স্মাৰ্টফোনে কাঢ়ি নিছে নেকি শৈশৱৰ ৰং
বৰ্তমানৰ যান্ত্ৰিকতাৰ পৃথিৱীত আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আহিলাবিধেই হ’ল স্মাৰ্টফোন , যাক আমি অতি সহজে হাতত লৈ ঘূৰি ফুৰিব পাৰো ।এই স্মাৰ্ট ফোনৰ জৰিয়তে আমি যিকোনো কাম অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতেই ঘৰত বহিয়েই কৰিব পাৰো। সেয়ে স্মাৰ্ট ফোনটো হৈ পৰিছে আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। আজিকালি যিহেতু অধিকাংশ কাম অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হয় গতিকে এই ক্ষেত্ৰতো স্মাৰ্ট ফোনটোৰ ভূমিকা শলাগ লবলগীয়া । এই স্মাৰ্ট ফোনটোৰ জৰিয়তেই আমি যিকোনো নজনা কথা মূহুৰ্ততেই জানিব পাৰো। ইয়াৰোপৰি যোৱা প্ৰায় দুবছৰ ধৰি কভিডসৃষ্ট পৰিবেশত সৰুৰ পৰা ডাঙৰলৈ সকলো ছাত্ৰ – ছাত্ৰীয়ে অনলাইন যোগেদিয়েই শিক্ষাগ্ৰহণ কৰাৰ লগতে পৰীক্ষাও দিব লগা হৈছিল আৰু লগতে নতুনকৈ বিদ্যালয়লৈ যাব লগা সৰু সৰু ল’ৰা-ছোৱালীবোৰে বিদ্যালয়ৰ মুখ নেদেখাকৈয়ে অনলাইন অৰ্থাৎ ভিডিও অডিওৰ যোগেদিয়েই শিক্ষাগ্ৰহণৰ আৰম্ভণি কৰিব লগা হৈছিল । সৰু ল’ৰা-ছোৱাল...
