হেৰাই যাব নেকি অসমীয়াৰ বিয়াৰ পৰম্পৰাবোৰ
আধুনিকতাৰ নামত আমি আমাৰ শিপা পাহৰি যোৱাটো বৰ্তমান সঁচাকৈয়ে এটা চিন্তনীয় বিষয়। আমাৰ সংস্কৃতিবোৰ ক'লৈ গ'ল? অসমীয়া বিয়াৰ নিয়মবোৰ ক'লৈ গ'ল? এতিয়া বিয়াবোৰ দেখিলে ভয় লাগে। এবুকু ধাৰত পোত গৈ কেনেকৈ ফেৰ মাৰিম এই যুগত। অনা অসমীয়া সংস্কৃতিৰে ভৰি পৰিছে সকলো। আমাৰ নিজস্বতা হেৰাই গৈছে। জোৰণ আৰু বিয়া দুদিনীয়া কাৰ্য্যসূচীৰে সমাপ্ত হোৱা বিয়া এতিয়া কোনেও নাপাতে। হাল্ডি, মেহেন্দী, সংগীত আৰু যে কত কি কি অনুষ্ঠান। বাহিৰৰ সংস্কৃতিবোৰ আমি বৰ ভাল পাওঁ, তেনেকুৱা কামবোৰ কৰিব পাৰিলে সমাজত আৰু অলপ ওপৰত থকা যেন অনুভৱ হয়। কিন্তু তেনেকৈ আমাৰ সংস্কৃতিবোৰ বাৰু কোনোবাই আঁকোৱালি লৈছেনে? কেতিয়া এই অনা অসমীয়া নিয়মবোৰে অসমীয়া নিয়মবোৰক গ্ৰাস কৰি পেলালে আমি গমকে নাপালোঁ। গাঁৱৰ বিয়াবোৰতকৈ চহৰৰ বিয়াবোৰ আৰু ভয় লগা। আজিকালি প্ৰায় ভাগ পৰিয়ালৰে সদস্য খুব কম। মাক দেউতাকৰ এটাই ল'ৰা বা এজনীয়েই ছোৱালী বুলি ভাবি ...








