দেওলাংখুই
সাধাৰণতে ঐতিহাসিক ঘটনাৰ কিতাপবোৰ পঢ়াত মোৰ নিচা অলপ অন্য কিতাপতকৈ কম আছিল। কিন্তু এই কিতাপখনে মোৰ সেই ধাৰণাও সলনি কৰি পেলালে। কিতাপখনত থকা ঘটনাবোৰ চকু সম্মুখত দেখি থকা যেন লাগিল। উপন্যাসখনত ইমানটা প্ৰজন্মৰ কাহিনী সংলগ্ন হৈ থাকিলেও অলপ সময়ৰ কাৰণেও পঢ়ি থকা সময়ত আমনি লগা নাছিল, কাৰণ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকটো চৰিত্ৰ ইটোৱে সিটোৰ সৈতে জড়িত। উপন্যাসখনত থকা প্ৰতাপচন্দ্ৰ, ৰাজমাতা, সগৰ, চন্দ্ৰপ্ৰভা, বকুলি, সাধুকুমাৰ, কনচাৰি, সোণজিৰা, আৰিমত্ত, চামল, গংগাৱতী, ৰত্নাৱলী, ৰত্নসিংহ, জকাংক, সুকমোলা, বাডচা ৰজা, ধনেশ্বৰ আদি প্ৰতিটো চৰিত্ৰই পাঠকক জীৱনৰ বাটত প্ৰয়োজন হোৱা শিক্ষা দিব বুলি মই ভাবোঁ।
চন্দ্ৰপ্ৰভাৰ জীৱনৰ প্ৰতিটো এন্ধাৰ প্ৰহৰত বুকুখন কপি উঠিছিল, চকুৰ দৃষ্টি অস্পষ্ট হোৱাৰ আগমূহুৰ্তত গলত কিবা হেঁচা অনুভৱ কৰিছিলোঁ। অলপ ভুল বুজাবুজিৰ বলি হৈ প্ৰতাপচন্দ্ৰই খঙত লোৱা সিদ্ধান্তৰ বাবে তেওঁ আজীৱন ক...





