ। চকুপানী শব্দটোৱে আমাক সাধাৰণতে দুখৰ কথাই মনত পেলায়। কিন্তু কেতিয়াবা কান্দোন এটা ভাল কথাও হ’ব পাৰে কাৰণ ই তীব্ৰ আৱেগৰ মুক্তিৰ পথ হিচাপে কাম কৰে। চকুপানীয়ে মানসিক চাপ কমোৱাত সহায় কৰে। পিছে এই চকুপানীক আকৌ আমি মানুহবোৰেই লিংগভেদে ভাগ কৰিছো। কাৰণ সৰুৰে পৰা আমি এটা কথা অনুধাৱন কৰিয়েই ডাঙৰ হওঁ যে ছোৱালীয়ে চকুপানী টুকা কথাটো যিমানেই সাধাৰণ, ল'ৰা মানুহে চকুপানী টুকা কথাটো কিন্তু সিমানেই অসাধাৰণ। কিয় ? কিয় বাৰু ল'ৰাবোৰক মনৰ আৱেগ উজাৰিবলৈ উচিতভাৱে শিকোৱা নহয়? কান্দোনে মানুহৰ শক্তিশালী আৱেগক প্ৰক্ৰিয়াকৰণ আৰু মুক্ত কৰাত সহায় কৰে, যাৰ ফলত মানুহে কন্দাৰ কিছু সময়ৰ পিছতে ভাল অনুভৱ কৰিব পাৰে। ২০১৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে কান্দিলে মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে আত্মশান্তিদায়ক প্ৰভাৱ পাৰে। সেই অধ্যয়নত ব্যাখ্যা কৰা হৈছিল যে কান্দিলে কেনেদৰে পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম...
ধৰ্ষণৰ মহাব্যাধিক প্ৰতিৰোধ কৰিবই লাগিব

ধৰ্ষণৰ মহাব্যাধিক প্ৰতিৰোধ কৰিবই লাগিব

Article
ভাৰতত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা চতুৰ্থটো অপৰাধ হৈছে ধৰ্ষণ। এই ধৰ্ষণৰ খবৰ আমি প্ৰায় সদায়েই পাওঁ, ধৰ্ষণ শব্দটোৰ ভয়াবহতা সকলো মানুহৰে মনত সোমায় আছে। এদিন কাৰোবাৰ ধৰ্ষণ হয় আৰু সকলোৱে লগ হৈ প্ৰতিবাদ কৰে, আন্দোলন কৰে আৰু তাৰ কিছুদিন পিছত সকলো কথা আগৰ দৰে সাধাৰণ ভাৱে চলি থাকে। আজিকালি কেতিয়াবাটো এনেকুৱাও হয় যে বহুত ডাঙৰকৈ অথবা বহু দিন ধৰি চলি থকা বাতৰিত পোৱা ধৰ্ষণ কাণ্ডবোৰক এৰি বাতৰিত নোপোৱা ধৰ্ষণ কাণ্ডবোৰৰ কথা আমাৰ মানু্হবোৰে গুৰুত্বই নিদিয়ে। সেইবোৰ শুনিলে এনেকুৱা লাগে যেন ধৰ্ষণৰো শ্ৰেণবিভাজন কৰা হৈছে, ধৰ্ষণৰ ঘটনাবোৰো যেন কম বেছি পৰিমাণৰ প্ৰচাৰৰ সৈতে জৰিত হৈ পৰিছে। ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি শ শ মানুহে আন্দোলনৰ কাৰ্যসূচী হাতত লয় কিন্তু লাজৰ কথা যে সেই আন্দোলনকাৰীৰ মাজতো বহুতো ধৰ্ষণকাৰী সোমায় থাকে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (NCRB) ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,...
সাধুকথাবোৰ জীয়াই ৰাখক

সাধুকথাবোৰ জীয়াই ৰাখক

Feature
কিতাপৰ মহত্ত্ব আমাৰ জীৱনত কিমান সেয়া আমি সকলোৱে জানো। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা সময়ত পঢ়া কিতাপৰ বাহিৰেও আন বহুতো কিতাপ আছে যিয়ে আমাক জ্ঞান দিয়ে, যিবোৰ পঢ়ি আমি নিজকো ভালে ৰাখিব পাৰো। কিন্তু এই কিতাপ পঢ়াৰ অভ্যাস আমি এতিয়া খুব কমেই দেখিবলৈ পাওঁ। কিতাপৰ অৰ্থয়ে হ'ল জ্ঞানৰ ভঁৰাল। কোনো কিতাপেই কোনো লিখকৰ বাবে বেয়া নহয়। কিতাপৰ ভাল বা বেয়া বুলি কোনো শ্ৰেণবিভাজন নাথাকে অথবা থাকিবও নালাগে। তথাপিও বৰ্তমানৰ প্ৰজন্মৰ মাজত এনে অভ্যাস থকা ল'ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ ল'ৰা- ছোৱালীলৈ কিতাপ আৰু মোবাইল ফোনৰ মাজৰ বাছনিত মোবাইলৰ পাল্লাখনহে ভৰি থাকিব। ইয়াত অৱশ্যে অভিভাৱকসকলৰো একেবাৰে দোষ নথকা নহয়। সন্তান এটা জন্ম হোৱাৰ পিছত তাক খুৱাবলৈ, শুৱাবলৈ সকলো কামতে বাৰু মোবাইল ফোনৰ সহায় লোৱাটো প্ৰয়োজন নেকি? আগৰ দিনত অভিভাৱকসকলক খাদ্য খুৱাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন নহৈছিল। ...